অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

প্লাষ্টিক

প্লাষ্টিক বহুযোগী যৌগৰে গঠিত 'পদাৰ্থ'ৰ বাবে ব্যৱহাৰ কৰা এটা সামগ্ৰিক পৰিভাষা। গুণৱত্তা সলনি কৰিবলৈ বা খৰচ কমাবলৈ আন পদাৰ্থ যোগ দিয়া হ'ব পাৰে। টোকা ১: প্লাষ্টিক শব্দটোৱে খেলিমেলিৰ সৃষ্টি কৰিব পাৰে বাবে ব্যৱহাৰৰ বাবে অনুমোদিত নহয়। তাতকৈ 'পলিমাৰ' (বহুযোগী যৌগ) শব্দটোহে অনুমোদিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ
প্লাষ্টিক বহুযোগী যৌগৰে গঠিত 'পদাৰ্থ'ৰ বাবে ব্যৱহাৰ কৰা এটা সামগ্ৰিক পৰিভাষা। গুণৱত্তা সলনি কৰিবলৈ বা খৰচ কমাবলৈ আন পদাৰ্থ যোগ দিয়া হ'ব পাৰে। টোকা ১: প্লাষ্টিক শব্দটোৱে খেলিমেলিৰ সৃষ্টি কৰিব পাৰে বাবে ব্যৱহাৰৰ বাবে অনুমোদিত নহয়। তাতকৈ 'পলিমাৰ' (বহুযোগী যৌগ) শব্দটোহে অনুমোদিত। টোকা ২: পলিমাৰ আভিযান্ত্ৰিকীৰ ক্ষেত্ৰত প্লাষ্টিক শব্দটো স্ৰোতৰদ্বাৰা (flow) সৃষ্ট পদাৰ্থৰ বাবেহে প্লাষ্টিক শব্দটো ব্যৱহাৰ কৰা হয়।১

প্লাষ্টিক (Plastic) হৈছে সংশ্লেষিত বা অৰ্ধ-সংশ্লেষিত নমনীয় বহু বিধৰ পদাৰ্থ। সাঁচত ঢালি প্লাষ্টিকক বিভিন্ন আকাৰলৈ নিব পাৰি। প্লাষ্টিক সাধাৰণতে উচ্চ আণৱিক ভৰযুক্ত জৈৱিক বহুযোগী যৌগ। কিন্তু, প্ৰায়েই লগত আন মৌলও যোগ দিয়া হয়। সাধাৰণভাৱে প্লাষ্টিক খনিজ তৈল ৰাসায়নিক পদাৰ্থৰপৰা সংশ্লেষিত কৰি পোৱা যায়। কিন্তু, কিছুমান প্লাষ্টিক প্ৰাকৃতিক ভাৱেও পোৱা যায়।২ পদা্ৰ্থ এটা নভঙাকৈ নতুন আকাৰলৈ নিব পৰা গুণক 'নমনীয়তা' (ইংৰাজীত প্লাষ্টিচিটি) বোলা হয়। প্লাষ্টিকত এই গুণ বিশেষভাৱে পৰিলক্ষিত হয় বাবে এই গুণৰ নামেৰেই বহুযোগী যৌগৰ এই পদাৰ্থসমূহক প্লাষ্টিক বোলা হৈছে।

প্লাষ্টিক নিৰ্মাণৰ কম খৰচ, উৎপাদনৰ সহজতা, বহুমুখীতা আৰু পানীত সহজে নষ্ট নোহোৱা গুণৰ বাবে প্লাষ্টিক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বৰ্তমানৰ যুগত লিখা কাকতৰপৰা মহাকাশযান নিৰ্মাণলৈ প্লাষ্টিকৰ ব্যৱহাৰ কৰা হৈছে। পৰম্পৰাগত কাঠ, শিল, জন্তৰ হাড় বা শিঙ, ছামৰা, কাগজ, ধাতু, কাঁচ আৰু চিনামাটিৰ স্থানত এতিয়া প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে। উন্নত দেশসমূহত এক তৃত্বীয়াংশ প্লাষ্টিক বস্তু বন্ধাৰ কামত আৰু এক তৃত্বীয়াংশ গৃহ নিৰ্মাণৰ পানীৰ নলী, খিৰিকীৰ ছাদ আদিত ব্যৱহৃত হয়।৩ গাড়ী নিৰ্মাণতো প্ৰায় ২০% প্লাষ্টিক ব্যৱহৃত হয়।৩), ঘৰৰ আচ-বাব, খেলনা আদিতো প্লাষ্টিক প্ৰভুত ভাৱে ব্যৱহাৰ কৰা হয়। ৩ ভাৰতত বস্তু বন্ধাৰ বাবেই্ ৪২% প্লাষ্টিক ব্যৱহৃত হয়।৩ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত সংৰোপিত কৃত্ৰিম ভাল্ভ আদিতো প্লাষ্টিক ব্যৱহাৰ কৰা হয়।

পৃথিৱীত প্ৰথম সংশ্লেষিত প্লাষ্টিক হৈছে বেকেলাইট। বেকেলা্‌ইট ১৯০৭ চনত নিউ-ৱৰ্কৰ লিঅ' বেকেলেণ্ডৰদ্বাৰা আৱিষ্কৃত হৈছিল,৪ তেখেতেই ইয়াৰ নামো প্লাষ্টিক দিছিল।৫ প্লাষ্টিকৰ বিকাশত কেবাগৰাকী ৰসায়নবিদৰ নাম জড়িত হৈ আছে। ন'বেল বঁটা জয়ী বিজ্ঞানী হাৰমান ষ্টডিঞ্জাৰ-ক 'বহুযোগী ৰসায়নৰ পিতৃ' বুলি জনা যায়। আনহাতে বিজ্ঞানী হাৰমান ফ্ৰান্সিছ মাৰ্ক-ক 'বহুযোগী পদাৰ্থবিদ্যাৰ পিতৃ' বুলি কোৱা হয়।৬ বিংশ শতিকাৰ আৰম্ভণিৰেপৰা প্লাষ্টিকৰ সফলতা আৰু বহুল ব্যৱহাৰৰ বাবে পৰিবেশৰ প্ৰতি কিছুমান প্ৰশ্ন আহি পৰিছে। বহুদিনলৈ নষ্ট নোহোৱাকৈ থকাৰ গুণৰ বাবেই প্লাষ্টিকৰপৰা সমস্যাৰ উদ্ভৱ হৈছে। বিংশ শতিকাৰ শেষৰফালে সেয়ে প্লাষ্টিকৰ পুনৰব্যৱহাৰৰ ওপৰত জোৰ দিয়া হৈছে।

Xe-o-to-dien-tre-em-2-cho-ngoi-BMW-Z4-Roadster-6673R
Xe-o-to-dien-tre-em-2-cho-ngoi-BMW-Z4-Roadster-6673Rছবি: Smartbabyvn · CC BY-SA 4.0

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2012). Terminology for biorelated polymers and applications (IUPAC Recommendations 2012). Pure and Applied Chemistry. পৃ. 377–410
  2. ↑ Life cycle of a plastic product . Americanchemistry.com. Retrieved on 2011-07-01
  3. ↑ (July 2009). Applications and societal benefits of plastics. Philos. Trans. R. Soc. Lond. B Biol. Sci.. পৃ. 1977–84
  4. ↑ American Chemical Society National Historic Chemical Landmarks. Bakelite: The World’s First Synthetic Plastic
  5. ↑ Fantastic Recycled Plastic: 30 Clever Creations to Spark Your Imagination, by David Edgar, Robin A. Edgar, p11
  6. ↑ Polymer Chemistry: Introduction to an Indispensable Science, by David M. Teegarden, pp.58-59

সম্পৰ্কিত শ্ৰেণী

সামগ্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্লাষ্টিক” প্ৰবন্ধৰ সংশোধন ৩৮১৮০৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।