বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কৰ্পূৰ
কৰ্পূৰ (Camphor) মমৰ দৰে, ৰংহীন কঠিন পদাৰ্থ আৰু ইয়াৰ সুগন্ধি প্ৰবল। ইয়াক টাৰ্পিন’ইড আৰু চক্ৰীয় কিট’ন হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইয়াক পূব এছিয়াত পোৱা বৃহৎ চিৰসেউজ গছ কৰ্ফৰ লৰেল (Cinnamomum camphora)ৰ কাঠত আৰু দক্ষিণ-পূব এছিয়াৰ পৰা অহা ওখ কাঠৰ গছ কাপুৰ গছত (Dryobalanops sp.)পোৱা যায়।
-
গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি
গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি বা Dynamic Stochastic General Equilibrium Model সমষ্টিবাদী অৰ্থনীতিৰ এনে গাণিতিক আৰ্হি য'ত অৰ্থনৈতিক বৃদ্ধি, ব্যৱসায় চক্ৰ আৰু অৰ্থনৈতিক নীতিৰ প্ৰভাৱ আদিক সাধাৰণ সাম্যাৱস্থা তত্ত্ব আৰু ব্যষ্টিবাদী অৰ্থনীতিৰ আধাৰত বুজাবলৈ চেষ্টা কৰা হয়।
-
টোপনি
টোপনি (Sleep) হ’ল মানসিক আৰু শাৰীৰিক ক্ৰিয়া-কলাপ হ্ৰাস পোৱা অৱস্থা, য’ত চেতনাৰ পৰিৱৰ্তন ঘটে আৰু কিছুমান সংবেদনশীল কাৰ্য্যকলাপ বাধাপ্ৰাপ্ত হয়। টোপনিৰ সময়ত পেশীৰ কাৰ্য্যকলাপ আৰু চাৰিওফালৰ পৰিৱেশৰ সৈতে পাৰস্পৰিক ক্ৰিয়া লক্ষণীয়ভাৱে হ্ৰাস পায়।
-
নাৎছীবাদ
নাৎছীবাদ (Nazismus,; Nazism, ), আনুষ্ঠানিকভাৱে জাতীয় সমাজবাদ, (Nationalsozialismus, ) হৈছে জাৰ্মানীৰ এডল্ফ হিটলাৰ আৰু নাৎছী পাৰ্টীৰ সৈতে সম্পৰ্কিত এক অতি-সোঁপন্থী, অতিজাতীয়তাবাদী আৰু সৰ্বাত্মকবাদী মতাদৰ্শ। হিটলাৰৰ ক্ষমতালাভৰ সময়ত ইয়াক প্ৰায়ে হিটলাৰবাদ বুলি কোৱা হৈছিল।
-
পানামা খাল
পানামা খাল (Panama Canal, Canal de Panamá) হৈছে পানামাত অৱস্থিত ৭৭.১ কি:মি: দৈৰ্ঘ্যৰ এটা খাল যি আটলান্টিক মহাসাগৰৰ সৈতে প্ৰশান্ত মহাসাগৰক স্ংযোগ কৰিছে। এই খালটি খন্দাৰ কামটো ১৮৮১ চনতে ফ্ৰাঞ্চে আৰম্ভ কৰিছিল যদিও প্ৰযুক্তিগত অসুবিধাৰ কাৰণত সফল নহ’ল।
-
ফ্ৰেইজা
ফ্ৰেইজা (ইংৰাজী: Freyja) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ এগৰাকী দেৱী। ফ্ৰেইজাক প্ৰেম, সৌন্দৰ্য্য, উৰ্বৰতা, যৌনতা, যুদ্ধ, সোণ আৰু ছেইড্ৰ (seiDr; ভৱিষ্যত দেখা আৰু প্ৰভাৱিত কৰাৰ বাবে যাদু)ৰ সৈতে জড়িত এগৰাকী দেৱী হিচাপে বৰ্ণনা কৰা হয়।
-
বন্য শিশু
বন্য শিশু (বনৰীয়া শিশু বুলিও কোৱা হয়) হৈছে এনে এজন ব্যক্তি যিয়ে অতি কম বয়সৰপৰাই মানুহৰ সংস্পৰ্শৰপৰা বিচ্ছিন্ন হৈ বনত বাস কৰি আহিছে; যাৰ ওপৰত মানুহৰ যত্ন, সামাজিক আচৰণ বা ভাষাৰ অভিজ্ঞতা কম বা একেবাৰেই নাই। এনে শিশুৰ প্ৰাথমিক আৰু মাধ্যমিক সামাজিকীকৰণৰ মূল কথাবোৰৰ অভাৱ দেখা যায়।
-
বুঢ়া ডাঙৰীয়া
অসমত প্ৰচলিত লোকবিশ্বাসমতে বুঢ়া ডাঙৰীয়া (Burha dangoria) ভয় ভক্তি আৰু সন্মানবোধ জড়িত থকা এক প্ৰকাৰৰ ডাঙৰীয়া ৷ পৃথিৱীৰ প্ৰায় সকলো দেশতে বিভিন্ন ৰূপত কিছুমান অলৌকিক শক্তি আছে বুলি বিশ্বাস কৰা হয়৷ অসম আদিৰে পৰা তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি জনাজাত৷ তন্ত্ৰ মন্ত্ৰৰ লগতে অসমতো কিছুমান অলৌকিক শক্তি থকাৰ…
-
ব্ৰহ্মচৰ্য
ব্ৰহ্মচৰ্য (ब्रह्मचर्य; IAST: ) হৈছে ভাৰতীয় ধৰ্মসমূহৰ এক আধ্যাত্মিক ধাৰণা, যাৰ আক্ষৰিক অৰ্থ “ব্ৰহ্মৰ সৈতে সংগত আচৰণ” বা “ব্ৰহ্মৰ পথত চলা”। ব্ৰহ্মচৰ্যক মূলতঃ ইন্দ্ৰিয়-নিয়ন্ত্ৰণ আৰু আত্ম-সংযমৰ শৃঙ্খলা হিচাপে বুজোৱা হয়, আৰু যদিও যৌন সংযম ইয়াৰ এটা অংশ, ই কেৱল যৌনতা-বিৰতি নহয়; ই সম্পূৰ্ণ জীৱনশৈলীৰ…
-
ব্ৰহ্মাস্ত্ৰ
ব্ৰহ্মাস্ত্ৰ (সংস্কৃত: ब्रह्मास्त्र) হৈছে এক ঐশ্বৰিক অস্ত্ৰ যাক সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাই সৃষ্টি কৰিছিল আৰু ইয়াৰ অধিক শক্তিশালী ৰূপটো হৈছে ব্ৰহ্মশিৰা অস্ত্ৰ। এইটো হিন্দু ধৰ্মত বৰ্ণিত আটাইতকৈ বিধ্বংসী, শক্তিশালী আৰু অপ্ৰতিৰোধ্য অস্ত্ৰ হিচাপে বিবেচিত।
-
ভাৰত সঞ্চাৰ নিগম লিমিটেড
ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি.এছ.এন.এল (ইংৰাজীত: BSNL) হৈছে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ই ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ দূৰসংযোগ বিভাগৰ মালিকানাধীন। ২০০০ চনৰ ১ অক্টোবৰত ভাৰত চৰকাৰে ইয়াক সংগঠিত কৰে।
-
ভাৰতত পতিতাবৃত্তি
ভাৰতত পতিতাবৃত্তি (Prostitution in India) আইনসন্মত। কিন্তু এই সংক্ৰান্তত কিছু কাৰ্য-কলাপ, যেনে প্ৰকাশ্য স্থানত পতিতা নিয়োগ কৰা, পতিতালয়ৰ আশেপাশে ঘূৰি ফুৰা, পতিতালয় চলোৱা, হোটেলত পতিতাবৃত্তি চলোৱা, শিশু পতিতাবৃত্তি, কূটনীতি কৰা, পতিতাৰ দালালী কৰা আইনমতে অপৰাধ।
-
ভিছা
ভিছা (Visa) বা প্ৰৱেশ পত্ৰ হৈছে এক চৰ্তসাপেক্ষ অনুমতি পত্ৰ যাক এখন দেশে কোনো বিদেশী নাগৰিকক সেইখন দেশত প্ৰৱেশ আৰু অৱস্থান কৰাৰ বাবে দিয়ে। ভিছা শব্দটো আহিছে লেটিন ভাষাৰ charta visa-ৰ পৰা, যাৰ অৰ্থ হৈছে "যিখন কাগজক চোৱা হৈছে"।
-
মঙ্গলবাৰ
মঙ্গলবাৰ হৈছে সোমবাৰ আৰু বুধবাৰৰ মাজৰ দিন। আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি, সোমবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন; সেই অনুসৰি মঙ্গলবাৰ হৈছে সপ্তাহৰ দ্বিতীয় দিন। যদিও বহু পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি দেওবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন, সেয়া অনুসৰি মঙ্গলবাৰ হৈছে তৃতীয় দিন।
-
মহম্মদ হিদয়াতুল্লাহ
মহম্মদ হিদাতুল্লাহ ( ইংৰাজী: Mohammad Hidayatullah জন্ম ১৭ ডিচেম্বৰ ১৯০৫ – ১৮ ছেপ্টেম্বৰ ১৯৯২) ১৯৬৮ চনৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা ১৯৭০ চনৰ ১৬ ডিচেম্বৰলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ১১ সংখ্যক মুখ্য ন্যায়াধীশ আছিল আৰু ১৯৭৯ চনৰ ৩১ আগষ্টৰ পৰা ১৯৮৪ চনৰ ৩০ আগষ্টলৈকে ভাৰতৰ ষষ্ঠ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ…
-
মহেন্দ্ৰনাথ ডেকা ফুকন
মহেন্দ্ৰনাথ ডেকা ফুকন অসমৰ এগৰাকী শিল্পী, কবি আৰু সাংবাদিক হিচাপে পৰিচিত। জন্ম ঃ ১৯০৩ চনত গুৱাহাটীত।
-
মাৰৱা ঠাট
মাৰৱা বা মাৰৱা হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়।
-
মেছ’স্ফিয়াৰ
মেছ’স্ফিয়াৰ (/ˈmɛsəsfɪər, ˈmɛz-, ˈmiːsə-, -zə-/; প্ৰাচীন গ্ৰীক μέσος (mésos) 'মধ্য' আৰু -গোলকৰ পৰা) বায়ুমণ্ডলৰ তৃতীয় স্তৰ, ষ্ট্ৰেট’স্ফিয়াৰৰ পোনে পোনে ওপৰত আৰু তাপমণ্ডলৰ পোনে পোনে তলত থাকে। মেছ’স্ফিয়াৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা হ্ৰাস পায়।
-
মেজি
মেজি হৈছে মাঘ বিহু বা ভোগালী বিহুৰ সৈতে জড়িত এক পৰম্পৰাগত অগ্নি-অনুষ্ঠান আৰু ইয়াৰ বাবে নিৰ্মাণ কৰা কাঠ, বাঁহ, খেৰ, নৰা বা শুকান কলপাতেৰে সজা ওখ আকৃতিৰ গাঁথনি। অঞ্চলভেদে মেজিৰ নিৰ্মাণ-পদ্ধতি আৰু ব্যৱহৃত সামগ্ৰীৰ পাৰ্থক্য দেখা যায়।
-
লাভ জেহাদ
লাভ জেহাদ হৈছে ভাৰতৰ কিছুমান ঠাইত ইছলাম ধৰ্মীসকলৰ বৃহত্তৰ জনসংখ্যাগত বৃদ্ধিৰ কাৰণে হিন্দু মহিলাক জোৰ-জবৰদস্থিকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ উদ্দেশ্যেৰে মুছলমান পুৰুষে নিকাহ কৰোৱা প্ৰথাক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
-
লিংগ সমতা
লিংগ সমতা (Gender equality) বুলিলে কোনো এজন ব্যক্তিয়ে লিংগ (নাবালক ল’ৰা বা ছোৱালী আৰু সাবালক পুৰুষ বা মহিলা) নিৰ্বিশেষে জীৱনৰ সকলো ক্ষেত্ৰতে সম্পদ, সুযোগ আৰু সুৰক্ষা লাভ কৰা, অৰ্থনৈতিক কাম-কাজত অংশগ্ৰহণ আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ সম অধিকাৰক বুজায়।
-
লিঙ্গ ভিত্তিক গৰ্ভপাত
লিঙ্গ ভিত্তিক গৰ্ভপাত বা লিঙ্গ নিৰ্বাচিত গৰ্ভপাত (sex-selective abortion) হৈছে শিশুৰ লিঙ্গৰ ওপৰত আধাৰিত কৰি গৰ্ভধাৰণ সমাপ্ত কৰাৰ অনুশীলন। মহিলা ভ্ৰূণৰ বাছনিমূলক গৰ্ভপাত পৃথিৱীৰ কিছুমান ঠাইত হয় য'ত লʼৰা শিশুক ছোৱালী শিশুতকৈ বেছি মূল্য দিয়া হয়, বিশেষকৈ পূৱ এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত (যেনে…
-
লোককথাভিত্তিক হৰৰ
লোককথাভিত্তিক হৰৰ (Folk Horror) হৈছে হৰৰ ছবি আৰু হৰৰ কল্পকাহিনীৰ এক উপশৈলী যিয়ে লোককথাৰ উপাদানসমূহ ব্যৱহাৰ কৰি আতংকৰ সৃষ্টি কৰে। ইয়াৰ সাধাৰণ উপাদানসমূহৰ ভিতৰত আছে গ্ৰাম্য পৰিৱেশ, বিচ্ছিন্নতা আৰু অন্ধবিশ্বাস, লোকধৰ্ম, পৌত্তলিকতা, বলিদান আৰু প্ৰকৃতিৰ অন্ধকাৰ দিশসমূহ।
-
লোকসভাৰ অধ্যক্ষ
লোকসভাৰ অধ্যক্ষ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাৰ সভা পৰিচালক। সাধাৰণতে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন লোকসভাৰ প্ৰথম বৈঠকত কৰা হয়। তেওঁৰ কাৰ্যকাল ৫ বছৰ। লোকসভাৰ অধ্যক্ষ গৰাকী লোকসভালৈ নিৰ্বাচিত সাংসদ সকলে নিৰ্বাচিত থাকে। সেয়ে সাধাৰণতে শাসক দলৰ বা তেওঁলোকৰ সংযুক্ত মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থীয়ে এই পদবী লাভ কৰে।
-
শইকীয়া
শইকীয়া (Saikia) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।
-
শ্বেতপত্ৰ
শ্বেতপত্ৰ মানে এক তথ্যসমৃদ্ধ প্ৰতিৱেদন, যিয়ে এটা জটিল বিষয়ৰ ব্যাখ্যা আৰু বিষয়টোৰ ওপৰত পৃষ্ঠপোষকৰ দৰ্শন প্ৰতিফলিত কৰে। এই নথি-পত্ৰসমূহৰ উদ্দেশ্য হৈছে পাঠকসকলক কোনো সমস্যা বুজা, কোনো সমস্যা সমাধান কৰা বা সিদ্ধান্ত লোৱাত সহায় কৰা।
-
শ্ৰমণ
শ্ৰমণ (সংস্কৃত: śramaṇa, পালি: samaṇa) হৈছে ভাৰতীয় ধৰ্ম আৰু দৰ্শনত এক ধৰণৰ ত্যাগী, ভিক্ষু বা তপস্বী ব্যক্তি, যাক “উচ্চ বা ধৰ্মীয় লক্ষ্যৰ বাবে পৰিশ্ৰম/তপস্যা কৰা ব্যক্তি” অথবা “সাধনা-নিবিষ্ট অনুসন্ধানী” হিচাপে ব্যাখ্যা কৰা হয়।
-
ষ্টেৰইড
ষ্টেৰইড (steroid) এক জৈৱিকভাৱে সক্ৰিয় জৈৱ যৌগ (organic compound) য'ত এক বিশেষ আণৱিক গাঁথনিৰ চাৰিটা চক্ৰ (ring) থাকে। ষ্টেৰইডৰ দুটা প্ৰধান জৈৱিক কাম আছে: কোষাৱৰণৰ তৰলতাত সালসলনি কৰা এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে; আৰু সংকেত বহনকাৰী অণু হিচাপে। উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰত শতাধিক ষ্টেৰইড পোৱা যায়।
-
সন্তুৰ
ভাৰতীয় সন্তুৰ যন্ত্ৰটো এটা ট্ৰেপিজিয়াম-আকৃতিৰ হেমাৰড ডালচিমাৰ, আৰু এটা ইৰানৰ সন্তুৰৰ পৰিৱৰ্তিত ৰূপ। এই যন্ত্ৰটো সাধাৰণতে আখৰোটৰ কাঠৰে তৈয়াৰ কৰা হয় আৰু ইয়াত ২৫টা সাঁকো থাকে। প্ৰতিটো সাঁকোত ৪টা তাঁৰ থাকে, মুঠ ১০০টা তাঁৰ। ই জম্মু আৰু কাশ্মীৰৰ এটা পৰম্পৰাগত যন্ত্ৰ, আৰু ইয়াৰ উৎপত্তি প্ৰাচীন কালৰ।
-
সম্ভাৱিতা
সম্ভাৱিতা বা সম্ভাৱনা তত্ত্ব হৈছে গণিতৰ এটি শাখা য'ত গণনামূলকভাবে কোনো ঘটনা বা ভৱিষ্যত পৰীক্ষাৰ এটি নিৰ্দিষ্ট ফলাফলত উপনীত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হয়। বিন্যাস তথা সমাবেশ গৱেষণা সম্ভাৱনা নিৰ্ণয়ৰ বাবে উপযোগী। ই পৰিসংখ্যাৰ অন্যতম ভিত্তি।