জাম্বলয়া হৈছে আমেৰিকাৰ লুইজিয়ানা ৰাজ্যত বিকশিত হোৱা এক টেঙা চাউলৰ খাদ্য। এই খাদ্য মূলতঃ মাংস আৰু সাগৰীয় খাদ্যৰ ১ লগত চাউল আৰু মছলাৰ সৈতে মিহলি কৰা শাক-পাচলিৰে গঠিত। এই খাদ্যত আফ্ৰিকা, স্পেইন আৰু ফৰাচীৰ মিশ্ৰিত প্ৰভাৱ দেখা যায়। অৱশ্যে পশ্চিম আফ্ৰিকা আৰু স্পেইনৰ নিজ নিজ দেশত জাম্বলয়া প্ৰস্তুত কৰাৰ নিজস্ব শৈলী আছেে।
ব্যুৎপত্তি
অক্সফৰ্ড কম্পেনিয়ন টু ফুডত উল্লেখ আছে যে জাম্বলয়া শব্দটো সম্ভৱতঃ লুইজিয়ানাত স্পেনিছ শাসনৰ সময়ত দুটা শব্দৰ পৰা আহিছে - জামন (jamón বা গাহৰিৰ মাংস) আৰু পেলা (paella) বা পুলাওৰ পৰা আহিছিল। আন কিছুমান লেখকেও এই ধাৰণাটোৰ সৈতে একমত।২ কিন্তু এণ্ড্ৰিউ চিগালৰ মতে, এই প্ৰস্তাৱৰ সমস্যাটো হৈছে নামটোৰ উৎস গাহৰিৰ মাংসৰ (জামন) ওপৰত। ১৮৪৯ চনৰ পৰা বৰ্তমানলৈকে ৰেচিপিসমূহ পৰ্যালোচনা কৰি এণ্ড্ৰিউ চিগালে কৈছেে যে যদিও গাহৰিৰ মাংস সাধাৰণতে এই প্ৰস্তুতিৰ এক উপাদান, বহুতো ৰেচিপিয়ে ইয়াক বাদ দিয়ে, আৰু লগতে এনেকোৱা পিলাউৰ সংস্কৰণ আছে য'ত গাহৰিৰ মাংস অন্তৰ্ভুক্ত আছে কিন্তু ইয়াক 'জাম্বলয়া' বুলি কোৱা নহয়। অধিক গুৰুত্বপূৰ্ণ ভাৱে,গাহৰিৰ মাংসৰ উপাদানে এই খাদ্য সুস্বাদু কৰে।৩
অক্সফৰ্ড ইংৰাজী অভিধানে ইংগিত দিয়ে যে জাম্বলয়া শব্দৰ অৰ্থ হৈছে চাওলৰ লগত সকলো সানমিহলি কৰা আৰু সেয়েহে চাউলৰ পুলাউ নামটো সংযুক্ত। ১৮৩৭ চনত প্ৰকাশিত এটা কবিতাত শব্দটোৰ প্ৰথম ছপা আবিৰ্ভাৱ হোৱাটোৱে এই কথাৰ সমৰ্থন কৰে।৪ দ্য এনচাইক্লোপিডিয়া অৱ কেজুন এণ্ড ক্ৰিয়েল কুইজিন (২০০৪)ৰ লিখক, লুইজিয়ানাৰ চেফ জন ফ'লছৰ মতে জাম্বলয়া হৈছে ফৰাচী জাম্বন আৰু ইয়োৰুবা য়ায়াৰ পৰা "জাম্বন-আ-লা-য়ায়া" ৰ সংকোচন।৫
উৎপত্তি
জাম্বলায়া হৈছে আফ্ৰিকা আৰু ইউৰোপৰ পৰা উৎপত্তি হোৱা আৰু ঔপনিৱেশিক যুগত লুইজিয়ানালৈ অনা আমেৰিকাৰ খাদ্য।৬ এই খাদ্যৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সাংস্কৃতিক আৰু আঞ্চলিক ভিন্নতা দেখা যায়।৭ বিভিন্ন উৎপত্তিৰ খাদ্যত একে উপাদান কিছুমান ব্যৱহাৰ কৰা হয়। পশ্চিম আফ্ৰিকাত "জ'লফ ৰাইচ" নামৰ চাউলৰ খাদ্য আছে যিটো গৱেষক কাইলা ষ্টুৱেৰ্টৰ মতে ৰঙা চাউল, মাছ, কচু আৰু বিলাহীৰ দ্বাৰা তৈয়াৰী চেনেগালৰ খাদ্য থিবৌডিয়েনৰ পৰা বিকশিত কৰা হৈছে।৮৯১০ লেখক কেলা ফাণ্টো ডিটজেও জাম্বলয়াৰ শিপা জলফ ধানত আছে বুলি কয়।১১ পূৰ্বতে দাসত্বত থকা কৃষ্ণাংগ আমেৰিকাবাসিসকলে জাম্বলায়া বনাইছিল। দাসৰ আখ্যানৰ ওপৰত গৱেষণা কৰা ইতিহাসবিদসকলে এই খাদ্যৰ সম্ভাৱ্য কেৰিবিয়ান আৰু আফ্ৰিকাত উৎপত্তিৰ দিশটো আঙুলিয়ায়।১২ স্মিথচোনিয়ান ইনষ্টিটিউচন ফ'কলাইফৰ এটা প্ৰবন্ধ অনুসৰি, জাম্বালিয়া হৈছে পশ্চিম আফ্ৰিকা, ফৰাচী আৰু স্পেনিছ প্ৰভাৱৰ এক সংমিশ্ৰণ। ঔপনিৱেশিক কালত লুইজিয়ানা অঞ্চলটো ফৰাচী আৰু স্পেনিছসকলৰ দ্বাৰা উপনিবেশ স্থাপন কৰা হৈছিল আৰু ধান খেতিৰ জ্ঞান থকা পশ্চিম আফ্ৰিকাৰ দাস ত্বৰান্বিত আমদানি কৰিছিল। এই ৰন্ধনপ্ৰণাল আফ্ৰিকান-আমেৰিকান, কাজুন আৰু ক্ৰিঅ'ল সম্প্ৰদায় লোকসকলে প্ৰস্তুত কৰি খাইছিল, অৱশ্যে প্ৰতিটো সম্প্ৰদায়ৰ ভিতৰত ব্যঞ্জনটো কেনেদৰে প্ৰস্তুত কৰা হয়।১৩১৪

ইতিহাস
লুইজিয়ানাত পূৰ্বতে দাসত্বত থকা আফ্ৰিকান আমেৰিকানসকলে চাউল, গাহৰিৰ মাংস বা কুকুৰাৰ মাংস, ৰঙা জলকীয়া, পিয়াঁজ, চৰ্বি, নিমখ আৰু জলকীয়াৰ সৈতে খাদ্য হিচাপে জাম্বালয়া তৈয়াৰ কৰিছিল। ১৫আমেৰিকাৰ কৃষ্ণাংগসকলে উত্তৰ আমেৰিকাৰ উপাদান ব্যৱহাৰ কৰি দক্ষিণ আমেৰিকা আৰু পশ্চিম আফ্ৰিকাৰ খাদ্যৰ লগত খাপ খুৱাই লৈছিল। দাসত্বৰ যুগত জীয়াই থাকিবলৈ এই আহাৰ প্ৰস্তুত কৰি খোৱা হৈছিল।১৬

কিছুমান লোককথা আছে যে জাম্বলয়াৰ উৎপত্তি নিউ অৰলিন্সৰ ফ্ৰেন্স কোৱাৰ্টাৰৰ পৰা হৈছে।১৭কিছুমান পণ্ডিতে যুক্তি আগবঢ়ায় যে ই হয়তো স্পেনিছ চাউলৰ খাদ্যৰ স্থানীয় সংস্কৰণ আছিল।১৮১
সামগ্ৰীসমূহ
জাম্বলয়াত পৰম্পৰাগতভাৱে ধোঁৱা ব্যৱহাৰ কৰি ৰন্ধা চচ্চেজৰ লগতে গাহৰিৰ মাংস, কুকুৰা মাংস বা সাগৰীয় খাদ্য যেনে ক্ৰফিছ বা মিছা মাছ আদি অন্তৰ্ভুক্ত কৰা হয়। শাক-পাচলি সাধাৰণতে পিয়াঁজ, বিলাহী, আৰু সেউজীয়া জলকীয়া, ভীমকল, কুঁহিয়াৰ, মৰিচা আৰু হালধিও ব্যৱহাৰ কৰা হয়। মাংস আৰু পাচলি মুগা বৰণিয়া আৰু ভজা হোৱাৰ পিছত, চাউল মছলা আৰু মাংসৰ চুপ যোগ দিয়া হয়, আৰু গোটেই খাদ্যখিনি একেলগে চাউল সম্পূৰ্ণ নিসিজালৈকে ৰন্ধা হয়।
তথ্যসূত্ৰ
- ↑ Brasseaux, Ryan A.; Brasseaux, Carl A. (2014). The New Encyclopedia of Southern Culture: Volume 7: Foodways. UNC Press Books. পৃ. 188. ISBN 978-1-4696-1652-0
- ↑ Sigal, A. (2007). JAMBALAYA BY ANY OTHER NAME. Petits Propos Culinaires, (84).https://www.sigal.org/culinaryhistory/jambalaya/Jambalaya_by_Any_Other_Name.htm
- ↑ Sigal, A. (2007). JAMBALAYA BY ANY OTHER NAME. Petits Propos Culinaires, (84).https://www.sigal.org/culinaryhistory/jambalaya/Jambalaya_by_Any_Other_Name.htm
- ↑ Sigal, Andrew. (2008). Jambalaya By Any Other Name. Culinary history
- ↑ Ann Maloney. (February 15, 2020). This chicken, sausage and shrimp jambalaya is one big pot of crowd-pleasing fun. The Washington Post
- ↑ Kein, Sybil. (2000). Creole: The History and Legacy of Louisiana's Free People of Color. Louisiana State University Press. পৃ. 249. ISBN 9780807126011
- ↑ (2006). The new encyclopedia of southern culture. North Carolina Press. পৃ. 72–73. ISBN 978-1-4587-2176-1
- ↑ McWilliams, Mark. (2017). Offal Rejected and Reclaimed Food: Proceedings of the Oxford Symposium on Food and Cookery 2016. Prospect Books. পৃ. 106–108. ISBN 9781909248557
- ↑ Siciliano-Rosen, Laura. Jambalaya. Britannica
- ↑ Stewart, Kayla. (2019-12-05). 400 Years After the Slave Trade Began, Tracing the Roots of Jambalaya to Jollof. Civil Eats
- ↑ Deetz Fanto, Kelley. How Enslaved Chefs Helped Shape American Cuisine. Smithsonian Magazine. Smithsonian Institution
- ↑ Covey, Herbert; Eisnach, Dwight. (2009). What the Slaves Ate Recollections of African American Foods and Foodways from the Slave Narratives. Bloomsbury Publishing. পৃ. 57. ISBN 9798216164265
- ↑ 1983 Festival of American Folklife Smithsonian Institution National Park Service. Smithsonian Institution
- ↑ Deutsch, Jonathan. (2018). We Eat What? A Cultural Encyclopedia of Unusual Foods in the United States. ABC-CLIO. পৃ. 188. ISBN 9781440841125
- ↑ Slave Narratives of Louisianians Living in Texas. www.mylhcv.com
- ↑ Jambalaya, Gumbo, and the Stews in Between by David Schmich. University of Wisconsin-Madison
- ↑ Bienvenu, Marcelle. (2011-09-15). Jambalaya shows both sides of Creole and Cajun influences. nola.com
- ↑ Wallach, Jennifer Jensen. (2013). How America Eats: A Social History of U.S. Food and Culture. Rowman & Littlefield. পৃ. 66. ISBN 978-1-4422-0874-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাম্বলয়া” প্ৰবন্ধৰ সংশোধন ৪৯৬২৬৪ (২৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।