অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী

"জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী" (দেৱনাগৰী লিপিত: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी;; উচ্চাৰিত: d͡zʌnʌni d͡zʌnmʌbʱumist͡sʌ swʌrɡadʌpi ɡʌrijʌsi) ৰামায়ণৰ এটি সংস্কৃত শ্লোকৰ এশাৰী। ই নেপাল চৰকাৰৰ মূলমন্ত্ৰও।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

"জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী" (দেৱনাগৰী লিপিত: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी;; উচ্চাৰিত: d͡zʌnʌni d͡zʌnmʌbʱumist͡sʌ swʌrɡadʌpi ɡʌrijʌsi) ৰামায়ণৰ এটি সংস্কৃত শ্লোকৰ এশাৰী। ই নেপাল চৰকাৰৰ মূলমন্ত্ৰও।১

অনুবাদ

"মাতৃ আৰু মাতৃভূমি স্বৰ্গতকৈও উত্তম"।২

উৎপত্তি

এই বাক্য হিন্দু মহাকাব্য ৰামায়ণৰ কিছু পুনৰাবৃত্তিত প্ৰদৰ্শিত হ'ব পাৰে, যদিও ৰামায়ণৰ সমালোচকীয় সংস্কৰণত ই সন্নিৱিষ্ট নহয়।৩

তদুপৰি, এই শ্লোকৰ অন্ততঃ দুটি সংস্কৰণ পোৱা যায়। প্ৰথম সংস্কৰণ ১৯৩০ চনত টি আৰ কৃষ্ণচাৰী আৰু টি আৰ ভেম্বকাচাৰীৰ দ্বাৰা মাদ্ৰাচ হিন্দী প্ৰচাৰ প্ৰেছৰ সহায়ত প্ৰকাশিত ৰামায়ণত পোৱা যায়।৪ তাত ভৰদ্বাজে ৰামক কয়:

मित्राणि धन धान्यानि प्रजानां सम्मतानिव |

जननी जन्म भूमिश्च स्वर्गादपि गरीयसी ||

(মিত্ৰাণি ধন ধান্যানি প্ৰজানাং সম্মতানিৱ।

জননী জন্ম ভূমিশ্চ স্বৰ্গাদপি গৰীয়সী।।)

অৰ্থ: মিত্ৰ, ধন আৰু ধান্যক প্ৰজাই অতিকৈ সন্মান কৰে। কিন্তু জননী আৰু জন্মভূমি স্বৰ্গতকৈও উত্তম।

অন্য এক সংস্কৰণত ৰামে লক্ষ্মণক কয়:

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते |

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ||

(অপি স্বৰ্ণময়ী লঙ্কা ন মে লক্ষ্মণ ৰোচতে।

জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী।।)

অৰ্থ: এই স্বৰ্ণময়ী লংকায়ো মোক ৰুচী প্ৰদান কৰা নাই লক্ষ্মণ। জননী আৰু জন্মভূমি স্বৰ্গতকৈও উত্তম।

তথ্যসূত্ৰ

  1. ↑ (2020-06-17). रामायण का वो श्लोक, जो नेपाल का नेशनल मोटो है और इसका मतलब क्या है. News18 हिंदी
  2. ↑ Janani Janmabhoomi scha Swargadapi Gariyasi. www.speakingtree.in
  3. ↑ The Rāmāyaṇa. bombay.indology.info
  4. ↑ Valmiki Ramayana - Yuddha Kanda. www.valmikiramayan.net

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী” প্ৰবন্ধৰ সংশোধন ৫৯৮৬৮৪ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।