৯ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৫টা দিন (অধিবৰ্ষত ৩২৬টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
- ১৯০০ – ডেভিছ কাপ প্ৰতিযোগিতাৰ আৰম্ভণি।
- ১৯৭১ – এপ'ল' অভিযান: চন্দ্ৰপৃষ্ঠত তৃতীয়বাৰ অৱতৰণৰ পিছত এপ'ল' ১৪ পৃথিৱীলৈ ঘূৰি আহে।
- ১৯৮৬ – সৌৰজগতৰ অন্তঃভাগত হেলিৰ ধুমকেতু দেখা পোৱা গৈছিল।
- ১৯৯৬ - ৰাসায়নিক মৌল ক'পাৰনিচিয়াম (Cn)ৰ আৱিষ্কাৰ।
- ২০২৫ চন – ছত্তীসগঢ়ৰ বিজাপুৰ জিলাত সেনা আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষত ৩১ গৰাকী নক্সালবাদী আৰু ২ গৰাকী সেনা নিহত হয়।১
জন্ম
- ১৯০৭ - বিনোদিনী ৰমনভাই নীলকণ্ঠ, গুজৰাটী লেখিকা, অনুবাদিকা আৰু অধ্যাপিকা।
- ১৯৩০ - কেশৱানন্দ দেৱগোস্বামী, অসমীয়া গৱেষক, সংগীতজ্ঞ আৰু সাহিত্যক।
- ১৯৪০ - জে. এম. কয়েৎজে, দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক।
- ১৯৪৫ - য়শ্বিনৰী অহচুমি, জাপানী কোষ জীৱবিজ্ঞানী আৰু অট'ফেগী বিশেষজ্ঞ।
- ১৯৫৮ - অমৃতা সিং, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৯ - জিমি স্মিথ, আমেৰিকান ফুটবল খেলুৱৈ।
মৃত্যু
- ১৯৮১ - এম. চি. ছাগ্লা, ভাৰতৰ প্ৰাক্তন মন্ত্ৰী। (জন্ম ১৯০০)
- ১৯৮৪ - বালাসৰস্বতী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী।
- ২০১২ - অ'. পি. দত্ত, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্য লিখক। (জন্ন ১৯২২)
- ২০২২ - অপূৰ্ব বেজবৰুৱা, অসমীয়া কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক।
দিৱস
- ছেণ্ট মাৰোণ দিৱস (লেবানন)।
তথ্যসূত্ৰ
- ↑ 2025 in India. Wikipedia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৫৬৭২৪৫ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।