অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ছিয়ান উইলিয়ামছ

ছিয়ান উইলিয়ামছ (: Sian Williams,জন্ম ২৩ অক্টোবৰ ১৯৯০); এগৰাকী ৱেলছৰ ৰাগবি ইউনিয়ন খেলুৱৈ। যিয়ে ৱৰ্চেষ্টাৰ/নিউপ’ৰ্ট গ্ৱেণ্ট ড্ৰেগনছ ক্লাবৰ লগতে ৱেলছৰ মহিলা ৰাষ্ট্ৰীয় ৰাগবী ইউনিয়ন দলৰ হৈ পিছৰ শাৰীত খেলে।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ৩১৩ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ছিয়ান উইলিয়ামছ (: Sian Williams,জন্ম ২৩ অক্টোবৰ ১৯৯০); এগৰাকী ৱেলছৰ ৰাগবি ইউনিয়ন খেলুৱৈ। যিয়ে ৱৰ্চেষ্টাৰ/নিউপ’ৰ্ট গ্ৱেণ্ট ড্ৰেগনছ ক্লাবৰ লগতে ৱেলছৰ মহিলা ৰাষ্ট্ৰীয় ৰাগবী ইউনিয়ন দলৰ হৈ পিছৰ শাৰীত খেলে। ২০১১ চনৰ মহিলা ছয় ৰাষ্ট্ৰ চেম্পিয়নশ্বিপত স্কটলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় কেপ (দেশক প্ৰতিনিধিত্ব কৰা প্ৰথম আনুষ্ঠানিক খেল) লাভ কৰে। ছিয়ান ৱেলছ ৰাগবী লীগৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰাইছ উইলিয়ামছৰ কনিষ্ঠ ভগ্নী ১ ৰাইছ উইলিয়ামছ ৱেলছ ৰাগবি লীগ দলৰ সৰ্বাধিক “ট্ৰাই” সংগ্ৰহ কৰা খেলুৱৈ। ২০১৬ চনত তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হয়।২

খেল জীৱন

১৯৯৩ চনৰ ৪ এপ্ৰিলত ক্লাৱাইডৰ ৰেক্সহামত জন্মগ্ৰহণ কৰে। ছিয়ান উইলিয়ামছ ২০১৬ চনৰ চৰকাৰী হিচাপ অনুসৰি তেওঁৰ অফিচিয়েল ৱেলছ ৰাগবী ইউনিয়নৰ খাটাত উল্লেখ আছে যে তেওঁৰ উচ্চতা ১.৬২ মিটাৰ (৫.৩ ফুট), আৰু ওজন ৭৪ কিলোগ্ৰাম (১১.৭ ষ্ট্ৰীট)। উইলিয়ামছে আঠ বছৰ বয়সৰ পৰাই ৰাগবী খেলি আহিছে, তেতিয়া তেওঁ ভাতৃদ্বয়ৰ সৈতে খেলিছিল। ৱেলছৰ মহিলা ২০ বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় ৰাগবী ইউনিয়ন দলৰ বাবে তেওঁ নিৰ্বাচিত হয় আৰু ২০১১ চনত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰি দলটোৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে।৩ সেই বছৰতে তেওঁ ৱেলছৰ মহিলা ৰাষ্ট্ৰীয় ৰাগবী ইউনিয়ন দলৰ হৈ অভিষেক ঘটায় আৰু ২০১১ চনৰ মহিলা ছয় ৰাষ্ট্ৰ চেম্পিয়নশ্বিপত স্কটলেণ্ডৰ বিৰুদ্ধে খেলিছিল।৪

ৰাগবীৰ বাহিৰেও তেওঁ ৰয়েল এয়াৰ ফৰ্চৰ ছিনিয়ৰ এয়াৰক্ৰাফ্টউমেন ৰেংকৰ সৈতে লজিষ্টিক মুভাৰ আছিল। ২০০৮ চনত তেওঁ আৰ এ এফত যোগদান কৰিছিল আৰু আৰ এ এফ ৰাগবী ইউনিয়ন মহিলা দল আৰু কম্বাইণ্ড চাৰ্ভিচেছৰ মহিলা দলৰ হৈ খেলিছিল।৪ ২০১৬ চনৰ ১০ ফেব্ৰুৱাৰীলৈকে,৫ যেতিয়া ঘোষণা কৰা হয় যে উইলিয়ামছে পেছাদাৰী ৰাগবী চুক্তিত স্বাক্ষৰ কৰিছে, আৰ এ এফে তেওঁক অভিজাত খেলুৱৈৰ মৰ্যাদা প্ৰদান কৰিছিল অৰ্থাৎ তেওঁ সশস্ত্ৰ বাহিনীত কৰ্মৰত অৱস্থাতেই পূৰ্ণসময়ৰ বাবে প্ৰশিক্ষণ ল’ব পাৰিছিল।

ছিয়ান উইলিয়ামছ আছিল ৱেলছৰ প্ৰথমগৰাকী মহিলা, যিয়ে পেছাদাৰী ৰাগবি চুক্তিত স্বাক্ষৰ কৰিছিল।৬ ইয়াৰ পূৰ্বে তেওঁ অক্সফৰ্ডত বাস কৰিছিল আৰু সপ্তাহত তিনিবাৰকৈ জাতীয় দলৰ সৈতে প্ৰশিক্ষণ ল’বলৈ অহা-যোৱা কৰিছিল, আৰু সপ্তাহত দুবাৰকৈ ৱৰ্চেষ্টাৰলৈ গৈ নিজৰ ক্লাবৰ সৈতে প্ৰশিক্ষণ লৈছিল। পেছাদাৰী চুক্তি স্বাক্ষৰ কৰাৰ পিছত উইলিয়ামছক পুনৰ আৰ এ এফ ছেইণ্ট আথানলৈ স্থানান্তৰ কৰা হয়। তাত তেওঁ ৱেলছৰ মুখ্য প্ৰশিক্ষক ৰাইছ এডৱাৰ্ডছৰ সৈতে পৰৱৰ্তী দুবছৰলৈকে পূৰ্ণকালীন ভিত্তিত প্ৰশিক্ষণ ল’ব পাৰিছিল।৫৬

তথ্যসূত্ৰ

  1. ↑ (4 February 2016). Sian Williams column: World Cup dream follows Caribbean disaster. BBC News
  2. ↑ (21 November 2016). BBC 100 Women 2016: Who is on the list?. BBC News
  3. ↑ Sian Williams. Wales Rugby Union
  4. ↑ (11 February 2016). RAF's Sian Williams Becomes First Professional Women's Rugby Union Player. Royal Air Force
  5. ↑ Abbandonato, Paul. (10 February 2016). Sian Williams is Wales' first female professional rugby player and she hopes other women follow her lead. Wales Online
  6. ↑ (10 February 2016). Sian Williams: First Welsh female player signs professional contract. BBC Sport

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিয়ান উইলিয়ামছ” প্ৰবন্ধৰ সংশোধন ৫৮৪৭৯৫ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।