মিটাৰ (আন্তৰ্জাতিক বানান metre বা আমেৰিকান বানান meter) গ্ৰীক ভাষা বিশেষ্য μέτρον, যাৰ অৰ্থ হৈছে "measure" "জোখ লোৱা", হৈছে আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক। এছ আই এককত ইয়াৰ চিহ্ন হৈছে m।১ শূন্যস্থানত পোহৰে ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্বক মিটাৰ হিচাপে সংজ্ঞাবদ্ধ কৰা হয়।২ ১৭৯৩ চনত বিষুৱ ৰেখাৰ পৰা সুমেৰুৰ দূৰত্বৰ ১০ মিলিয়নভাগৰ এভাগ হিচাপে সংজ্ঞাবদ্ধ কৰা হৈছিল। ১৭৯৯ চনত ইয়াক প্ৰট'টাইপ মিটাৰ বাৰৰ সহায়ত পুনৰবাৰ সংজ্ঞাবদ্ধ কৰা হয় (১৮৮৯ চনত প্ৰকৃত বাৰডাল সলনি কৰা হৈছিল)। ১৯৬০ চনত ক্ৰিপ্টন-৮৬ ৰ নিৰ্গমন লাইনৰ তৰংগদৈৰ্ঘ্যৰ সহায়ত পুনৰবাৰ সংজ্ঞা আগবঢ়োৱা হৈছিল। ১৯৮৩ চনত বৰ্তমানৰ সংজ্ঞাটো আগবঢ়োৱা হয়। এক ইঞ্চি হৈছে ০.০২৫৪ মিটাৰ (২.৫৪ ছেণ্টিমিটাৰ বা ২৫.৪ মিলিমিটাৰ)।
বানান
Metre হৈছে মেট্ৰিক এককত ব্যৱহাৰ কৰিব পৰা দৈৰ্ঘ্যৰ একক (ইংৰাজী ভাষা ব্যৱহাৰ কৰা প্ৰায় সকলো দেশতে)। আমেৰিকা যুক্তৰাষ্ট্ৰ৩৪৫ আৰু ফিলিপাইনছে৬ meter ব্যৱহাৰ কৰে। জোখ মাখ কৰা যন্ত্ৰসমূহে (যেনে-এমিটাৰ, স্পীডমিটাৰ) "-meter" ব্যৱহাৰ কৰে৭( ammeter, speedometer)।
ব্যুৎপত্তি
গ্ৰীক ভাষা কৰ্তা μετρέω (metreo) (জোখ লোৱা, বা তুলনা) আৰু বিশেষ্য μέτρον (metron) হৈছে metre শব্দৰ মূল। লেটিন (metior, mensura), ফৰাচী (mètre, mesure) আৰু ইংৰাজীতো এনেধৰণৰ ব্যৱহাৰ আছিল।
তথ্যসূত্ৰ
- ↑ Base unit definitions: Meter. National Institute of Standards and Technology
- ↑ 17th General Conference on Weights and Measures (1983), Resolution 1.
- ↑ The most recent official brochure about the International System of Units (SI), written in French by the Bureau international des poids et mesures, International Bureau of Weights and Measures (BIPM) uses the spelling metre; an English translation, included to make the SI standard "more widely accessible" also uses the spelling metre (BIPM, 2006, p. 130ff). However, in 2008 the U.S. English translation published by the U.S. National Institute of Standards and Technology (NIST) chose to use the spelling meter in accordance with the United States Government Printing Office Style Manual. The Metric Conversion Act of 1975 gives the Secretary of Commerce of the US the responsibility of interpreting or modifying the SI for use in the US. The Secretary of Commerce delegated this authority to the Director of the National Institute of Standards and Technology (Turner).
- ↑ Naughtin, Pat. (2008). Spelling metre or meter. Metrication Matters
- ↑ Meter vs. metre. Grammarist
- ↑ The Philippines uses English as an official language and this largely follows American English since the country became a colony of the United States. While the law that converted the country to use the metric system uses metre (Batas Pambansa Blg. 8) following the SI spelling, in actual practice, meter is used in government and everyday commerce, as evidenced by laws (kilometer, Republic Act No. 7160), Supreme Court decisions (meter, G.R. No. 185240), and national standards (centimeter, PNS/BAFS 181:2016)
- ↑ (2008). Cambridge Advanced Learner's Dictionary. Cambridge University Press, s.v. ammeter, meter, parking meter, speedometer
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিটাৰ” প্ৰবন্ধৰ সংশোধন ৩৯৫৫৮৫ (৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।