অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

এম’নিয়া

এম’নিয়া বা এজেন (ইংৰাজী: Ammonia or Azane) হ’ল নাইট্ৰ'জেন আৰু হাইড্ৰ’জেনেৰে গঠিত এবিধ ৰাসায়নিক যৌগ যাৰ ৰাসায়নিক সংকেত NH3। জোছেফ প্ৰিষ্টলে সৰ্বপ্ৰথমে ১৭৭৪ চনত এম’নিয়াম ক্ল’ৰাইডক চূণৰ সৈতে গৰম কৰি এম’নিয়া গেছ তৈয়াৰ কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এম’নিয়া বা এজেন (ইংৰাজী ভাষা: Ammonia or Azane) হ’ল নাইট্ৰ'জেন আৰু হাইড্ৰ’জেনেৰে গঠিত এবিধ ৰাসায়নিক যৌগ যাৰ ৰাসায়নিক সংকেত NH3। জোছেফ প্ৰিষ্টলে সৰ্বপ্ৰথমে ১৭৭৪ চনত এম’নিয়াম ক্ল’ৰাইডক চূণৰ সৈতে গৰম কৰি এম’নিয়া গেছ তৈয়াৰ কৰিছিল।১ ইউৰিয়াৰ অৱক্ষয়ৰ ফলত এম’নিয়া উৎপন্ন হয় NH2CONH2 + 2H2O → (NH4)2CO3 ⇌ 2NH3 + H2O + CO2

ধৰ্ম

এম’নিয়া উগ্ৰ গোন্ধযুক্ত এবিধ বৰণহীন গেছ। এম’নিয়া ক্ষাৰীয় প্ৰকৃতিৰ। এই গেছ বায়ুতকৈ পাতল আৰু ইয়াৰ বাষ্পীয় ঘনত্ব ৮.৫। এম’নিয়া পানীত অতিশয় দ্ৰৱনীয়। ইয়াৰ হিমাংক ১৯৫.৪২ K আৰু উতলাংক ২৩৯.৮১ K। এম’নিয়া অণুৰ নাইট্ৰ’জেন পৰমাণুত একাকী যুগ্ম ইলেকট্ৰন থকা বাবে ই লিৱিছ ক্ষাৰকৰ ধৰ্ম দেখুৱায়।

প্ৰাকৃতিক উৎস

বায়ুমণ্ডলত খুব সামান্য পৰিমাণে এম’নিয়া পোৱা যায় তথা বৰষুণৰ পানীত অলপ পৰিমাণে এম’নিয়াৰ উপস্থিতি পোৱা যায়। সাগৰৰ পানীত এম’নিয়াম লৱণ পোৱা যায়। প্ৰাণীদেহত অতিৰিক্ত এচিড প্ৰশমিত কৰিলে যকৃতত থকা NH3 নিঃসৃত হয়। সৌৰজগতৰ প্লুটো, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন গ্ৰহত এম’নিয়াৰ সন্ধান পোৱা গৈছে।

ব্যৱহাৰ

ইউৰিয়া, এম’নিয়াম ছালফেট, এম’নিয়াম ফছফেট, এম’নিয়াম নাইট্ৰেট আদি ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰিবলৈ এম’নিয়া ব্যৱহাৰ কৰা হয়। নাইট্ৰিক এচিড তথা ছ’ডিয়াম কাৰ্ব’নেট নিৰ্মাণত অত্যধিক পৰিমাণে এম’নিয়া ব্যৱহাৰ কৰা হয়। আইচক্ৰীম কাৰখানাত শীতলকাৰক হিচাপে আৰু লেবৰেটৰীত প্ৰতিকাৰক হিচাপে এম’নিয়া ব্যৱহাৰ কৰা হয়। এম’নিয়াম কাৰ্ব’নেট বনাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ অত্যধিক ব্যৱহাৰৰ বাবে গোটেই বিশ্বত ই ব্যাপক পৰিমাণে উৎপাদন হয়। ২০০৪ চনত গোটেই বিশ্বত ইয়াৰ আনুমানিক উৎপাদন ১০ কৌটি ৯০ লাখ টন আছিল২ আৰু ২০০৬ চনত ইয়াৰ উৎপাদন প্ৰায় ১৪ কৌটি ৬৫ লাখ টন আছিল।৩ এম’নিয়াৰ উৎপাদনত ভাৰতৰ স্থান চীনৰ পিছত দ্বিতীয়। এই দুয়োখন দেশে বিশ্ব উৎপাদনৰ ক্ৰমে ২৮.৪% তথা ৮.৬% উৎপাদন কৰে। ৰুছ ৮.৪% তথা আমেৰিকা যুক্তৰাষ্ট্ৰই ৮.২% উৎপাদনত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে।২ মুঠ উৎপাদনৰ ৮০% উৰ্বৰক বনাবলৈ ব্যৱহাৰ কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ Abraham, Lyndy. (1990). Marvell and alchemy. Aldershot Scolar. ISBN 0-85967-774-5
  2. ↑ United States Geological Survey publication
  3. ↑ Max Appl "Ammonia" in Ullmann's Encyclopedia of Industrial Chemistry, 2006, Wiley-VCH, Weinheim. Article Online Posting Date: December 15, 2006

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক যৌগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম’নিয়া” প্ৰবন্ধৰ সংশোধন ৬৩১০১১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।