পঞ্চবাদ্যম (Panchavadyam) হৈছে পাঁচবিধ বাদ্যযন্ত্ৰৰ সংগতৰে গঢ়ি উঠা এক বিশেষ থলুৱা বাদ্য-বৃন্দ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে 'পাঁচবিধ বাদ্যৰ সমাহাৰ'।১ এইবিধ পৰম্পৰাগত সংগীত কলাৰ উৎপত্তি আৰু বিকাশ মূলত দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ উপাসনা স্থল বা মন্দিৰসমূহক কেন্দ্ৰ কৰি হৈছিল। এই পাঁচবিধ বাদ্যযন্ত্ৰৰ ভিতৰত চাৰিবিধ বাদ্য হ'ল— তিমিলা, মাদ্দালম, ইলাতালম আৰু ইডাক্কা হৈছে অৱনদ্ধ বা ঘনবাদ্য (আঘাতজনিত বাদ্য) শ্ৰেণীৰ অন্তৰ্গত। আনহাতে পঞ্চমবিধ বাদ্য হৈছে কোম্বু, যি ফুঁ দি বজোৱা এক সুষিৰ বাদ্য।২৩৪
যিকোনো চেণ্ডা মেলমৰ দৰেই পঞ্চবাদ্যমৰ মূল বৈশিষ্ট্য হৈছে ইয়াৰ পিৰামিড সদৃশ ছন্দময় গাঁথনি। সংগীত আগবাঢ়ি যোৱাৰ লগে লগে তালৰ গতি বা লয় ক্ৰমাৎ খৰতকীয়া হৈ যায় আৰু লগে লগে ছন্দ চক্ৰত থকা কোবৰ সংখ্যাও অনুপাতিকভাৱে হ্ৰাস পায়।৫ অৱশ্যে চেণ্ডা মেলমৰ তুলনাত পঞ্চবাদ্যমত ভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় (যদিও ইলাতালাম আৰু কোম্বু দুইটাতে সমানে ব্যৱহাৰ হয়)। এই বাদ্যশৈলী কোনো বিশেষ ধৰ্মীয় ৰীতি-নীতিৰ সৈতে একেবাৰে বান্ধ খাই থকা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ইয়াৰ জৰিয়তে তিলমিলা, মাদ্দালম আৰু ইডাক্কা বাদ্য শিল্পীসকলে ছন্দৰ মাজত নিজাকৈ নতুন ৰূপ বা নতুন অলংকাৰ সংযোগ কৰাৰ অৰ্থাৎ নিজা কলা-কৌশল প্ৰদৰ্শন কৰাৰ বহু থল পায়।৬
লয় আৰু ছন্দ শৈলী
পঞ্চবাদ্যমৰ মূল ভিত্তি হৈছে সাতটা কোবৰ ত্ৰিপুদা তাল, কিন্তু ইয়াৰ শেষ ভাগলৈকে আমোদজনকভাৱে আঠটা কোবৰ চেম্পাতা তালৰ গতিহে অনুসৰণ কৰা দেখা যায়। প্ৰথম পৰ্যায়ত (যাক পতিকালম বোলা হয়) ইয়াৰ ঘূৰ্ণন কোবৰ মুঠ সংখ্যা ৮৯৬টা থাকে। পৰৱৰ্তী প্ৰতিটো পৰ্যায়ত এই সংখ্যা আধা হৈ আহে; যেনে দ্বিতীয় পৰ্যায়ত ৪৪৮টা, তৃতীয় পৰ্যায়ত ২২৪টা, চতুৰ্থ পৰ্যায়ত ১১২টা আৰু পঞ্চম পৰ্যায়ত ৫৬টা হয়। ইয়াৰ পিছত পঞ্চবাদ্যমৰ দ্বিতীয় অৰ্ধাংশত তালৰ বান্ধোন কিছু ঢিলা হয় আৰু ইয়াৰ বাকী থকা পৰ্যায়কেইটাত কোবৰ সংখ্যা ক্ৰমে ২৮, ১৪, ৭, ৩.৫ আৰু ১টালৈ নামি আহে।৬
ইতিহাস আৰু ক্ৰমবিকাশ
পঞ্চবাদ্যম মূলত কোনো সামন্তযুগীয় কৃষ্টি আছিলনে নাই, তাক লৈ পণ্ডিতসকলৰ মাজত আজিও মতভেদ আছে। কিন্তু বৰ্তমান সময়ত প্ৰচলিত ইয়াৰ এই বিশাল সুবিন্যস্ত ৰূপটো ১৯৩০ৰ দশকতহে গঢ়ি উঠিছিল। ই আছিল মূলত প্ৰয়াত মাদ্দালম শিল্পী ভেংকিচন স্বামী (থিৰুভিল্লৱামালা ভেংকটেশ্বৰ আয়াৰ) আৰু তেওঁৰ শিষ্য মাধৱ ৱাৰিয়াৰৰ লগতে প্ৰয়াত তিমিলা ওস্তাদ আন্নামনাডা অচ্যুত মাৰাৰ আৰু চেংগামনাড শেখৰ কুৰূপৰ যুটীয়া চিন্তাৰ ফচল। পৰৱৰ্তী সময়ত প্ৰয়াত ইডাক্কা ওস্তাদ পত্তিৰথ শংকৰ মাৰাৰে ইয়াক অধিক জনপ্ৰিয় কৰি তোলে। তেওঁলোকে এই বাদ্য শৈলীক এক শক্তিশালী ভেটি (পতিকালম) প্ৰদান কৰে আৰু ইয়াৰ ফলতেই পঞ্চবাদ্যম লিখিত স্বৰলিপি আৰু তাৎক্ষণিক কলা-কৌশলৰ এক সুন্দৰ মিশ্ৰণ হৈ পাঁচটা পৰ্যায়ৰ এক পূৰ্ণাংগ সংগীত অনুষ্ঠানলৈ ৰূপান্তৰিত হয়।
প্ৰায় দুঘণ্টা জোৰা এই অনুষ্ঠানটোত কেইবাটাও এনে অংশ থাকে, য'ত বাদ্যযন্ত্ৰৰ প্ৰতিটো দলেই ইটোৱে সিটোক পৰিপূৰক হিচাপে সহায় কৰে। ইয়াক ভাৰতীয় সংগীতৰ মূল ধাৰণা সুৰ বা 'মেলডী'তকৈ পাশ্চাত্য সংগীতৰ বাদ্য-বৃন্দৰ 'হাৰ্মনী' বা সমস্বৰৰ সৈতেহে বেছি তুলনা কৰিব পাৰি। পঞ্চাৰী আৰু আন আন চেণ্ডা মেলমৰ দৰেই পঞ্চবাদ্যমৰ শিল্পীসকলো দুটা ডিম্বাকৃতিৰ শাৰীত পৰস্পৰে মুখা-মুখিকৈ থিয় হয়। অৱশ্যে যিকোনো শাস্ত্ৰীয় চেণ্ডা মেলমৰ দৰে নহৈ পঞ্চবাদ্যমৰ গতি একেবাৰে আৰম্ভণিতেই খৰতকীয়া হৈ পৰে। শংখৰ তিনিটা দীঘলীয়া আৰু সুৰীয়া ধ্বনিৰ পিছতেই এই বাদ্য-বৃন্দ অতি সহজ আৰু প্ৰাণৱন্ত ৰূপত আৰম্ভ হয়।
একোটা পঞ্চবাদ্যম দলক পৰিচালনা আৰু নেতৃত্ব দিয়ে কেন্দ্ৰস্থলত থকা তিমিলা শিল্পীগৰাকীয়ে, যাৰ পিছফালে ইলাতালাম বাদকসকলে শাৰী পাতে। তেওঁলোকৰ ঠিক বিপৰীতে মুখা-মুখিকৈ মাদ্দালম বাদকসকল থিয় হয় আৰু তেওঁলোকৰ পিছফালে কোম্বু বাদকসকলে স্থান লয়। সাধাৰণতে দুজন ইডাক্কা বাদকে তিমিলা আৰু মাদ্দালম শিল্পীসকলৰ মাজৰ খালী ঠাইখিনৰ দুয়োকাষে অৱস্থান কৰে। একোটা ডাঙৰ বা প্ৰধান পঞ্চবাদ্যম অনুষ্ঠানত প্ৰায় ৬০ গৰাকী শিল্পীৰ সমাৱেশ ঘটে।
পঞ্চবাদ্যম আজিও ঘাইকৈ মন্দিৰ কেন্দ্ৰিক এক কলা ৰূপ হৈয়েই আছে। পিছে বৰ্তমান ই মন্দিৰৰ চাৰিবেৰৰপৰা ওলাই আহি ধৰ্ম নিৰপেক্ষ সামাজিক অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা তথা বিশিষ্ট অতিথিসকলক আদৰণি জনাবলৈও প্ৰদৰ্শন কৰা হয়।
প্ৰধান প্ৰদৰ্শন থলী
মধ্য আৰু উত্তৰ কেৰালাৰ মন্দিৰৰ উৎসৱসমূহত, বিশেষকৈ মাৰ্চ আৰু এপ্ৰিল মাহৰ উৎসৱৰ বতৰত পঞ্চবাদ্যম ব্যাপকভাৱে প্ৰদৰ্শন কৰা হয়।৭ ইয়াৰ ভিতৰত আটাইতকৈ বিখ্যাত দুটা উৎসৱ হৈছে ত্ৰিশূৰ পূৰম আৰু আৰাট্টুপুঝা পূৰম।৭ ত্ৰিশূৰ পূৰম উৎসৱত থিৰুভাম্বাদী দলৰদ্বাৰা পৰিৱেশিত 'মাডাথিল ভাৰাভু' পঞ্চবাদ্যম হৈছে আটাইতকৈ আকৰ্ষণীয় আৰু জনপ্ৰিয় অনুষ্ঠানসমূহৰ অন্যতম।৮
প্ৰশিক্ষণ প্ৰতিষ্ঠান
পঞ্চবাদ্যমৰ আনুষ্ঠানিক প্ৰশিক্ষণ প্ৰদান কৰা কিছুমান উল্লেখযোগ্য প্ৰতিষ্ঠান হ'ল— কেৰালা কলামণ্ডলম,৯ ভাইকমত থকা ক্ষেত্ৰ কলাপীঠম আৰু কোংগাদৰ ক্ষেত্ৰকলা ক্ষেত্ৰম।
লগতে চাওক
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ Sherinian, Zoe C. (2004). India: A musical anthology. Rounder Records 82161-1755-2. (A Danielou). Ethnomusicology. পৃ. 475–478
- ↑ Panchavadyam - traditional orchestra of Kerala. www.keralaculture.org
- ↑ Traditional orchestras of Kerala, Panchavadyam, Pandi Melam, Panchari Melam, Thayambaka, Enchanting Kerala, Newsletter, Kerala Tourism. Kerala Tourism
- ↑ Art & Culture. archive.india.gov.in
- ↑ Viswanathan, Kaladharan. (2023-06-01). Kerala Kalamandalam: A legacy revisited. Indian Theatre Journal. পৃ. 17–35
- ↑ Panchavadyams and Poorams: Spectacles of North Kerala. pib.gov.in
- ↑ Traditional orchestras of Kerala. Kerala Tourism. Department of Tourism, Government of Kerala
- ↑ (7 May 2025). Madathil Varavu enthrals all with panchavadyam. The New Indian Express
- ↑ Allen, Richard. (2023-04-03). Kerala International Festival of Theatre Schools (IFTS) 2023. Theatre and Performance Design. পৃ. 112–119
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্চবাদ্যম” প্ৰবন্ধৰ সংশোধন ৬২৫৫৩৪ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।