অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ছেকেণ্ড

ছেকেণ্ড (s) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত সময়ৰ একক। ঘণ্টাক ৬০ ৰে দুবাৰ হৰণ কৰিলে ছেকেণ্ড পোৱা যায়। এছ আইৰ মতে ছেকেণ্ডৰ সংজ্ঞা হৈছে, চিজিয়াম ১৩৩ পৰমাণুৰ নিম্নতম অৱস্থা (ground state)ৰ দুটা hyperfine স্তৰৰ মাজত হোৱা নিৰ্গমণৰ ৯১৯২৬৩১৭৭০ স্পন্দনৰ (period) সময় ("the duration of 9 192 631 770 periods…

হালনাগাদ: ৩ জুন ২০২০ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ছেকেণ্ড (s) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত সময়ৰ একক১২। ঘণ্টাক ৬০ ৰে দুবাৰ হৰণ কৰিলে ছেকেণ্ড পোৱা যায়৩। এছ আইৰ মতে ছেকেণ্ডৰ সংজ্ঞা হৈছে, চিজিয়াম ১৩৩ পৰমাণুৰ নিম্নতম অৱস্থা (ground state)ৰ দুটা hyperfine স্তৰৰ মাজত হোৱা নিৰ্গমণৰ ৯১৯২৬৩১৭৭০ স্পন্দনৰ (period) সময় ("the duration of 9 192 631 770 periods of the radiation corresponding to the transition between the two hyperfine levels of the ground state of the caesium 133 atom"১৪)। ছেকেণ্ডক যান্ত্ৰিক, বৈদ্যুতিক অথবা পাৰমাণৱিক ঘড়ীৰ সহায়ত জুখিব পৰা যায়।

এছ আই উপসৰ্গ ব্যৱহাৰ কৰি ছেকেণ্ডৰ উপাংশবোৰ গঠিত হয় যেনে মিলিছেকেণ্ড,মাইক্ৰ'ছেকেণ্ড, নেন'ছেকেণ্ড আদি। এছ আই উপসৰ্গ যদিও কিল'ছেকেণ্ড সাধাৰণতে ব্যৱহাৰ কৰা নহয়। ছেকেণ্ডক ৬০ ৰে পূৰণ কৰিলে মিনিট আৰু মিনিটক ৬০ ৰে পূৰণ কৰিলে ঘণ্টা আৰু ঘণ্টাক ২৪ ৰে পূৰণ কৰিলে দিন পোৱা যায়।

ছেণ্টিগ্ৰাম-গ্ৰাম-ছেকেণ্ড, মিটাৰ-কিল'গ্ৰাম-ছেকেণ্ড, মিটাৰ-টন-ছেকেণ্ড আৰু ফুট-পাউণ্ড-ছেকেণ্ড সকলোতে সময়ৰ একক ছেকেণ্ড।

আন্তৰ্জাতিক ছেকেণ্ড

আন্তৰ্জাতিক একক পদ্ধতি অনুসৰি, ছেকেণ্ড হৈছে চিজিয়াম ১৩৩ পৰমাণুৰ নিম্নতম অৱস্থা(ground state)ৰ দুটা hyperfine স্তৰৰ মাজত হোৱা নিৰ্গমণৰ ৯১৯২৬৩১৭৭০ স্পন্দনৰ (period) সময়("the duration of 9 192 631 770 periods of the radiation corresponding to the transition between the two hyperfine levels of the ground state of the caesium 133 atom")। ১৯৯৭ চনত CIPM ৰ অনুসৰি চিজিয়াম পৰমাণুৰ স্পন্দন(period) স্থিৰাৱস্থাত আৰু পৰম শূন্য (০ কেলভিন) ত লোৱাৰ কথা সংযোগ কৰা হয়।

অন্য এককৰ সৈতে সমতুল্যতা

১ আন্তৰ্জাতিক ছেকেণ্ডৰ সমান হৈছে-

  • 60 মিনিট
  • 3,600 ঘণ্টা
  • 86,400 দিন (IAU একক)
  • 31,557,600 জুলিয়ান বছৰ (IAU একক)

কম্পনাংকৰ একক

  • (1 হাৰ্টজ)
  • (1 becquerel)

তথ্যসূত্ৰ

  1. ↑ Unit of time (second). SI Brochure. BIPM
  2. ↑ Second. Merriam Webster Learner's Dictionary
  3. ↑ Online Etymology Dictionary
  4. ↑ Base unit definitions: Second. physics.nist.gov

সম্পৰ্কিত শ্ৰেণী

এছ আই এককসময়ৰ একক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেকেণ্ড” প্ৰবন্ধৰ সংশোধন ২৩৪৮৬৯ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।