অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

জুন

জুন হৈছে গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি বছৰৰ ষষ্ঠ মাহ। ইয়াৰ দৈৰ্ঘ্য ৩০ দিন। এই মাহটো উত্তৰ গোলাৰ্ধত গ্ৰীষ্ম ঋতুৰ আৰম্ভণি চিহ্নিত কৰে আৰু ইয়াত গ্ৰীষ্মকালীন অয়নান্ত সংঘটিত হয়, যি দিনটোত সকলোতকৈ বেছিকৈ পোহৰৰ সময় থাকে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জুন হৈছে গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি বছৰৰ ষষ্ঠ মাহ। ইয়াৰ দৈৰ্ঘ্য ৩০ দিন। এই মাহটো উত্তৰ গোলাৰ্ধত গ্ৰীষ্ম ঋতুৰ আৰম্ভণি চিহ্নিত কৰে আৰু ইয়াত গ্ৰীষ্মকালীন অয়নান্ত সংঘটিত হয়, যি দিনটোত সকলোতকৈ বেছিকৈ পোহৰৰ সময় থাকে। দক্ষিণ গোলাৰ্ধত, জুন মাহটো শীতৰ আৰম্ভণি আৰু ইয়াত শীতকালীন অয়নান্ত হয়, যি দিনটোত বছৰটোৰ ভিতৰত আটাইতকৈ কম পোহৰৰ সময় থাকে।

ইতিহাস

জুন মাহৰ বাবে চিত্ৰণ, ''Calendar of Filocalus'' (খ্ৰীষ্টপূৰ্ব ৩৫৪-ৰ আধাৰত
জুন মাহৰ বাবে চিত্ৰণ, Calendar of Filocalus (খ্ৰীষ্টপূৰ্ব ৩৫৪-ৰ আধাৰতছবি: Filocalus · Public domain

জুনৰ উৎপত্তি Iunius মাহৰ পৰা হৈছে (mensis Iunius জুন মাহ)।১ এইটো মূল ৰোমান পঞ্জিকাৰ পৰা আহিছে যি ৰোমান গণৰাজ্য কালত ব্যৱহৃত হৈছিল। এই পঞ্জিকাৰ উৎপত্তি অজ্ঞাত।২ পাছত ৰোমান লেখকসকলে সাধাৰণতে এই পঞ্জিকাখন ৰোমুলাছক দিছিল, যি তেওঁলোকৰ কিংবদন্তিগত প্ৰথম ৰজা আছিল, প্ৰায় খ্ৰীঃ পূঃ ৭৩৮ চনত। তথাপি, এই প্ৰাৰম্ভিক ৰোমান পঞ্জিকাৰ কোনো প্ৰমাণ পোৱা হোৱা নাই, আৰু বহুতো পণ্ডিতই এই পঞ্জিকাৰ অস্তিত্ব সন্দেহ কৰে।৩৪}} Iunius মূলতে বছৰৰ চতুৰ্থ মাহ আছিল আৰু ইয়াৰ দিন সংখ্যা আছিল ২৯।৫

প্ৰাচীন ৰোমত মে ' মাহৰ মাজভাগৰ পৰা জুন মাহৰ মাজভাগলৈকে বিবাহৰ বাবে অশুভ বুলি গণ্য কৰা হৈছিল। ৰোমান কবি অভিডে দাবী কৰিছিল যে তেওঁৰ কন্যাৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণৰ বিষয়ে বৃহস্পতি দেৱতাৰ মহাপুৰোহিত ফ্লেমিনিকা ডায়েলিছৰ পৰামৰ্শ লৈছিল যদিও ১৫ জুনৰ পিছলৈকে অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল।৬ গ্ৰীক দাৰ্শনিক আৰু লেখক প্লুটাৰ্কে অৱশ্যে ইংগিত দিছিল যে গোটেই জুন মাহটো মে'তকৈ বিয়াৰ বাবে অধিক অনুকূল।৭

খ্ৰীঃ পূঃ ৪৬ চনত, জুলিয়াছ চিজাৰে পঞ্জিকাৰ সংস্কাৰ কৰিছিল, যাক তাৰপিছত তেওঁৰ নাম অনুসৰি জুলিয়ান পঞ্জিকা বোলা হৈছিল। এই সংস্কাৰে বছৰৰ দিনসংখ্যা ৩৬৫ দিন কৰি নিৰ্ধাৰিত কৰিলে আৰু প্ৰতি চাৰি বছৰত এটা অধিবৰ্ষ সংযোজন কৰিলে। ইয়াত জুন মাহ ৩০ দিনৰ হ’ল। যদিও এই পদ্ধতিত বছৰৰ দৈৰ্ঘ্য ৩৬৫.২৫ দিন হ’ল, যি প্ৰকৃত সূৰ্যবৰ্ষৰ (৩৬৫.২৪২২ দিন) তুলনাত অলপ বেছি।৮

খ্ৰীষ্টপূৰ্ব ৬৫ চনত ৰোমান সম্ৰাট নীৰোৰ সন্মানত জুন মাহৰ নাম সলনি কৰি জাৰ্মাণিকাছ ৰখা হয়। ৰোমান ইতিহাসবিদ টেচিটাছে তেওঁৰ এনালছত স্মৰণ কৰা মতে, এই প্ৰস্তাৱ আগবঢ়োৱা ৰোমান চিনেটৰ কৰ্ণেলিয়াছ অৰ্ফিতাছে দাবী কৰিছিল যে ক্ৰমে ৪৯ খ্ৰীষ্টাব্দ আৰু ৬৪ খ্ৰীষ্টাব্দত লুচিয়াছ জুনিয়াছ চাইলানাছ টৰ্কুৱাটাছ আৰু ডেচিমাছ জুনিয়াছ চিলানাছ টৰ্কুৱাটাছৰ ফাঁচীৰ বাবে জুনিয়াছ নামটো অশুভ হৈ পৰিছে।৯১০১১ নামবোৰ জীয়াই নাথাকিল আৰু সম্ভৱতঃ নীৰোক ডেমনেটিঅ' মেম'ৰিয়াৰ বলি হোৱাৰ সময়ত মচি পেলোৱা হ'ল।১২ ১৮৪ খ্ৰীষ্টাব্দত ৰোমান সম্ৰাট ক'ম'ডাছে তেওঁৰ সম্পূৰ্ণ উপাধিৰ এটা নামৰ নামেৰে মাহবোৰৰ সকলো নাম চমুকৈ সলনি কৰে; জুন এলিয়াছ হৈ পৰিল।১৩ কিন্তু ১৯২ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যুৰ পিছত এই সিদ্ধান্ত বাতিল কৰা হয়।১৪

১৫৮২ চনত, পোপ গ্ৰেগৰী ত্ৰয়োদশে সংশোধিত পঞ্জিকা হিচাপে গ্ৰেগৰিয়ান পঞ্জিকা ঘোষণা কৰে। যিয়ে বছৰৰ গড় দৈৰ্ঘ্য ৩৬৫.২৫ দিনৰ পৰা ৩৬৫.২৪২৫ দিনলৈ হ্ৰাস কৰে, জুলিয়ান পঞ্জিকাৰ সূৰ্য বৰ্ষৰ সৈতে হোৱা পাৰ্থক্য সুধাৰ কৰে।১৫

দিৱস

তথ্যসূত্ৰ


তথ্যসূত্ৰ

  1. ↑ Hannah, Robert. (2013). Greek and Roman Calendars. Bloomsbury Publishing. পৃ. 99. ISBN 978-1-84966-751-7
  2. ↑ Mommsen, Theodor. (1864). The History of Rome: The Period Anterior to the Abolition of the Monarchy. Richard Bentley. পৃ. 218–219
  3. ↑ Rüpke, Jörg. (2011). The Roman Calendar from Numa to Constantine: Time, History, and the Fasti. Wiley. পৃ. 23. ISBN 978-0-4706-5508-5
  4. ↑ (22 December 2023). Roman republican calendar. Encyclopaedia Britannica Online
  5. ↑ Forsythe, Gary. (2012). Time in Roman Religion: One Thousand Years of Religious History. Routledge. পৃ. 14–15. ISBN 978-0-415-52217-5
  6. ↑ Scullard, Howard Hayes. (1981). Festivals and Ceremonies of the Roman Republic. Cornell University Press. পৃ. 126. ISBN 978-0-8014-1402-2
  7. ↑ Hersch, Karen K. (2010). The Roman Wedding: Ritual and Meaning in Antiquity. Cambridge University Press. পৃ. 47. ISBN 978-0-521-12427-0
  8. ↑ Richards, E. G. (2013). Explanatory Supplement to the Astronomical Almanac. University Science Books. পৃ. 593–595. ISBN 978-1-891389-85-6
  9. ↑ Rudich, Vasily. (2005). Political Dissidence Under Nero: The Price of Dissimulation. Taylor & Francis. পৃ. 143–144. ISBN 978-1-134-91451-7
  10. ↑ Rimell, Victoria. (2015). Seneca and Neronian Rome: In the Mirror of Time. পৃ. 128. ISBN 978-1-107-03505-8
  11. ↑ Tacitus, Annals. 16.12
  12. ↑ Hopkins, Clark. (1931). The Early History of Greece. Yale University Press. পৃ. 231
  13. ↑ (1931). Yale Classical Studies. Yale University Department of Classics. পৃ. 238
  14. ↑ Clarke, John R. (1991). The Houses of Roman Italy, 100 B.C.- A.D. 250: Ritual, Space, and Decoration. University of California Press. পৃ. 322. ISBN 978-0-520-08429-2
  15. ↑ Mezzi, E.; Vizza, F. (2010). Luigi Lilio Medico: Astronomo e Matematico di Cirò. Laruffa Editore. পৃ. 14, 52. ISBN 978-88-7221-481-7

সম্পৰ্কিত শ্ৰেণী

জুনইংৰাজী মাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুন” প্ৰবন্ধৰ সংশোধন ৬৩১৬২৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।