অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জল প্ৰদূষণ

জল প্ৰদূষণ‌‌‍‌ (water pollution) বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানী অবিহনে জীৱই জীৱন নিৰ্বাহ কৰিব নোৱাৰে। এই পানীৰ উৎসসমূহ হ’ল সাগৰ, নদী, হ্ৰদ, পুখুৰী, খাল, বিল, ভূগৰ্ভৰ পানী আৰু জলীয় বাষ্প। খোৱাৰ বাবে উপযোগী পানীত পৰ্যাপ্ত পৰিমাণৰ পৌষ্টিক উপাদান যেনে খনিজ লৱণসমূহ থকাটো প্ৰয়োজন।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৪ ৯০৯ শব্দ · ৫ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

জল প্ৰদূষণ‌‌‍‌ (water pollution) বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানী অবিহনে জীৱই জীৱন নিৰ্বাহ কৰিব নোৱাৰে। এই পানীৰ উৎসসমূহ হ’ল সাগৰ, নদী, হ্ৰদ, পুখুৰী, খাল, বিল, ভূগৰ্ভৰ পানী আৰু ভাপ। খোৱাৰ বাবে উপযোগী পানীত পৰ্যাপ্ত পৰিমাণৰ পৌষ্টিক উপাদান যেনে খনিজ লৱণসমূহ থকাটো প্ৰয়োজন। উল্লেখযোগ্য যে বিশ্বৰ মুঠ প্ৰাকৃতিক খোৱা পানীৰ উৎসৰ শতকৰা ৬০ ভাগ আমেৰিকা যুক্তৰাষ্ট্ৰ(United States America) আৰু কানাডা(Canada)ৰ জলধাৰাসমূহত মজুত আছে। যেতিয়া কোনো প্ৰাকৃতিক কাৰণত নাইবা মানুহৰ কাৰ্যকলাপৰ ফলত জৈৱ, অজৈৱ, নাইবা জৈৱিক (Organic, Inorganic or Biological) কাৰকবোৰৰ প্ৰভাৱত পানীৰ সাধাৰণ গুণাগুণ বিনষ্ট হৈ মানুহৰ গ্ৰহণৰ অনুপযোগী হয় তেতিয়া তেনে পানীক দূষিত পানী আৰু যি পদ্ধতিত পানী দূষিত হয় তাক জল প্ৰদূষণ (Water pollution) বোলা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ১৯৯৩ চনৰ এক সমীক্ষা মতে, ভাৰতৰ সকলো ৰোগৰ শতকৰা ১১ভাগ আৰু সোঁচৰা ৰোগৰ ২১ ভাগ উদ্ভৱ হয় প্ৰদূষিত পানীৰ কাৰণেই বৰ্তমান ভাৰতৰ ৭০% নদী আৰু জান-জুৰিয়ে প্ৰদূষিত পানী বহন কৰি আছে।

জল প্ৰদূষণৰ কাৰণ

যিহেতু পানীয়ে বহুতো জৈৱ আৰু অজৈৱ যৌগ দ্ৰবীভূত কৰিব পাৰে সেইবাবে জল প্ৰদূষণৰ বাবে অতি স্পৰ্শকাতৰ।

ঔদ্যোগিক প্ৰদূষণ কাৰক (Industrial pollution) কল-কাৰখানাৰপৰা নিৰ্গত হোৱা ধাতৱ পদাৰ্থবিলাক বৰষুণৰ পানীয়ে মাটিৰ উপৰিভাগৰ পৰা উটুৱাই নি নৈ, বিল, পুখুৰী নাইবা ডাঙৰ জলাশয় আদিত পেলাই দি পানী প্ৰদূষিত কৰে। কাৰণ এই ধাতৱ পদাৰ্থবিলাকত ক্লৰি’ন, কষ্টিক ছ’ডা, ফেনল, ছায়েনাইড, এম’নিয়া, পাৰা, সীহ, তাম, আৰ্ছেনিক, কেডমিয়াম প্ৰভৃতি বিষাক্ত পদাৰ্থ থাকে। ঔষধ কাৰখানাৰ পৰা নি:সৃত নানাবিধ ৰাসায়নিক পদাৰ্থয়েও পুখুৰী তথা নদীৰ পানী প্ৰদূষিত কৰে।

নগৰীকৰণ (Urbanisation) জনসংখ্যা বৃদ্ধিৰ লগে লগে নগৰীকৰণ বৃদ্ধি হৈ গৈ আছে। চহৰবা নগৰৰ মানুহৰ ঘৰত দৈনিক সৃষ্টি হোৱা আৱৰ্জনাবোৰ প্ৰায়েই নদ-নদী, পুখুৰী আদি জলাশয়ত নিক্ষেপ কৰা হয়। এই আৱৰ্জনাসমূহৰ ভিতৰত প্লাষ্টিক, পলিথিন বেগ, ৰবৰ, ধূলি-বালি, ঘৰচীয়া প্ৰাণীৰ মলমূত্ৰ, কাগজ, ৰন্ধন প্ৰণালীত ব্যৱহাৰ নোহোৱা অলাগতিয়াল পদাৰ্থসমূহ, ঔষধ আদিয়েই প্ৰধান। এইবোৰে পানীত নানা ৰাসায়নিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি পানী দূষিত কৰে ফলত তাত থকা প্ৰাণীৰ মৃত্যু হয়।

Point source pollution – Shipyard – Rio de Janeiro.
Point source pollution – Shipyard – Rio de Janeiro.ছবি: Alex Rio Brazil · Public domain

কৃষিকাৰ্য্যৰ পৰা প্ৰদূষণ (Agricultural pollution) জনসংখ্যা বৃদ্ধিৰ লগে লগে মাটিৰ অভাৱত অলপ মাটিতে অধিক শস্য লাভৰ আশাত নানা ধৰণৰ মাৰাত্মক কীটনাশক, আগাছানাশক (Herbicide) নাইবা সাৰ ব্যৱহাৰ কৰা হয়। শস্যই গ্ৰহণ কৰাৰ পিছত বহুতো ৰাসায়নিক দ্ৰব্য মাটিত ৰৈ যায়। বৰষুণৰ পানীয়ে সেইবোৰ উটুৱাই নি পুখুৰী, নদী, বিল বা আন জলাশয়ত পেলাই পানী দূষিত কৰে।

যান-বাহনৰ দ্বাৰা প্ৰদূষণ (Automobile pollution)

নদী, হ্ৰদ, সাগৰ আদিত চলা যান-বাহন বোৰৰ পৰা ওলোৱা তৈলজাতীয় বিষাক্ত পদাৰ্থই জল প্ৰদূষণ কৰে। যুদ্ধ বিগ্ৰহৰ কাৰণেই হওক বা দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণতেই হওক বহু হাজাৰ টন তেল কঢ়িয়াই অনা তেলবাহী জাহাজ সাগৰত নিমজ্জিত হোৱাৰ কাৰণে সাগৰৰ পানী প্ৰদূষিত হয়।

Muddy river polluted by sediment. Photo courtesy of United States Geological Survey.
Muddy river polluted by sediment. Photo courtesy of United States Geological Survey.ছবি: Public domain

তেজষ্ক্ৰিয় পদাৰ্থৰ দ্বাৰা –প্ৰদূষণ (Radio- active pollution) আনবিক চুলা আৰু পাৰমাণবিক বিষ্ফোৰণৰ ফলত বায়ুমণ্ডলত নানাবিধ তেজষ্ক্ৰিয় পদাৰ্থৰ সৃষ্টি হয়। বৰষুণৰ লগত এই তেজষ্ক্ৰিয় পদাৰ্থবোৰ নদী, হ্ৰদ, সাগৰ নতুবা আন জলাশয়ত পৰি তাৰ পানী প্ৰদূষিত কৰে। সাগৰত কৰা নানাধৰণৰ পাৰমাণবিক পৰীক্ষাৰ ফলতো সাগৰৰ পানী প্ৰদূষিত হয়। তদুপৰি পৰীক্ষাগাৰ, চিকিৎসালয়, আণবিক শক্তিৰ উদ্যোগ আদিৰ পৰা ওলোৱা আৱৰ্জনাটো তেজষ্ক্ৰিয় পদাৰ্থ থাকে। সেয়েহে এই আৱৰ্জনাবোৰ কোনো জলাশয়ত পেলালে তাৰ পানী দূষিত হয়।

The Vermont Yankee Nuclear Power Plant discharges heated water to the Connecticut River.
The Vermont Yankee Nuclear Power Plant discharges heated water to the Connecticut River.ছবি: Nuclear Regulatory Commission · Public domain

তাপীয় প্ৰদূষক (Thermal pollution) নদীৰ ওপৰত গঢ়ি উঠা কিছুমান উদ্যোগত নদীৰ পানী গৰম বস্তু ঠাণ্ডা কৰাত ব্যৱহাৰ কৰা হয়। পিছত গৰম হৈ পৰা এই পানীখিনি পুনৰ নদীত পেলাই দিয়া হয়। এই গৰম পানীয়ে জলজ পৰিবেশ বিনষ্ট কৰি পানী দূষিত কৰে।

A Manhole cover unable to contain a Sanitary sewer overflow.
A Manhole cover unable to contain a Sanitary sewer overflow.ছবি: U.S. Environmental Protection Agency · Public domain

জল প্ৰদূষণৰ প্ৰভাৱ

জল প্ৰদূষণৰ ফলত জীৱজগত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হব পাৰে।

  • খাল, নৰ্দমা, পুখুৰী, বিল, নদী আদিৰ প্ৰদূষিত পানীত অসংখ্য ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া আৰু অণুজীৱৰ সৃষ্টি আৰু বিকাশ হয়। এই পানীৰ দ্বাৰা সংক্ৰমিত প্ৰধান ৰোগসমূহ হ’ল টাইফয়েড, কলেৰা বিভিন্ন ধৰণৰ পেটৰ ৰোগ যেনে – আমাশয়, এমিবিছিছ ইত্যাদি।
  • ঔদ্যোগিক ক্ষেত্ৰৰ পৰা নি:ক্ষিপ্ত হোৱা আৰ্ছেনিক, সীহ, পাৰা আদি প্ৰাণীৰ বাবে ক্ষতিকাৰক আৰু ইয়ে প্ৰাণীৰ স্নায়ুৰোগ সৃষ্টি কৰে।
  • মৃত উদ্ভিদদেহৰ পচনৰ সময়ত যথেষ্ট পৰিমাণে পানী আৰু অম্লজানৰ প্ৰয়োজন হয়। ফলত পানীত থকা অক্সিজেনৰ পৰিমাণ কমি যায় আৰু ইয়ে জলচৰ প্ৰাণীবোৰৰ কাৰণে মৃত্যু কঢ়িয়াই আনে। আনহাতে, মৃত দেহৰ পচনৰ সময়ত হোৱা অতিমাত্ৰা দুৰ্গন্ধই বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে যাৰ ফলত পানীৰ PH ৰ পৰিমাণ সলনি হয়।
  • ডি.ডি.টি, ৰ দৰে কীটনাশকবিলাক পানীত দ্ৰবীভূত নহয় যদিও শৰীৰৰ লিপিড অংশৰ প্ৰতি ইয়াৰ আসক্তি সৰ্বাধিক। এই যৌগবোৰ জীৱৰ দেহত জমা হয় আৰু খাদ্য শৃঙ্খলৰ মাজেৰে এটা প্ৰাণীৰ পৰা আনটো প্ৰাণীলৈ পৰিবাহিত হয়। ডি.ডি.টি.ৰ প্ৰভাৱত চৰাইৰ কণীৰ খোলা পাতল হয়।
  • পাৰা আৰু কেডমিয়াম প্ৰদূষণে মানুহৰ লগতে জীৱ-জন্তুৰ দেহটো নানা ৰোগৰ সৃষ্টি কৰে। কেডমিয়ামে মানুহৰ ইটাই-ইটাই (Itai-Itai) ৰোগৰ সৃষ্টি কৰে। এই ৰোগ হ’লে অস্থিৰ বিষ তথা যকৃত নাইবা হাওঁফাওঁৰ কৰ্কট ৰোগ হয়। ১৯৫২ চনত জাপানৰ ঔদ্যোগিক ক্ষেত্ৰৰ পৰা নিৰ্গত হোৱা পাৰা (কোৰআন)ই প্ৰদূষিত কৰা মিনিমাটা অখ্যাতত (Bay) সাগৰীয় মাছ সেৱন কৰাৰ ফলত মানুহৰ মিনিমাটা ৰোগ (Minimata Disease) হৈছিল। এই ৰোগৰ লক্ষণসমূহ হ’ল –ৰোগীজনৰ ভৰি, ওঁঠ আৰু জিভা ফুলি উঠে আৰু চকুৰ দৃষ্টিশক্তি কমি যায়।
  • ফ্ল’ৰাইডযুক্ত পানী বেছিকৈ সেৱন কৰিলে অস্থি ফ্ল’ৰছিছ ৰোগ হয়।
  • নাইট্ৰেট অতি বিষাক্ত প্ৰদূষক। নাইট্ৰেট যুক্ত পানী সেৱন কৰিলে গৰ্ভজাত শিশুৰ মৃত্যু হয়।

জল প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়

জল প্ৰদূষণ ৰোধ কৰিবলৈ কোনো এটা নিৰ্দিষ্ট ফৰ্মুলা বা আহিলা নাই। কিন্তু নানা ধৰণৰ প্ৰযুক্তিবিদ্যা, নিয়ম আৰু আইনৰ ঐক্যবদ্ধ সহযোগত জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

  • উদ্যোগ, নলা-নৰ্দমা আদিৰ পানীৰ লগত অহা বৰ্জিত দ্ৰব্যসমূ্হ পৃথক্কৰণ প্ৰক্ৰিয়াৰে পৃথক কৰা প্ৰয়োজন। ইয়াৰ পিছত পানীত দ্ৰবীভূত হৈ থকা বিষাক্ত পদাৰ্থ আৰু অনুজীৱবোৰ পৰিশোধন প্ৰক্ৰিয়াৰ (Filtration) দ্বাৰা পৃথক কৰিহে নদী বা পুখুৰীত নিষ্কাশিত কৰিব লাগে।
  • কীটনাশক দৰৱ ব্যৱহাৰৰ পৰিৱৰ্ত্তে কীটৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।
  • গোবৰ গেছ প্ৰকল্প স্থাপন কৰি বৰ্জিত মলমূত্ৰ নাইবা আন আন পদাৰ্থসমূহৰ পুনৰাবৰ্তন কৰা প্ৰয়োজন।
  • প্ৰাকৃতিক পানীৰ উৎসবিলাক ভালদৰে সংৰক্ষণ কৰা উচিত। কল-কাৰখানা সমূহ এই উৎসবিলাকৰ পৰা আঁতৰত থকাটো প্ৰয়োজন।
  • নদ-নদী, পুখুৰী আদিত গা-ধোৱা নতুবা কাপোৰ ধোৱাৰ পৰা বিৰত থাকিব লাগে।
  • বৰষুণৰ পানী খাল নাইবা নলা-নৰ্দমাৰ জৰিয়তে নিৰ্দিষ্ট ঠাইলৈ বৈ যাবলৈ দিব লাগে যাতে ই খোৱা পানীৰ উৎসবিলাক দূষিত নকৰে।
  • বনানীকৰণৰ যোগেদি মাটিৰ খহনীয়া ৰোধ কৰিব লাগে।
  • উদ্যোগসমূহে যাতে বৰ্জিত পদাৰ্থসমূহ পানীত পেলাই পানী প্ৰদূষিত কৰিব নোৱাৰে তাৰ বাবে আইন প্ৰণয়ন কৰিব লাগে।

সম্পৰ্কিত শ্ৰেণী

প্ৰদূষণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জল প্ৰদূষণ” প্ৰবন্ধৰ সংশোধন ৪০৪৭৪৬ (৮ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।