অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ফেচিয়েল মাস্ক

ফেচিয়েল মাস্ক( Facial Mask) হ’ল মুখ পৰিষ্কাৰ বা ছাল মসৃণ কৰাৰ উদ্দেশ্যে লগোৱা ক্ৰীম বা ডাঠ পেষ্টৰ দ্বাৰা কৰা মুখৰ যতন। মুখৰ মাস্কত প্ৰায়ে খনিজ পদাৰ্থ, ভিটামিন, আৰু ফলৰ পৰা আহৰণ কৰা সাহ, যেনে কেকটাছ আৰু টিয়ঁহ থাকে। শ্বীট মাস্ক হ’ল মুখত মাস্ক লগোৱাৰ বাবে ব্যৱহাৰ কৰা কাগজ, চেলুল’জ বা কাপোৰ।

হালনাগাদ: ৮ জুন ২০২৫ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ফেচিয়েল মাস্ক( Facial Mask) হ’ল মুখ পৰিষ্কাৰ বা ছাল মসৃণ কৰাৰ উদ্দেশ্যে লগোৱা ক্ৰীম বা ডাঠ পেষ্টৰ দ্বাৰা কৰা মুখৰ যতন। মুখৰ মাস্কত প্ৰায়ে খনিজ পদাৰ্থ, ভিটামিন, আৰু ফলৰ পৰা আহৰণ কৰা সাহ, যেনে কেকটাছ আৰু টিয়ঁহ থাকে। শ্বীট মাস্ক হ’ল মুখত মাস্ক লগোৱাৰ বাবে ব্যৱহাৰ কৰা কাগজ, চেলুল’জ বা কাপোৰ।

১৯ শতিকাৰ সময়ছোৱাত আমেৰিকাৰ অহিঅ’ত প্ৰথম ফেচিয়েল মাস্ক আৱিষ্কাৰ কৰিছিল মেডাম ৰ’লীয়ে। ইয়াক "টয়লেট মাস্ক" বা প্ৰথম "ফেচ গ্ল'ভছ" বুলি কোৱা হৈছিল আৰু ইয়াক ছালৰ 'ব্লিচ, বিশুদ্ধ আৰু ৰং সংৰক্ষণ' কৰিবলৈ সক্ষম বুলি বিজ্ঞাপন দিয়া হৈছিল। ১৮৭৫ চনত ইয়াৰ পেটেণ্ট হৈছিল। বিভিন্ন উদ্দেশ্যৰ বাবে বিভিন্ন ধৰণৰ মাস্ক আছে; কিছুমান ছালৰ ছিদ্ৰ পৰিষ্কাৰ কৰাৰ বাবে গভীৰ পৰিষ্কৰণ কৰা হয়। মুখৰ মাস্ক ব্যৱহাৰৰ ফলত হোৱা লাভালাভ হ’ল, মৃত ছাল পুনৰুজ্জীৱিত কৰা, সজীৱ বা সতেজ কৰা। পুৰুষ আৰু মহিলা উভয়ৰে মুখৰ মাস্ক ব্যৱহাৰ কৰিব পাৰি, যদিও বহুলভাৱে বিশ্বাস কৰা হয় যে, ই টান ছিদ্ৰ, ছালৰ উজ্জ্বলতা বৃদ্ধি আৰু মুখৰ ছালৰ বলিৰেখা হ্ৰাস কৰে, মাস্কে এই কামবোৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত গুণমানসম্পন্ন মইশ্ব'ৰাইজিং লোচনতকৈ বেছি ফলপ্ৰসূ হোৱা দেখা পোৱা নাই।১

কিছুমান মাস্ক গৰম পানীৰে ধুই পেলোৱা হয়, আন কিছুমান হাতেৰে আঁতৰোৱা হয়। মাস্ক লগাই থোৱাৰ সময় মাস্কৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে, আৰু ই তিনি মিনিটৰ পৰা ৩০ মিনিট হ’ব পাৰে আৰু কেতিয়াবা গোটেই ৰাতিটোও হ’ব পাৰে।

মৌ এক অতি জনপ্ৰিয় মাস্ক, কাৰণ ই ছাল মসৃণ কৰে আৰু ছালৰ ছিদ্ৰ পৰিষ্কাৰ কৰে। এটা জনপ্ৰিয় ঘৰুৱা উপায় হ'ল২, চকুত টিয়ঁহৰ টুকুৰা লগোৱা।৩ কিছুমানে আচাৰৰ ৰসও ব্যৱহাৰ কৰে।৪

ছালৰ ধৰণ অনুসৰি ফেচিয়েল মাস্ক বাছনি কৰিব লাগে। মাটি আৰু বোকা মাস্ক তেলীয়া ছালৰ লগত খাপ খাই পৰে; ক্ৰীম ভিত্তিক মাস্কে শুকান ছালৰ প্ৰকাৰৰ ক্ষেত্ৰত সৰ্বোত্তম কাম কৰে। উত্তম ফলাফলৰ বাবে কেৱল পৰিষ্কাৰ কৰা ছালতহে মাস্ক ব্যৱহাৰ কৰিব লাগে। চকুৰ অংশত ফাৰ্মিং মাস্ক লগোৱা উচিত নহয় কাৰণ ইয়াৰ ফলত খজুৱতি হ’ব পাৰে।৫

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Karen J. Carlson. (1996). The Harvard Guide to Women's Health. Harvard University Press. পৃ. 574. ISBN 978-0-674-36768-5
  2. ↑ 5 Amazing Homemade Anti-Aging Face Masks
  3. ↑ Joni Loughran. (2002). Natural Skin Care. B. Jain Publishers. পৃ. 113–. ISBN 978-81-7021-995-8
  4. ↑ Leiva, Courtney. (2015-07-14). I Tried Putting A Pickle Juice Toner On My Face. Bustle
  5. ↑ John Toedt; Darrell Koza; Kathleen Van Cleef-Toedt. (2005). Chemical Composition of Everyday Products. Greenwood Publishing Group. পৃ. 31–. ISBN 978-0-313-32579-3

সম্পৰ্কিত শ্ৰেণী

সৌন্দৰ্যতত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেচিয়েল মাস্ক” প্ৰবন্ধৰ সংশোধন ৫১৬৪৪১ (৮ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।