জাৰ্মান শ্বেফাৰ্ড (German Shepherd) হৈছে জাৰ্মানীত উৎপন্ন হোৱা মধ্যমৰ পৰা ডাঙৰ আকাৰৰ কৰ্মৰত কুকুৰৰ এটা প্ৰজাতি। এফ চি আইৰ মতে, প্ৰজাতিটোৰ ইংৰাজী ভাষাৰ নাম জাৰ্মান শ্বেফৰ্ড। প্ৰথম বিশ্বযুদ্ধৰ পিছৰ পৰা ১৯৭৭ চনলৈকে ইউ কেত "এলচেটিয়ান উল্ফ ডগ" হিচাপে জনাজাত এই প্ৰজাতিটো আনুষ্ঠানিকভাৱে নাম জাৰ্মান শ্বেফৰ্ডলৈ সলনি কৰা হৈছিল। ১ বাহ্যিকভাৱে ইয়াৰ নেকড়ে বাঘৰ লেখিয়া চেহেৰা স্বত্বেও, জাৰ্মান শ্বেফৰ্ড হৈছে এক তুলনামূলকভাৱে আধুনিক প্ৰজাতিৰ কুকুৰ, যাৰ উৎপত্তি হৈছিল ১৮৯৯ চনত।
জাৰ্মান শ্বেফৰ্ড কুকুৰ মূলতঃ ভেড়া পালনৰ বাবে বিকশিত কৰা হৈছিল। কিন্তু সেই সময়ৰ পৰা, তেওঁলোকৰ শক্তি, বুদ্ধিমত্তা, প্ৰশিক্ষণযোগ্যতা আৰু আজ্ঞাকাৰীতাৰ বাবে, বিশ্বজুৰি জাৰ্মান শ্বেফৰ্ডসকল প্ৰায়ে বিভিন্ন প্ৰকাৰৰ কামৰ বাবে পছন্দৰ প্ৰজাতি হৈ পৰে। উদাহৰন স্বৰুপে বিকলাঙ্গতাৰ সহায়, অনুসন্ধান আৰু উদ্ধাৰ, আৰক্ষী আৰু সামৰিক ভূমিকা, অভিনয় ইত্যাদি। জাৰ্মান শ্বেফৰ্ড হৈছে আমেৰিকান কেনেল ক্লাবৰ দ্বাৰা দ্বিতীয় সৰ্বাধিক পঞ্জীভুক্ত প্ৰজাতি২ আৰু ব্ৰিটেইনৰ কেনেল ক্লাবৰ দ্বাৰা সপ্তম সৰ্বাধিক পঞ্জীভুক্ত প্ৰজাতি।৩
বিৱৰণ
জাৰ্মান শ্বেফাৰ্ডবোৰ মধ্যমীয়াৰ পৰা ডাঙৰ আকাৰৰ কুকুৰ।৪ মতা কুকুৰ প্ৰজাতিৰ উচ্চতা ৬০-৬৫ চেমি (২৪-২৬ ইঞ্চি) আৰু মাইকী কুকুৰৰ ৫৫-৬০ চেমি (২২-২৪ ইঞ্চি)। ৫৬৭ জাৰ্মান শ্বেফৰ্ডবোৰ ওখতকৈ দীঘল বেছি হয়। তেওঁলোকৰ কপাল গম্বুজযুক্ত, দীঘল বৰ্গ-কটা মুখ আৰু শক্তিশালী হনু আৰু ক'লা নাক থাকে। চকুবোৰ মজলীয়া আকাৰৰ আৰু মুগা। কাণবোৰ ডাঙৰ আৰু থিয় হৈ থাকে, সন্মুখৰ ফালে খোলা। কিন্তু চলাচলৰ সময়ত কাণদুখন প্ৰায়ে পিছলৈ হালি যায়। জাৰ্মান শ্বেফৰ্ডৰ ডিঙি দীঘল হয়, যি দ্ৰুত গতিত চলাচল কৰাৰ সময়ত আৰু অনুসৰণ কৰোঁতে উত্তেজিত হৈ ঠিয় হৈ যায়। নেজটো নোমেৰে জোপোহা হয়। ৬
তথ্যসূত্ৰ
- ↑ Morn 2008, পৃ. 20
- ↑ AKC Dog Registration Statistics
- ↑ Top Twenty Breeds in Registration Order for the Years 2015 and 2016. The Kennel Club
- ↑ (28 October 2011). Can the German Shepherd Be Saved?. ABC News
- ↑ USA German Shepherd Dog Standard. United Schutzhund Clubs of America
- ↑ (23 March 1991). FCI Standard No 166. Australian National Kennel Council
- ↑ (September 1997). Breed Standard For The White German Shepherd Dog. White German Shepherd Dog Club Of America, Inc
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৰ্মান শ্বেফাৰ্ড” প্ৰবন্ধৰ সংশোধন ৬০২২৭১ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।