অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

থৰ মৰুভূমি

থৰ মৰুভূমি (Thar Desert) ভাৰতৰ উত্তৰ-পশ্চিম তথা পাকিস্তানৰ দক্ষিণ অংশত অৱস্থিত এখন বিশাল মৰুভূমি। ২,০০,০০০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰা এই মৰুভূমিখনক ‘দ্য গ্ৰে’ট ইণ্ডিয়ান ডেজাৰ্ট’ বুলিও জনা যায়। থৰ পৃথিৱীৰ বিংশ তম সৰ্ববৃহৎ মৰুভূমি, আৰু পৃথিৱীৰ নৱম সৰ্ববৃহৎ উষ্ণ উপ-ক্ৰান্তীয় মৰুভূমি।

হালনাগাদ: ১১ জানুৱাৰী ২০২৪ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

থৰ মৰুভূমি (Thar Desert) ভাৰতৰ উত্তৰ-পশ্চিম তথা পাকিস্তানৰ দক্ষিণ অংশত অৱস্থিত এখন বিশাল মৰুভূমি। ২,০০,০০০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰা এই মৰুভূমিখনক ‘দ্য গ্ৰে’ট ইণ্ডিয়ান ডেজাৰ্ট’ বুলিও জনা যায়। থৰ পৃথিৱীৰ বিংশ তম সৰ্ববৃহৎ মৰুভূমি, আৰু পৃথিৱীৰ নৱম সৰ্ববৃহৎ উষ্ণ উপ-ক্ৰান্তীয় মৰুভূমি। থৰ মৰুভূমিৰ প্ৰায় ৮৫% ভাৰতত আৰু বাকী ১৫% পাকিস্তানত আছে।১ ভাৰতৰ মুঠ ভৌগোলিক মাটিকালিৰ প্ৰায় ৪.৫৬% ঠাই থৰ মৰুভূমিয়ে আগুৰি আছে। মৰুভূমিখনৰ ৬০% তকৈও অধিকাংশ ৰাজস্থানত পৰে যদিও ভাৰতৰ আন তিনিখন ৰাজ্য ক্ৰমে গুজৰাট, পঞ্জাব আৰু হাৰিয়ানালৈ আৰু পাকিস্তানৰ সিন্ধ আৰু পঞ্জাব প্ৰান্তলৈ ই বিস্তৃত হৈ আছে।২

ভৌগোলিক বিৱৰণ

থৰ মৰুভূমিৰ উত্তৰ-পূব অংশ আৰাৱলী পাহাৰৰ মাজত অৱস্থিত। এই মৰুভূমিখন উত্তৰে পঞ্জাব আৰু হাৰিয়ানালৈকে, উপকূলৰ কাষেৰে গ্ৰে’ট ৰণ অৱ কট্‌ছলৈ, পশ্চিম আৰু উত্তৰ-পশ্চিমে সিন্ধু নদীৰ জলজ সমভূমিলৈকে বিস্তৃত হৈ আছে। মৰুভূমি অঞ্চলটোৰ বেছিভাগ ঠাই বিশাল, স্থানান্তৰিত বালিৰ টিলাৰে আবৃত যিয়ে জলজ সমভূমি আৰু উপকূলৰ পৰা পলস গ্ৰহণ কৰে। বাৰিষা আৰম্ভ হোৱাৰ আগতেই প্ৰতি বছৰে বাঢ়ি অহা প্ৰচণ্ড বতাহৰ বাবে বালি অতি চলনশীল হয়। লুনি নদী মৰুভূমিখনৰ একমাত্ৰ নদী।৩ বছৰি ১০০ৰ পৰা ৫০০ মিলিমিটাৰ (৪ৰ পৰা ২০ ইঞ্চি) বৰষুণ হয়। ইয়াৰ প্ৰায় সকলোখিনি জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত হয়।১

থৰ মৰুভূমিৰ ভিতৰত থকা লুনীয়া পানীৰ হ্ৰদসমূহৰ ভিতৰত গুজৰাটৰ খাৰাঘোড়া আৰু ৰাজস্থানৰ সম্ভাৰ, কুচামান, দিদৱানা, পাচপদ্ৰা, আৰু ফলোদি অন্যতম। এই হ্ৰদবোৰে বাৰিষা কালত বৰষুণৰ পানী গ্ৰহণ কৰি সংগ্ৰহ কৰে আৰু খৰালি কালত বাষ্পীভৱন হয়। অঞ্চলটোত হোৱা শিলৰ অপক্ষয়ৰ ফলত এই হ্ৰদবিলাকত নিমখ আহে।৪

মাগ্ৰেবৰ প্ৰাকঐতিহাসিক এটেৰিয়ান সংস্কৃতিৰ অন্তৰ্গত প্ৰস্তৰ যুগৰ সঁজুলিসমূহ থৰ মৰুভূমিৰ মধ্য আদি প্ৰস্তৰ যুগৰ আৱৰ্জনাত আৱিষ্কাৰ কৰা হৈছে।৫

তথ্যসূত্ৰ

  1. ↑ Sinha, R. K., Bhatia, S., & Vishnoi, R. (1996). "Desertification control and rangeland management in the Thar desert of India". RALA Report No. 200: 115–123
  2. ↑ Sharma, K. K. and S. P. Mehra (2009). "The Thar of Rajasthan (India): Ecology and Conservation of a Desert Ecosystem". Chapter 1 in: Sivaperuman, C., Baqri, Q. H., Ramaswamy, G., & Naseema, M. (eds.) Faunal ecology and conservation of the Great Indian Desert. Springer, Berlin Heidelberg
  3. ↑ Laity, J. J. (2009). Deserts and Desert Environments. John Wiley & Sons
  4. ↑ Ramesh, R.; Jani, R. A.; Bhushan, R. (1993). Stable isotopic evidence for the origin of salt lakes in the Thar desert. Journal of Arid Environments. পৃ. 117–123
  5. ↑ Gwen Robbins Schug, Subhash R. Walimbe. (2016). A Companion to South Asia in the Past. John Wiley & Sons. পৃ. 64. ISBN 978-1119055471

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থৰ মৰুভূমি” প্ৰবন্ধৰ সংশোধন ৪০১৯৮৩ (১১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।