সংজ্ঞা: বিন্দুৰ গতিপথকে (locus) ৰেখা বোলে। বিন্দুৱে দিশ নসলোৱাকৈ পোনে পোনে গতি কৰিলে সৰল ৰেখা আৰু বক্ৰপথত গতি কৰিলে বক্ৰৰেখাৰ সৃষ্টি হয়। একোডাল ৰেখা অসংখ্য বিন্দুৰ সমষ্টি। ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰৰ পৰিসীমা তৈয়াৰ কৰা যায়। উদাহৰণস্বৰূপে সৰলৰেখাৰ সহায়ত ত্ৰিভুজ, চতুৰ্ভুজ, আয়তক্ষেত্ৰ, ৰম্বাছ, সামান্তৰিক, পঞ্চভূজ ইত্যাদি তৈয়াৰ কৰা হয়। আনহাতে বক্ৰৰেখাৰ সহায়ত বৃত্ত, উপবৃত্ত, অধিবৃত্ত ইত্যাদি তৈয়াৰ কৰা হয়। ইঞ্জিনিয়াৰিং বা পদাৰ্থবিজ্ঞান প্ৰভৃতি বিষয়ত গণনাকাৰ্য্যত ৰেখাৰ গুৰুত্ব অপৰিসীম।
চিত্ৰকলাটো ৰেখাৰ ব্যৱহাৰ উল্লেখযোগ্য। বিভিন্ন ধৰণৰ ৰেখাৰ ৰূপকৰ সহায়ত শিল্পীসকলে তেওঁলোকৰ বিভিন্ন ৰেখাচিত্ৰ অংকন কৰে।
.ৰেখাখণ্ড॰


ৰেখাখণ্ড হৈছে এডাল ৰেখাৰ এটা খণ্ড বা অংশ। ৰেখা এডালত থকা যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্বকেই ৰেখা খণ্ড বুলিব পাৰি। অৰ্থাৎ ৰেখাখণ্ড এডাল দুটা প্ৰান্ত বিন্দুত সীমিত হৈ থাকে। সেয়ে ৰেখা খণ্ড এডালৰ দৈঘ্যৰ মাপ নিৰ্ণয় সম্ভৱ। উদাহৰণ স্বৰূপে ত্ৰিভুজ, বৰ্গ, আয়ত আদিৰ বাহুবোৰ একো একোডাল ৰেখাখণ্ড। আকৌ এটা বৃত্তৰ ক্ষেত্ৰত বৃত্তৰ ব্যাস, ব্যাসাৰ্ধ, জ্যা আদিবোৰ হৈছে একো একোডাল ৰেখাখণ্ড।
ৰশ্মি
ৰশ্মি হৈছে এডাল ৰেখাৰ এটা অংশ। ৰশ্মিৰ এটা প্ৰান্ত বিন্দু থাকে আৰু ইয়াৰ আনটো মূৰ অসীমলৈ বিস্তৃত। ৰেখাৰ দৰে ৰশ্মিৰ মান নিৰ্ণয় সম্ভৱ নহয়। এডাল ৰেখাৰ যিকোনো এটা বিন্দুৰ পৰা আৰম্ভ হৈ দুয়ো মূৰে দুডাল বিপৰীতমুখী ৰশ্মিয়ে গতি কৰে।


তথ্যসূত্ৰ
- Faber, Richard L. (1983). Foundations of Euclidean and Non-Euclidean Geometry. Marcel Dekker. ISBN 0-8247-1748-1
বাহ্যিক সংযোগ
- Equations of the Straight Line at Cut-the-Knot
- Citizendium
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেখা” প্ৰবন্ধৰ সংশোধন ৬৩১৯৬০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।