অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জন হেনৰি

জন হেনৰি আমেৰিকান লোককথাৰ এজন নায়ক। তেওঁ আফ্ৰিকান আমেৰিকান আছিল, আৰু কিংবদন্তি অনুযায়ী, হাতৰীৰে ষ্টীল শিলত সোমোৱাৰ কাম কৰিছিল, যাতে ৰে'লপথ নিৰ্মাণৰ বাবে বিৰ্ফোৰণ কৰিব পৰা যায়। জন হেনৰিৰ কাহিনী ব্লুজ সংগীতৰ শৈলীত সাধাৰণতে আগবঢ়োৱা হয়।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৫ ৩৪৪ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
John Henry
Statue of John Henry outside the town of Talcott in Summers County, West Virginia
Known forAmerican folk hero

জন হেনৰি আমেৰিকান লোককথাৰ এজন নায়ক। তেওঁ আফ্ৰিকান আমেৰিকান আছিল, আৰু কিংবদন্তি অনুযায়ী, হাতৰীৰে ষ্টীল শিলত সোমোৱাৰ কাম কৰিছিল, যাতে ৰে'লপথ নিৰ্মাণৰ বাবে বিৰ্ফোৰণ কৰিব পৰা যায়।

জন হেনৰিৰ কাহিনী ব্লুজ সংগীতৰ শৈলীত সাধাৰণতে আগবঢ়োৱা হয়। কাহিনীটোৰ কেইবাটাও সংস্কৰণ আছে, আৰু অনেক সাধুকথা, নাটক, কিতাপ আৰু উপন্যাস আদিত জন হেনৰিৰ চৰিত্ৰ দেখা পোৱা যায়।১২ হেমাঙ্গ বিশ্বাসে বাঙালী ভাষাত "জন হেনৰি" নামৰ গীতেৰে এই কিংবদন্তী তুলি ধৰিছে। গীতটিৰ অসমীয়া অনুবাদৰ গায়ক লোকনাথ গোস্বামী।

কাহিনী

জন হেনৰিয়ে ষ্টীল-ড্ৰাইভাৰৰ কাম কৰিছিল: শিলত হাতুৰীৰে ষ্টীল সোমোৱাৰ কাম। এবাৰ বনুৱাৰ প্ৰয়োজন কম কৰি, মুনাফা বৃদ্ধিৰ বাবে মালিকে এক ষ্টীমেৰে চালিত শিল ড্ৰিলিং যন্ত্ৰ আনিলে। হেনৰিয়ে প্ৰতিবাদ কৰাত নিৰ্ণয় হ'ল যে যন্ত্ৰ আৰু বনুৱা হেনৰিৰ মাজত প্ৰতিযোগিতা হ'ব, এই কথা চাবলৈ যে কোন এই কামত অধিক দক্ষ। প্ৰতিযোগিতাৰ শেষত হেনৰিৰ বিজয় হ'ল, কিন্তু যন্ত্ৰক পৰাস্ত কৰাৰ যত্নত হেনৰি ইমানেই ভাগৰি পৰিল যে তেওঁৰ ভাগৰতে মৃত্যু হ'ল।৩

ই এক কিংবদন্তী আৰু কাহিনীটোৰ অনেক বিষয়ক লৈ ইতিহাসবিদৰ মাজত মতানৈক্য।৪৫ স্কট ৰেয়নল্ডছৰ মতে হেনৰিৰ মৃত্যু ভাগৰৰ বাবে নহয়, হয়টো চিলিকচিছৰ বাবে হৈছিল।৬ যি জন হেনৰিৰ ওপৰত কিংবদন্তী সৃষ্টি হৈছে, সেই জনৰ জন্ম হয়টো ১৮৪৮ চনত হৈছিল। প্ৰতিযোগিতাস্থল ক'ত আছে, সেই কথাও স্পষ্ট নহয়।

অতিৰিক্ত পঠনসামগ্ৰী

  • Johnson, Guy B. (1929). John Henry: Tracking Down a Negro Legend. Chapel Hill: University of North Carolina Press
  • Chappell, Louis W. (1933). John Henry; A Folk-Lore Study. Reprinted 1968. Port Washington, NY: Kennikat Press
  • Keats, Ezra Jack (1965). John Henry, An American Legend. New York: Pantheon Books.
  • Williams, Brett (1983). John Henry: A Bio-Bibliography by Brett Williams. Westport, CT: Greenwood Press
  • Nelson, Scott. "Who Was John Henry? Railroad Construction, Southern Folklore, and the Birth of Rock and Roll", Labor: Studies in Working-Class History of the Americas Summer 2005 2(2): 53–80;
  • Garst, John F. (2022). John Henry and His People: The Historical Origin and Lore of America's Great Folk Ballad. Jefferson, NC: McFarland & Company.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Stephen Wade. (2 September 2002). John Henry, Present at the Creation. NPR
  2. ↑ Tracy, Steven C.; Bradford, Roark. (2011). John Henry: Roark Bradford's Novel and Play. Oxford University Press, US. ISBN 978-0-19-976650-5
  3. ↑ Giles Oakley. (1997). The Devil's Music. Da Capo Press. পৃ. 38. ISBN 978-0-306-80743-5
  4. ↑ Stephen Wade. (2 September 2002). John Henry, Present at the Creation. NPR
  5. ↑ Tracy, Steven C.; Bradford, Roark. (2011). John Henry: Roark Bradford's Novel and Play. Oxford University Press, US. ISBN 978-0-19-976650-5
  6. ↑ Grimes, William. (2006-10-18). Taking Swings at a Myth, With John Henry the Man (Published 2006). The New York Times

সম্পৰ্কিত শ্ৰেণী

Articles with hCards

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন হেনৰি” প্ৰবন্ধৰ সংশোধন ৫৪৯৭৫১ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।