অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অপাৰেচন বজৰং

অপাৰেচন বজৰং হৈছে ১৯৯০ চনৰ ২৮ নৱেম্বৰত ভাৰতীয় সেনাবাহিনীয়ে আলফাৰ বিৰুদ্ধে চলোৱা এটা অভিযান। লক্ষীপথাৰৰ লাংকাচি আৰু দিমৰুহোলা গাঁৱত সেনাৰ এই অভিযান চলিছিল। সেই সময়ত অসমত অসম গণ পৰিষদৰ চৰকাৰ চলি আছিল। যদিও অপাৰেচনৰ আগে আগে চৰকাৰখন ভাঙি দি ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্ত্তন কৰা হৈছিল।

হালনাগাদ: ১৭ ডিচেম্বৰ ২০২১ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অপাৰেচন বজৰং হৈছে ১৯৯০ চনৰ ২৮ নৱেম্বৰত ভাৰতীয় সেনাবাহিনীয়ে আলফাৰ বিৰুদ্ধে চলোৱা এটা অভিযান। লক্ষীপথাৰৰ লাংকাচি আৰু দিমৰুহোলা গাঁৱত সেনাৰ এই অভিযান চলিছিল। সেই সময়ত অসমত অসম গণ পৰিষদৰ চৰকাৰ চলি আছিল। যদিও অপাৰেচনৰ আগে আগে চৰকাৰখন ভাঙি দি ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্ত্তন কৰা হৈছিল।

আঁৰৰ কাহিনী

আলফাই সেইসময়ত ধনদাবী, হত্যা, অপহৰণ আদি বিভিন্ন সন্ত্ৰাসমূলক কাৰ্যকলাপ চলাই গৈছিল। আলফাই ডুমডুমাত সাতখন চাহবাগিছা থকা ইউনিলিভাৰ কোম্পানী আৰু গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰা বছৰি বিক্ৰী হোৱা মুঠ চাহৰ ৬০% চাহ ক্ৰয় কৰা ব্ৰুকলেণ্ড আৰু লিপ্টন কোম্পানীক চাৰে তিনি কোটি টকা দিবলৈ আদেশ দিয়ে। ইউনিলিভাৰ কোম্পানীৰ ভাৰতৰ শাখা হিন্দুস্তান ইউনিলিভাৰে তেওঁলোকৰ লণ্ডনৰ কাৰ্য্যালয়ক এই বিষয়ে অৱগত কৰে। লণ্ডনৰ কাৰ্য্যালয়ৰ ভাৰতৰ সেইসময়ৰ উচ্চায়ুক্ত কুলদীপ নায়াৰৰ সৈতে সুসম্পৰ্ক আছিল। গতিকে এই বিষয়টো কুলদীপ নায়াৰক জনোৱাত তেওঁ ভাৰত চৰকাৰক আলফাৰ ওপৰত কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনায়। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে অসমত অপাৰেচন বজৰং চলাবলৈ সিদ্ধান্ত কৰে।১

তদুপৰি আলফাই ১৯৮৯-৯০ৰ ভিতৰত বহুকেইটা হত্যাকাণ্ড সংঘটিত কৰিছিল। তাৰ ভিতৰত আছিল উদ্যোগপতি স্বৰাজ পালৰ ভায়েক সুৰেন্দ্ৰ পাল, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী, অইল ইণ্ডিয়াৰ প্ৰৱন্ধক পি কে ডি ৰামামূৰ্তী, কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ জি এল হৰলালকা আৰু হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্প’ৰেচনৰ প্ৰৱন্ধক ডি চলিহা। তদুপৰি আলফাই গুৱাহাটী শোধনাগাৰৰ সাধাৰণ প্ৰৱন্ধক এইচ কে এল দাসক অপহৰণ কৰিছিল যদিও পিছত এৰি দিয়ে।১

পৰিকল্পনা

ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিং, ইণ্টেলিজেন্স ব্যুৰ’ আৰু ভাৰতীয় সেনাৰ চোৰাচোৱাং সংস্থাই একেলগে মিলিত হৈ ডুমডুমাত থকা চাহবাগানৰ কৰ্মীসকল উলিয়াই আনিবলৈ পৰিকল্পনা প্ৰস্তুত কৰে। লণ্ডন, কলকাতা আৰু ডুমডুমাৰ মাজত ক্ষিপ্ৰ যোগাযোগৰ বাবে দিল্লীত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ’ল। ৮ নৱেম্বৰৰ দিনা এখন বয়িং বিমানেৰে চাহবাগানৰ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালসকলক ডুমডুমাৰ পৰা উলিয়াই অনা হ’ল।১

ছেপ্তেম্বৰ মাহতেই ভাৰত পাকিস্তান সীমান্তত কাম কৰি থকা লেফটেনেণ্ট জেনেৰেল অজয় সিঙক ৰাজ্যখনৰ আইন শৃঙ্খলা পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ তেজপুৰলৈ বদলি কৰি অনা হৈছিল। ১৮ নৱেম্বৰ, ১৯৯০ৰ দিনা তেখেতক কলকাতালৈ মাতি নি অপাৰেচনৰ পৰিকল্পনাৰ বিষয়ে কোৱা হ’ল। উল্লেখযোগ্য যে এই অভিযানৰ পৰা অসম আৰক্ষীক সম্পূৰ্ণ নিলগাই ৰখা হৈছিল।১

অভিযান

২৬ নৱেম্বৰৰ দিনা ৩০ হাজাৰ ভাৰতীয় সেনা অসম অভিমুখে ৰাওনা হ’ল। সেইদিনাই অসম গণ পৰিষদ চৰকাৰখন ভংগ কৰা হ’ল। আলফাক ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা হৈছিল।

৯ জুন, ১৯৯০ত ধৰা পৰা তিনিজন আলফা সদস্যৰ পৰা সেনাই ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ আলফা শিবিৰৰ সম্ভেদ পাইছিল। ২৮ নৱেম্বৰৰ পুৱতি নিশা প্ৰায় ডেৰ বজাত ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ত প্ৰথমটো আক্ৰমণ চলে।১ অৱশ্যে আগতীয়া উমান পোৱা বাবে তাৰে সদস্যসকলে আক্ৰমণটো ভেটা দিবলৈ সক্ষম হয়। দুজনমান সদস্য আহত হয় যদিও কোনো নিহত নহ’ল।২ শিবিৰত থকা ৭০জন সদস্যই কেইবাটাও ভাগত ভাগ হৈ পলাই সাৰিবলৈ সক্ষম হয়। তাৰে ৭ দিন পিছত চৰাইপুঙত থকা দ্বিতীয়টো শিবিৰত আক্ৰমণ চলিছিল যদিও তাত থকা সদস্যসকল পলাই সাৰিবলৈ সক্ষম হৈছিল।২ সেনাই আলফাৰ শিবিৰসমূহ ধ্বংস কৰিছিল।৩ ৪ ডিচেম্বৰৰ দিনা তিনিচুকীয়াৰ কাষৰ লক্ষীপথাৰত এটা গণকবৰ উদ্ধাৰ হৈছিল য’ত ১৫টা গলিত মৃতদেহ পোৱা হৈছিল। সেই মৃতদেহকেইটা আলফাই অপহৰণ কৰা চাহবাগানৰ কোনোবা কৰ্মচাৰীৰ মৃতদেহ বুলি সন্দেহ কৰা হৈছিল।

পিছৰ ঘটনা

২৮ জানুৱাৰী, ১৯৯১ত আলফাই যিকোনো মধ্যস্থতাকাৰীৰ যোগেদি অভিযান সমাপ্ত কৰাব বিচাৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে আলফাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখে। ৪ মাৰ্চ, ১৯৯১ত আলফাই একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে। লগতে মে’ত হবলগীয়া বিধানসভা নিৰ্বাচনত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই পূৰ্বৰ ভুলৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা মাগে।৪ ২০ এপ্ৰিলৰ দিনা অপাৰেচন বজৰঙৰ সামৰণি মৰা হয়।৫

তথ্যসূত্ৰ

  1. ↑ (Aug 30, 2017). Book excerpt: The ULFA tea estate extortion that led to Operation Bajrang in 1990. Hindustan Times
  2. ↑ (28 novembar, 2018). 28 years of Operation Bajrang, ULFA leaders share the memories of the operation.
  3. ↑ (24.06.03). Ulfa flush-out mission. The Telegraph
  4. ↑ Chronology for Assamese in India
  5. ↑ (1991). Assam-Drifting to disaster. Economic and Political Weekly

সম্পৰ্কিত শ্ৰেণী

স্বাধীনোত্তৰ অসমসামৰিক অভিযান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপাৰেচন বজৰং” প্ৰবন্ধৰ সংশোধন ৩০৯২৫০ (১৭ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।