অথৰ্বন হিন্দু ধৰ্মৰ এজন কিংবদন্তি বৈদিক ঋষি, যিয়ে অংগিৰসৰ সৈতে অথৰ্ববেদ ৰচনা কৰা("প্ৰচলিত কথা") বুলি ধৰা হয়। তেওঁ প্ৰথমে অগ্নিযজ্ঞ বা যজ্ঞৰ প্ৰতিষ্ঠা কৰা বুলিও কোৱা হয়। কেতিয়াবা তেওঁক সপ্তৰ্ষিৰ মাজৰো এজন বুলি গণ্য কৰা হয়। তেওঁৰ বংশ অথৰ্বন নামেৰে জনাজাত। অথৰ্বনে প্ৰজাপতি কৰ্দমৰ কন্যা শান্তিৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু পুত্ৰ হিচাপে এজন মহান ঋষি দধীচি জন্ম দিয়ে। তেওঁক ভৃগু বংশৰ সদস্য বুলি উল্লেখ কৰা হৈছে।
মুণ্ডক উপনিষদ আৰু অন্যান্য গ্ৰন্থ অনুসৰি তেওঁ সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ মনৰ পৰা জন্ম হোৱা জ্যেষ্ঠ পুত্ৰ (মানসপুত্ৰ) আছিল।
ব্যুৎপত্তিবিজ্ঞান
বৈদিক অথৰ্বন আভেস্তান āθrauuan / aθaurun, "পুৰোহিত"ৰ সৈতে সম্পৰ্কিত, কিন্তু শব্দটোৰ ব্যুৎপত্তি এতিয়াও নিৰ্ণায়কভাৱে প্ৰতিষ্ঠিত হোৱা নাই। পৰম্পৰাগতভাৱে ইয়াক ব্যুৎপত্তিগতভাৱে আভেস্তান আটাৰৰ সৈতে জড়িত বুলি ভবা হয় যদিও কিছুমানে ইয়াক খণ্ডন কৰাৰ চেষ্টা কৰিছে।
উৎস
- Boyce, Mary (2002). "Āθravan". Encyclopædia Iranica. New York: Mazda Pub. pp. 16–17. Available online at www.iranicaonline.org/articles/atravan-priest (accessed on 30 December 2012).
- Lubotsky, A. (2001). Early Contacts between Uralic and Indo-European: Linguistic and Archaeological Considerations. Suomalais-Ugrilainen Seura. পৃ. 301–317
- Witzel, Michael (2003). "Linguistic Evidence for Cultural Exchange in Prehistoric Western Central Asia". Sino-Platonic Papers Volume 129. Philadelphia: University of Pennsylvania, Department of East Asian Languages and Civilizations.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অথৰ্বন” প্ৰবন্ধৰ সংশোধন ৫৩৮৩৫৩ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।