দাৰ্জিলিং হিমালয়ান ৰেল (Darjeeling Himalayan Railway) পশ্চিমবংগৰ শিলিগুড়িৰ পৰা দাৰ্জিলিং চহৰলৈ চলাচল কৰা এখন নেৰ'গজ ৰেল পৰিসেৱা। এই ৰেল টয় ট্ৰেন বা পুতলা ৰেল নামে জনাজাত। দাৰ্জিলিং হিমালয়ান ৰেল ভাৰতীয় ৰে’ল কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত হয়।
১৮৭৯ চনৰ পৰা ১৮৮১ চনৰ মাজভাগত নিৰ্মাণ কৰা এই ৰেলপথৰ দৈৰ্ঘ্য ৮৬ কিলোমিটাৰ (৫৩ মাইল)। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা শিলিগুড়িত ১০০ মিটাৰ (৩২৮ ফুট) আৰু দাৰ্জিলিঙত ২,২০০ মিটাৰ (৭,২১৮ ফুট)। বৰ্তমানে এইখন ভাপ ইঞ্জিনৰ দ্বাৰা চলে। দাৰ্জিলিঙৰ মেল ট্ৰেনৰ বাবে ডিজেল ইঞ্জিন ব্যৱহাৰ কৰা হয়।
১৯৯৯ চনত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা দাৰ্জিলিং হিমালয়ান ৰেলক বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভুক্ত কৰা হয়। ২০০৫ চনত নীলগিৰি পাৰ্বত্য ৰেলকো ইয়াৰ লগতেই বিশ্ব ঐতিহ্যৰ তালিকাভুক্ত কৰা হয়।
ইতিহাস

১৮৭৮ চনত ষ্টেণ্ডাৰ্ড গেজ ৰেলৰ মাধ্যমৰে কলিকতা আৰু শিলিগুড়ি সংযুক্ত হয়।১ হিমালয়ৰ পাদদেশত অৱস্থিত শিলিগুড়িৰ পৰা এটা কাৰ্ট ৰোডেৰে (নতুন হিল কাৰ্ট ৰোড) দাৰ্জিলিং সংযোজিত হয়। এই ৰাস্তাত টাঙ্গা পৰিসেৱা চলি আছিল।২ ফ্ৰেঙ্কলিন প্ৰিষ্টেজ নামৰ ইষ্টাৰ্ন বেঙ্গল ৰেলৱে কোম্পানীৰ জনৈক এজেণ্ট চৰকৰৰ ওচৰত বাষ্পচালিত ট্ৰামৰ মাধ্যমেৰে শিলিগুড়িক দাৰ্জিলিঙৰ সৈতে সংযুক্ত কৰাৰ প্ৰস্তাৱ দিয়ে।২ বঙালী ভাষাৰ লেফটনেণ্ট গভৰ্নৰ ছাৰ এচলে ইডেনে এই প্ৰস্তাৱত ইতিবাচক সঁহাৰি জনোৱাত এইটো গৃহীত হয়।২ নিৰ্মাণৰ কাম সেই বছৰেই আৰম্ভ কৰা হয়।
দাৰ্জিলিং ষ্টীম ট্ৰামৱে কোম্পানীয়ে হিলকাৰ্ট পথৰ দাঁতিয়েদি দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ নিৰ্মাণ-কাৰ্য আৰম্ভ কৰে ১৮৭৯ চনত। যাত্ৰী পৰিবহণৰ উপৰিও মূলতঃ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াবলৈ আৰু দাৰ্জিলিঙৰ চাহ উদ্যোগৰ প্ৰতি দৃষ্টি ৰাখিয়ে শিলিগুৰিৰ পৰা দাৰ্জিলিঙলৈ নেৰ'গজৰ এই ৰেলপথ নিৰ্মাণ কৰা হৈছিল। ১৯৬২ চনত ৰেলপথ নিউ জলপাইগুৰিলৈ সম্প্ৰসাৰণ কৰা হয়। ১৯৪৮ চনত ভাৰত চৰকাৰে দাৰ্জিলিং হিমালয়ান ৰেলৱে কিনি লয় আৰু আসাম ৰেলৱেৰ অন্তৰ্ভুক্ত কৰে। ১৯৫৩ চনত সমগ্ৰ ভাৰতীয় ৰেল পৰিবহণ ব্যৱস্থাক কিছুমান এলেকাত (Zone) বিভক্ত কৰাত ই প্ৰথমে উত্তৰ পূব ৰেলৱেৰ আৰু ১৯৫৮ চনত উত্তৰ পূব সীমান্ত ৰেলৱে গঠন হোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনলৈ অনা হয়। উন্নততৰ মটৰ পৰিবহণ ব্যৱস্থাৰ বাবে দাৰ্জিলিং হিমালয়ান ৰেলৱে লোকচানৰ সন্মুখীন হোৱাত ১৯৯৩ চনত সামগ্ৰী পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। আনহাতে ১৯৯৯ চনত ইউনেস্কোৱে (UNESCO) ইয়াক বিশ্ব ঐতিহ্যৰূপে স্বীকৃতি দিয়ে।৩ পুতলা ৰেল নামেৰে জনাজাত এই ৰেলৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ।৪৫
বাহ্যিক সংযোগ
- Official site
- Darjeeling Himalayan Railway Society site
- Indian Railways site
- Pictures of Darjeeling and the Toy Train
- Panographic view
- Kit to build a 'B' Class Locomotive in 4 mm scale
- Kits to build the coaches of the DHR
- International Working Steam Locomotives site
- List of Darjeeling Toy Trains and Time-Tables
তথ্যসূত্ৰ
- ↑ DHR and Its Development. About DHR,dhr.in. Darjeeling Himalayan Railway, NF Railway, India
- ↑ DHR History. darjeelingnews.net. Darjeelingnews
- ↑ Mountain Railways of India. UNESCO World Heritage Centre
- ↑ Himalayan Railway. Himalayan Railway Society
- ↑ Official Website of DHR
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাৰ্জিলিং হিমালয়ান ৰেল” প্ৰবন্ধৰ সংশোধন ৪২৬৮৫১ (২৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।