অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

নৰসংহাৰ

নৰসংহাৰ বা গণহত্যা ( Genocide) হৈছে জাতীয়, বৰ্ণগত, ধৰ্মীয় বা নৃগোষ্ঠীয় গোট হিচাপে বিবেচিত লোকক সম্পূৰ্ণ বা আংশিকভাৱে ধ্বংস কৰাৰ ইচ্ছাকৃত কাৰ্য। 'নৰ'ৰ অৰ্থ মানুহ আৰু 'সংহাৰ'ৰ অৰ্থ মৰা। অৰ্থাৎ নৰসংহাৰ হ'ল মানুহ মৰা। ইংৰাজী প্ৰতিশব্দ জেন'ছাইডৰ উৎসও একেই।

হালনাগাদ: ১৮ এপ্ৰিল ২০২৫ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নৰসংহাৰ বা গণহত্যা ( Genocide) হৈছে জাতীয়, বৰ্ণগত, ধৰ্মীয় বা নৃগোষ্ঠীয় গোট হিচাপে বিবেচিত লোকক সম্পূৰ্ণ বা আংশিকভাৱে ধ্বংস কৰাৰ ইচ্ছাকৃত কাৰ্য। 'নৰ'ৰ অৰ্থ মানুহ আৰু 'সংহাৰ'ৰ অৰ্থ মৰা। অৰ্থাৎ নৰসংহাৰ হ'ল মানুহ মৰা। ইংৰাজী প্ৰতিশব্দ জেন'ছাইডৰ উৎসও একেই। ই গ্ৰীক জেন'ছ, অৰ্থাৎ মানুহ বা বৰ্ণৰপৰা আৰু ছাইড অৰ্থাৎ মৰাৰপৰা আহিছে। সেয়ে জেন'ছাইডৰ বা নৰসংহাৰৰ অৰ্থ "জাতীয়, নৃগোষ্ঠীয়, বৰ্ণগত বা ধৰ্মীয় গোটক সম্পূৰ্ণৰূপে বা আংশিকভাৱে ধ্বংস কৰাৰ উদ্দেশ্যেৰে কৰা কাৰ্য"।১২৩

বৰ্তমানলৈ কেইবাটাও নৰসংহাৰৰ ঘটনা দেখা গৈছে। ইহুদী সকলৰ হত্যাৰ সময়তে জেন'ছাইড শব্দ প্ৰথম ব্যৱহৃত হৈছিল। পাছলৈ গ্ৰীক গণহত্যা, আৰ্মেণীয় গণহত্যা, এছিৰিয়ান গণহত্যা, ইউক্ৰেইণীয় গণহত্যা, বাংলাদেশ গণহত্যা, কম্বোদীয় হণহত্যা, গুৱাটামালান গণহত্যা, কুৰ্ডীয় গণহত্যা, বস্নীয় গণহত্যা, ৰোৱণ্ডন গণহত্যা আদি বিভিন্ন ঘটনা পোহৰলৈ আহিছে।

বুৰঞ্জীত গণহত্যা

ছ'ভিয়েট নগ্ন যুদ্ধবন্দী গণহত্যা — "৩.৩ মিলিয়নৰ হত্যা হোৱা ছ'ভিয়েট যুদ্ধ বন্দী আতাইতকৈ কম জ্ঞাত আধুনিক গণহত্যাসমূহৰ অন্যতম; এতিয়ালৈকে ইয়াৰ ওপৰত কোনো পূৰ্ণ দৈৰ্ঘ্যৰ গ্ৰন্থ নাই।"Adam Jones<sup class=৪" loading="lazy" data-zoom="ছ'ভিয়েট নগ্ন যুদ্ধবন্দী গণহত্যা — "৩.৩ মিলিয়নৰ হত্যা হোৱা ছ'ভিয়েট যুদ্ধ বন্দী আতাইতকৈ কম জ্ঞাত আধুনিক গণহত্যাসমূহৰ অন্যতম; এতিয়ালৈকে ইয়াৰ ওপৰত কোনো পূৰ্ণ দৈৰ্ঘ্যৰ গ্ৰন্থ নাই।"Adam Jones৪">
ছ'ভিয়েট নগ্ন যুদ্ধবন্দী গণহত্যা — "৩.৩ মিলিয়নৰ হত্যা হোৱা ছ'ভিয়েট যুদ্ধ বন্দী আতাইতকৈ কম জ্ঞাত আধুনিক গণহত্যাসমূহৰ অন্যতম; এতিয়ালৈকে ইয়াৰ ওপৰত কোনো পূৰ্ণ দৈৰ্ঘ্যৰ গ্ৰন্থ নাই।"Adam Jones৪ছবি: Unknown author · CC BY-SA 3.0 de

গণহত্যাৰ ধাৰণা অতীতৰ বহু ঘটনাত প্ৰযোজ্য গণ্য কৰা হৈছে। চিপিপিচিজিৰ মতে, "বুৰঞ্জীৰ প্ৰতিটো কালতে গণহত্যাই মানৱতাৰ বাবে বৃহত্‌ ক্ষতি আনিলে।"

অনেক দেশত গণহত্যাক স্বীকৃতি প্ৰদান কৰা বা নকৰা অবৈধ। যেনে, কেইবাখনো ইউৰোপীয় দেশত ইহুদী গণহত্যা আৰু আৰ্মেণীয় গণহত্যাক মিথ্যা আখ্যা দিয়া নিষেধ। আন হাতে তুৰস্কত আৰ্মেণীয়সকলৰ, গ্ৰীকসকলৰ, এছিৰীয়সকলৰ আৰু মেৰ'ণাইটসকলৰ গণ হত্যাক নৰসংহাৰ বোল আৰ্টিকল ৩০১ৰ মতে দণ্ডনীয়।৫

ৱিলিয়াম ৰুবিনষ্টাইনৰ মতে প্ৰথম বিশ্ব যুদ্ধৰ পাছত শাসনৰ আভিজাত ধৰণ লোপ পোৱাৰ পাছতেই বিংশ শতিকাৰ গণহত্যাসমূহে পাতনি মেলিলে।

তথ্যসূত্ৰ

  1. ↑ What is genocide? by Genocide Watch
  2. ↑ Legal definition of genocide. ৰাষ্ট্ৰসংঘ
  3. ↑ What Is Genocide?
  4. ↑ Adam Jones (2010), Genocide: A Comprehensive Introduction (2nd ed.), p.271
  5. ↑ Pair guilty of 'insulting Turkey', BBC News, 11 October 2007

সম্পৰ্কিত শ্ৰেণী

অপৰাধনৰসংহাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰসংহাৰ” প্ৰবন্ধৰ সংশোধন ৫০৩৮৪৮ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।