জিএছপিএছপি অৰ্থাৎ গণ সুৰক্ষা পাৰ্টি। কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱা নৱকুমাৰ শৰণীয়াই২০১৯ চনত দলটো গঠন কৰিছিল। তেওঁৰ প্ৰধান বিষয়বস্তু আছিল বিটিচিত অবড়োৰ ওপৰত হোৱা অন্যায় বন্ধ কৰি তেওঁলোকক সুৰক্ষা প্ৰদান কৰা। কিন্তু বিটিচি বিটিআৰলৈ ৰূপান্তৰ হোৱাত জিএছপিৰ গুৰুত্ব কমি আহে। বিজেপিৰ প্ৰবল উপস্থিতিয়েও দলটোক দুৰ্বল কৰে। ২০২০চনৰ বড়োলেণ্ড পৰিষদৰ নিৰ্বাচনত ৩০ খনতকৈয়ো অধিক আসনত প্ৰতিদন্দ্বিতা কৰি কোনোমতেহে এখন আসন লাভ কৰে। অৱশ্য এজন সদস্যৰেই জিএছপিয়ে ইউপিপিএল চৰকাৰত যোগ দিছিল। তেওঁলোকে জয়ী হোৱা দিহিৰা সমষ্টিটোত বিজেপি, ইউ পি পি এল, বিপিএফ আৰু বিপিএফৰ পূৰ্বৰ কাৰ্য্যবাহী সদস্যজনে নিৰ্দলীয়া হিচাপে অৱতীৰ্ণ হোৱাতেই জিএছপি প্ৰাৰ্থীজন জয়ী হয়। আনহাতে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে নিৰাপদ দূৰত অৱস্থান কৰে।জিএছপি অৰ্থাৎ গণ সুৰক্ষা পাৰ্টি। কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱা নৱকুমাৰ শৰণীয়াই২০১৯ চনত দলটো গঠন কৰিছিল। তেওঁৰ প্ৰধান বিষয়বস্তু আছিল বিটিচিত অবড়োৰ ওপৰত হোৱা অন্যায় বন্ধ কৰি তেওঁলোকক সুৰক্ষা প্ৰদান কৰা। কিন্তু বিটিচি বিটিআৰলৈ ৰূপান্তৰ হোৱাত জিএছপিৰ গুৰুত্ব কমি আহে। বিজেপিৰ প্ৰবল উপস্থিতিয়েও দলটোক দুৰ্বল কৰে। ২০২০চনৰ বড়োলেণ্ড পৰিষদৰ নিৰ্বাচনত ৩০ খনতকৈয়ো অধিক আসনত প্ৰতিদন্দ্বিতা কৰি কোনোমতেহে এখন আসন লাভ কৰে। অৱশ্য এজন সদস্যৰেই জিএছপিয়ে ইউপিপিএল চৰকাৰত যোগ দিছিল। তেওঁলোকে জয়ী হোৱা দিহিৰা সমষ্টিটোত বিজেপি, ইউ পি পি এল, বিপিএফ আৰু বিপিএফৰ পূৰ্বৰ কাৰ্য্যবাহী সদস্যজনে নিৰ্দলীয়া হিচাপে অৱতীৰ্ণ হোৱাতেই জিএছপি প্ৰাৰ্থীজন জয়ী হয়। আনহাতে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত দলটোৱে নিৰাপদ দূৰত অৱস্থান কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিএছপি” প্ৰবন্ধৰ সংশোধন ৩৩৯৬৩১ (৪ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।