
অনাভিল্লু কেৰালাৰ এবিধ পৰম্পৰাগত ধেনুৰ আকৃতিৰ এটা সৰু আৰু সৰল বাদ্য। কেৰালাৰ ওনাম উৎসৱৰপৰা ইয়াৰ নাম আহিছে। এই উৎসৱত নৃত্য কৰাৰ সময়ত এই বাদ্যযন্ত্ৰ বজোৱা হয়। মালয়ালম ভাষাত 'ভিল্লু' মানে ধেনু। গ্ৰাম্য লোকশিল্পত ইয়াৰ ব্যৱহাৰ এতিয়াও আছে, কিন্তু ক্ৰমে ই কমি আহিছে।১
'অনাভিল্লু' বুলি ক'লে ৰঙীন সূতাৰে সজোৱা চেপেটা আৰু দীঘলীয়া কাঠৰ শিল্পকৰ্মকো বুজায়। ভগৱান বিষ্ণুৰ প্ৰতি ভক্তি জনাবলৈ ধৰ্মীয় অনুষ্ঠানত ইয়াক ব্যৱহাৰ কৰা হয়।
বাদ্যযন্ত্ৰ

কুম্মাট্টিকলি আৰু অন্যান্য লোকনৃত্যত অনাভিল্লু বজোৱা হয়। তাল বা বাঁহৰপৰা ইয়াক ধেনুৰ আকৃতিত তৈয়াৰ কৰা হয়। ধেনুৰ সূতাৰ বাবে বাঁহৰ পাতলীয়া অংশ ব্যৱহাৰ কৰা হয়।২ পেঞ্চিলৰ নিচিনা এটা সৰু কাঠৰ কাঠিৰে আঘাত কৰিলে এই ধেনুৰ সূতাৰপৰা শব্দ ওলায়। সূতাডালত আঙুলিৰে হেঁচা দি শব্দৰ উচ্চতা সলনি কৰিব পাৰি।
ধৰ্মীয় ধেনু
এই ধেনুবিধ কোনো বাদ্যযন্ত্ৰ নহয়, ইয়াক কেৱল ধৰ্মীয় কামত ব্যৱহাৰ কৰা হয়। প্ৰায় আধা ইঞ্চি ডাঠ কাঠৰ চেপেটা টুকুৰাৰপৰা ইয়াক তৈয়াৰ কৰা হয়। ইয়াৰ আকাৰ ৩.৫ ফুটৰপৰা ৪.৫ ফুট পৰ্যন্ত হয়। কদম, মাৰুথু, কঁঠাল আৰু আঞ্জিলি কাঠ ইয়াৰ বাবে উপযোগী। কাঠ কটাৰ পিছত তাত ভগৱান বিষ্ণুৰ অনন্তশয়ন (শয়নমূৰ্তি), দশৱতাৰ, শ্ৰীৰামৰ ৰাজ্যাভিষেক আৰু শ্ৰীকৃষ্ণৰ লীলাৰ ছবি অঁকা হয়। ত্ৰিভন্দ্ৰমৰ পূজাপুৰাৰ আশাৰী পৰিয়ালে এই ধেনুত লগোৱা ৰঙা সূতাৰ কাম কৰে।
এই ধেনু বনোৱাৰ দায়িত্ব কেৱল এটা বিশেষ স্থানীয় পৰিয়ালৰ হাতত থাকে।৩
কিংবদন্তি
কিংবদন্তি মতে, ৰজা মহাবলীক বামন দেৱতাই পাতাললৈ পঠিওৱাৰ সময়ত ভগৱান বিষ্ণু প্ৰকট হৈছিল। মহাবলীয়ে প্ৰাৰ্থনা কৰিছিল যাতে তেওঁ প্ৰতিবছৰে নিজৰ জন্মভুলিলৈ আহি ভগৱানক দৰ্শন কৰিব পাৰে। ভগৱানে তেওঁক বৰদান দিছিল, কিন্তু কৈছিল যে ৰজাই কেৱল অঁকা ছবিৰ ৰূপতহে তেওঁক আৰু তেওঁৰ অৱতাৰসমূহক দেখিবলৈ পাব। বিশ্বকৰ্মাক কদম কাঠত দশৱতাৰৰ ছবি আঁকিবলৈ কোৱা হৈছিল। ইয়াৰপৰাই অনাভিল্লুৰ সৃষ্টি হয়, যিটো মহাৱলীৰ দৰ্শনৰ বাবে প্ৰতিবছৰে প্ৰদৰ্শন কৰা হয়।
ধৰ্মীয় ব্যৱহাৰ
তীৰুওণম দিনটোত, অৰ্থাৎ ভগৱান মহাবিষ্ণুৰ জন্মতিথিত, বহুভক্তই কেৰালাৰ ত্ৰিভন্দ্ৰমৰ পদ্মনাভস্বামী মন্দিৰলৈ আহে। তাত এই বৰ্ণিল ধেনু উৎসৰ্গিত কৰা হয়, যাক 'অনাভিল্লু চাৰ্থল' বোলে। মন্দিৰটো বিষ্ণুৰ ১০৮খন পৱিত্ৰ মন্দিৰৰ এটা। এই ধেনুবোৰ নাটকত প্ৰদৰ্শন কৰাৰ পাছত দেৱতাক উছৰ্গা কৰা হয়।
পদ্মনাভৰ বাবে অনন্তশয়ন সংস্কৰণ, নৰসিংহৰ বাবে দশৱতাৰ, কৃষ্ণৰ বাবে কৃষ্ণলীলা আৰু ৰামৰ বাবে শ্ৰীৰাম ৰাজ্যাভিষেকৰ ছবি থকা ধেনু উছৰ্গা কৰা হয়।
তৃতীয় দিনা এই অনাভিল্লুবোৰ নমাই লোৱা হয়। মন্দিৰ ট্ৰাষ্টে ভক্তসকলক এইবোৰ বিক্ৰী কৰে। ভক্তসকলে ইয়াক সমৃদ্ধিৰ প্ৰতীক বুলি বিশ্বাস কৰে।৪
তথ্যসূত্ৰ
- ↑ Onavillu in India. India9.com
- ↑ Video gallery - Videos on Kerala. Keralatourism.org
- ↑ Onavillu: the ceremonial bows, India, Kerala Videos. Indiavideo.org
- ↑ The Hindu: Kerala / Thiruvananthapuram News: 'Onavillu': A spiritual tradition revered through the ages. ://hindu.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাভিল্লু” প্ৰবন্ধৰ সংশোধন ৬৩০০৫৯ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।