ছুৱেজ খাল (قناة السويس, Suez Canal) ভূমধ্য সাগৰ আৰু লোহিত সাগৰত সংযোগ কৰিবলৈ ছুৱেজ যোজকৰ মাজেদি খন্দা এটা খাল। এই খাল খন্দাৰ আগতে, কোনো জাহাজ ইউৰোপৰ পৰা এছিয়ালৈ আহোঁতে আফ্ৰিকা মহাদেশেদি বহু হাজাৰ কিলোমিটাৰ ঘূৰি যাবলগীয়া হৈছিল। এই অসুবিধা দূৰ কৰিবলৈ ফ্ৰান্সৰ এজন কূটনীতিবিদ আৰু অভিযন্তা ফাৰ্ডিনাণ্ড ডি লেছেপছে (Ferdinand da Lesseps) ইজিপ্তৰ শাসনকৰ্তা ছৈয়দ পাছাক এই খাল খন্দাৰ প্ৰস্তাৱ দিয়ে। অনুমতি পোৱাৰ পাচত, এটা কোম্পানী খুলি লেছেপছে ১৮৫৯ চনৰ ২৫ এপ্ৰিলত কাম আৰম্ভ কৰিলে। ১৬৪ কিলোমিটাৰ (১০২ মাইল) দৈৰ্ঘ্য, ৮ মিটাৰ (২৬ ফুট) দ খাল খন্দাৰ কাম সমাপ্ত হোৱাৰ পাচত ১৮৬৯ চনৰ ১৭ নৱেম্বৰত এই নতুন জলপথেদি জাহাজৰ যাতায়াত আৰম্ভ হ'ল। তাৰ পাচতো মাজে মাজে এই খালটোৰ উন্নয়নৰ কাম কৰা হৈছে। বৰ্তমান এই খালটোৰ দৈৰ্ঘ্য ১৯৩.৩০ কিলোমিটাৰ (১২০.১১ মিটাৰ), গভীৰতা ২৪ মিটাৰ (৭৯ ফুট) আৰু বহল প্ৰায় ২০৫ মিটাৰ (৬৭৩ ফুট)। ১৯৫৬ চনৰ ২৬ জুনত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল নাছেৰে 'ছুৱেজ খাল কোম্পানী'টোক জাতীয়কৰণ কৰে আৰু তাৰ পাচৰ পৰা ছুৱেজ খালৰ দায়িত্ব সম্পূৰ্ণভাৱে ইজিপ্টৰ চৰকাৰৰ হাতলৈ যায়।১
বন্দৰসমূহ
শেহতীয়াকৈ ২০১৫ চনত ছুয়েজ খালৰ এক অংশ মুকলি কৰা হয়।২ ইয়াৰ উত্তৰৰ বন্দৰ (northern terminus ) ৰ নাম পৰ্ট ছেইদ (Port Said), য’ৰ পৰা সাগৰলৈ দুটা প্ৰধান পথ আছে। দক্ষিণৰ বন্দৰৰ নাম পৰ্ট টেউফিক (Port Tewfik)। ই ছুয়েজ মহানগৰত অৱস্থিত আৰু ইয়াৰপৰা সাগৰলৈ মূল পথ এটাই। পশ্চিমপাৰে থকা বন্দৰটো হৈছে ইছলামিয়া ( Ismailia )।৩ ২০১২ চনত মুঠ ১৭,২২৫ বাহন এই খালেৰে পাৰ হৈ যায়।৪
ভৌগোলিক বিৱৰণ
ছুয়েজ খাল বাল্লাহ বাইপাছ (Ballah Bypass) আৰু গ্ৰেট বিটাৰ লেক (Great Bitter Lake) ৰ মাজেৰে পাৰ হৈ গৈছে।৫ ইয়াৰ মাজেদি সাগৰীয় পানী মুক্তভাৱে প্ৰবাহিত হৈছে।৬
পৰিচালনা
ছুয়েজ খাল ইজিপ্টত অৱস্থিত ছুয়েজ কেনেলল অথ’ৰিটি (Suez Canal Authority) ৰ দ্বাৰা পৰিচালিত৭ কনষ্টাণ্টিন’পলৰ কনভেনশ্যন (Convention of Constantinople) অনুসৰি এই খাল যুদ্ধ বা সাধাৰণ পৰিস্থিতত, যিকোনো বাণিজ্য বা যুদ্ধৰ বাহনে ব্যৱহাৰ কৰিব পাৰে ( it may be used "in time of war as in time of peace, by every vessel of commerce or of war, without distinction of flag)"৮৯
বাহ্যিক সংযোগ
- Official government Suez Canal website
- Plan of the Suez Canal — 1882
- Howstuffworks.com: Suez Canal article
- Panoramio.com: Suez Canal Photos
- Darius the Great's Suez Inscriptions
- Constantinople Convention of the Suez Canal, 1888
- Encyclopedia of the Orient: Suez Canal
- Entrance of the Suez Canal — 1882
- Suez Canal Container Terminal at Port Said
- Opening of the Suez Canal, 1869
- Bibliography on Water Resources and International Law Peace Palace Library
তথ্যসূত্ৰ
- ↑ Suez Canal guide. Marine Services Co
- ↑ www.haaretz.com/opinion/.premium-1.670365
- ↑ Suez Canal guide. Marine Services Co
- ↑ Yearly Number & Net Tone by Ship Type, Direction & Ship Status. Suez Canal
- ↑ Suez Canal Authority
- ↑ (1995). The Red Sea Pilot. Imray Laurie Norie & Wilson. পৃ. 266
- ↑ Official Web Site of the Suez Canal Authority
- ↑ Constantinople Convention of the Suez Canal of 2 March 1888 still in force and specifically maintained in Nasser's Nationalization Act
- ↑ Tadros, Sherine. (6 August 2015). Egypt Opens New £6bn Suez Canal. Sky News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুৱেজ খাল” প্ৰবন্ধৰ সংশোধন ৫১৭৭২১ (১৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।