অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চোৰ্টকিভ দুৰ্গ

চোৰ্টকিভ দুৰ্গ ( Chortkiv Castle) ১৭শ শতিকাৰ আৰম্ভণিতে চেৰেট নদীৰ বাওঁপাৰত ইটা আৰু শিলেৰে নিৰ্মাণ কৰা এটা দুৰ্গ। ইয়াৰ আগতে ১৬শ শতিকাৰ মাজভাগত সেই ঠাইতে এটা কাঠৰ দুৰ্গ আছিল। দুৰ্গটো ভিহনাংকা অঞ্চলত নিৰ্মাণ কৰা হৈছিল। বৰ্তমান ই ইউক্ৰেইনৰ চোৰ্টকিভ চহৰত অৱস্থিত।

হালনাগাদ: ২৩ আগষ্ট ২০২৬ ৫৩৯ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

চোৰ্টকিভ দুৰ্গ ( Chortkiv Castle) ১৭শ শতিকাৰ আৰম্ভণিতে চেৰেট নদীৰ বাওঁপাৰত ইটা আৰু শিলেৰে নিৰ্মাণ কৰা এটা দুৰ্গ।১ ইয়াৰ আগতে ১৬শ শতিকাৰ মাজভাগত সেই ঠাইতে এটা কাঠৰ দুৰ্গ আছিল। দুৰ্গটো ভিহনাংকা অঞ্চলত নিৰ্মাণ কৰা হৈছিল। বৰ্তমান ই ইউক্ৰেইনৰ চোৰ্টকিভ চহৰত অৱস্থিত। ২

ইতিহাস

দুৰ্গটো নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰিছিল ষ্টানিস্লাভ গোলস্কিয়ে। ১৬১২ চনত ষ্টানিস্লাভ গোলস্কিৰ মৃত্যুৰ পাছত দুৰ্গটো তেওঁৰ ভাতৃ, কামেনেটছৰ ৰাজপ্ৰতিনিধি জান গোলস্কিৰ সম্পত্তি হয়। ৩ ১৬১৮ চনত তেওঁৰ বিধৱা জোফিয়া অৱ জামেখুভ গোলস্কিৰ হাতলৈ দুৰ্গটো যায়। পিছত তেওঁ নিজৰ দাবী ত্যাগ কৰাৰ বিনিময়ত দুৰ্গ আৰু চহৰখন ষ্টেফান পোটোটস্কিক গতাই দিয়ে। তাৰ পিছত পোটোটস্কি পৰিয়ালৰ হাতত এশ বছৰতকৈও অধিক সময় দুৰ্গটো আছিল।

দুৰ্গটো শিল আৰু ইটাৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পৰিকল্পনা অনিয়মিত আছিল আৰু তিনিটা স্তম্ভাকাৰ দুৰ্গ-মিনাৰ আছিল। ইয়াৰে এটা বৰ্তমান নাই। দুৰ্গৰ ভিতৰৰ অংশত মালিকসকলৰ ৰাজপ্ৰাসাদ আছিল। দুৰ্গৰপৰা পশ্চিমফালে প্ৰতিৰক্ষা বান্ধ বিস্তৃত হৈছিল। সেই বান্ধৰ শেষত, ৰে'ল ষ্টেচনৰ ওচৰত, আন এটা ভৱনৰ ধ্বংসাৱশেষ আছিল বুলি উল্লেখ কৰা হয়। জনশ্ৰুতি অনুসৰি, দুৰ্গৰ ভূ-গৰ্ভস্থ পথ নদীৰ তলেদি গৈ বিলচে-জোলোতে অঞ্চলত থকা এখন গাঁৱলৈকে বিস্তৃত আছিল। ৪ বহুতো টাটাৰ আক্ৰমণৰ সময়ত দুৰ্গটোৱে প্ৰতিৰোধ কৰিছিল আৰু টাটাৰসকলে ইয়াক দখল কৰিব পৰা নাছিল।

১৬৫৫ চনত পোলেণ্ড-ৰাছিয়া যুদ্ধৰ সময়ত কেইবাদিনো প্ৰতিৰোধ কৰাৰ পাছত পিয়োটৰ পোটোটস্কিৰ নেতৃত্বত থকা দুৰ্গটো লভিভ অভিমুখে যাত্ৰা কৰা কছাক-মস্কোভীয় সেনাই দখল কৰে। ১৬৭০ চনত তুৰ্কীসকলে দুৰ্গটো ঘেৰাও কৰে। ১৬৭২ চনত দুৰ্গটো দখল কৰাৰ পাছত ১৬৮৩ চনলৈকে ই তুৰ্কী পাশাসকলৰ বাসস্থান আছিল। তাৰ পিছত হেটমেন আন্দ্ৰজেই পোটোটস্কিৰ নেতৃত্বত পোলেণ্ডৰ সেনাই দুৰ্গটো পুনৰ দখল কৰে। ইয়াৰ কিছুদিন পাছতে জান তৃতীয় ছোবিয়েস্কি দুৰ্গটোলৈ আহে।

১৮শ শতিকাত দুৰ্গটোৰ দক্ষিণ-পশ্চিম অংশ পুনৰ নিৰ্মাণ কৰা হয়। এই সময়ত মিনাৰবোৰৰ ৰূপ সলনি কৰি তাত পৰ্যবেক্ষণ মঞ্চ নিৰ্মাণ কৰা হয়। ১৭৫০ চনত দুৰ্গটো পোটোটস্কি পৰিয়ালৰ হাতৰপৰা ৰুব্লেভস্কি পৰিয়াললৈ যায়। তাৰ পিছত ই ছাডোভস্কি পৰিয়ালৰ হাতলৈ যায়। ১৮০৯ চনৰ পিছত তেওঁলোকে ইয়াত ধঁপাতৰ গুদাম স্থাপন কৰে আৰু পিছত দুৰ্গটো অষ্ট্ৰিয়াৰ কৰ্তৃপক্ষক ভাড়ালৈ দিয়ে। ১৮১৫ চনৰ পিছত ইয়াত পৌৰ কাৰাগাৰ স্থাপন কৰা হয়। ১৮৬৩ চনত অষ্ট্ৰিয়াৰ কৰ্তৃপক্ষই গালিচিয়াত আটক কৰা জানুৱাৰী বিদ্ৰোহীসকলক ইয়াত বন্দী কৰি ৰাখিছিল।

শেষৰজন মালিক জেৰোম ছাডোভস্কিয়ে৫ ১৮৯৫ চনত মৃত্যুৰ আগতে তেওঁৰ সকলো সম্পত্তি, দুৰ্গসহ, দাতব্য কামৰ বাবে দান কৰে। তাৰ পিছৰেপৰা দুৰ্গটোত বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে আশ্ৰয়গৃহ আৰু শিশুসকলৰ বাবে এখন বিদ্যালয় স্থাপন কৰা হয়। এই সকলোবোৰৰ চোৱা-চিতা কৰিছিল স্তাৰিই চোৰ্টকিভৰ সন্ত ভিনচেণ্ট দ্য পলৰ দয়াশীল ভগ্নীসকলৰ সংঘই।

দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত দুৰ্গটো ধ্বংসপ্ৰাপ্ত হ'বলৈ ধৰে। আংশিকভাৱে ভাঙি পেলোৱাৰ পাছত ইয়াৰ ছাদ খহি পৰে। যিবোৰ কোঠা ধ্বংস হোৱা নাছিল, সেইবোৰত ব্যৱসায়ীসকলৰ গুদাম আছিল।১ ১৯৩৭ চনত পোলেণ্ডৰ পৰ্যটন আৰু ভ্ৰমণ সমাজে দুৰ্গটো ক্ৰয় কৰে। তেওঁলোকে দুৰ্গৰ এটা মিনাৰ আংশিকভাৱে মেৰামতি কৰি তাত পৰ্যটকৰ আশ্ৰয়গৃহ, আলোকচিত্ৰ কক্ষ আৰু স্থানীয় ইতিহাসৰ সংগ্ৰহালয় স্থাপন কৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আৰু ১৯৪৫ চনত চহৰখন ছোভিয়েট সংঘৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত দুৰ্গৰ ওচৰত এটা পৰিবহণ কেন্দ্ৰ নিৰ্মাণ কৰা হয়। দুৰ্গটো সংৰক্ষণ নকৰাকৈ আৰু ব্যৱহাৰ নকৰাকৈ থকাৰ ফলত ইয়াৰ অৱনতি অব্যাহত থাকে। বৰ্তমান এই দুৰ্গ টেৰ্নোপিল অঞ্চলৰ দুৰ্গসমূহৰ সৈতে ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চলৰ অন্তৰ্গত।৬

স্থাপত্য

প্ৰথমতে এই ঠাইত এটা কাঠৰ দুৰ্গ আছিল। কিন্তু সেই দুৰ্গে পৰ্যাপ্ত সুৰক্ষা প্ৰদান কৰা নাছিল। সেয়েহে পিছত শিল আৰু ইটাৰে এটা নতুন দুৰ্গ নিৰ্মাণ কৰা হয়। ইয়াত দুমহলীয়া বাসগৃহ, তিনিটা দুৰ্গ-মিনাৰ আৰু বহুতো সৰু প্ৰতিৰক্ষা ছিদ্ৰ থকা শক্তিশালী প্ৰতিৰক্ষা দেৱাল আছিল।

পশ্চিমফালে প্ৰতিৰক্ষা বান্ধো আছিল। বান্ধৰ শেষত এটা পুৰণি দুৰ্গ আছিল। বৰ্তমান সেই দুৰ্গৰ কেৱল কেইটামান অংশহে অৱশিষ্ট আছে। সম্ভৱতঃ দুৰ্গৰ ভূ-গৰ্ভস্থ পথ নদীৰ তলেদি বিলচে-জোলোতে গাঁৱলৈকে বিস্তৃত আছিল।১

গ্ৰন্থৰাজি

  • Aftanazy Roman, Dzieje rezydencji na dawnych kresach Rzeczypospolitej. Województwo ruskie, Ziemia Halicka i Lwowska, T. 7, wyd. 2 przejrzane i uzupełnione, Zakład Narodowy im. Ossolińskich, Wrocław, Warszawa, 1995, całość, t. 7, ss. 52-54,
  • Filip Sulimierski, Bronisław Chlebowski, Władysław Walewski, Słownik geograficzny Królestwa Polskiego i innych krajów słowiańskich, t. XIV, Warszawa, 1880–1902, ss. 84-85
  • D. Frankel, Dzieje zamku czortkowskiego, "Podole" nr 63, 1930
  • Aleksander Czołowski, Przeszłość i zabytki województwa tarnopolskiego, Tarnopol 1926, s.73

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Wygnanka
  2. ↑ Chortkiv (Ternopil Oblast, Chortkiv Raion). weather.in.ua
  3. ↑ Rocznik Służby Zagranicznej Rzeczypospolitej Polskiej według stanu na 1 kwietnia 1938, Warszawa 1938, s. 139
  4. ↑ Бильче-Золотецкая громада. Портал об'єднаних громад України
  5. ↑ Filip Sulimierski, Bronisław Chlebowski, Władysław Walewski: Słownik geograficzny Królestwa Polskiego i innych krajów słowiańskich. T. XIV. Warszawa: 1880-1902, s. 83-84
  6. ↑ uk:Національний Заповідник «Замки Тернопілля». National Reserve "Castles of Ternopil Oblast"

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ দুৰ্গ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চোৰ্টকিভ দুৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৩০০০৬ (২৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।