অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ইভ-টিজিং

ভাৰতত ইভ টিজিং হৈছে এটা ব্যঞ্জনা, যিটো মূলতঃ ইংৰাজীত দেখা যায় আৰু ইয়াত পুৰুষৰ দ্বাৰা মহিলাক ৰাজহুৱা স্থানত যৌন নিৰ্যাতন বা যৌন আতিশয্য কৰা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। "ইভ" নামটোৱে বাইবেলৰ আদম আৰু ইভৰ সৃষ্টিৰ কাহিনীক বুজায়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৫৫১ শব্দ · ৩ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

ভাৰতত ইভ টিজিং হৈছে এটা ব্যঞ্জনা, যিটো মূলতঃ ইংৰাজীত দেখা যায় আৰু ইয়াত পুৰুষৰ দ্বাৰা মহিলাক ৰাজহুৱা স্থানত যৌন নিৰ্যাতন বা যৌন আতিশয্য কৰা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। "ইভ" নামটোৱে বাইবেলৰ আদম আৰু ইভৰ সৃষ্টিৰ কাহিনীক বুজায়।১ ই পুৰুষ যুৱকসকলৰ যৌন-অপৰাধ প্ৰৱণতাৰ সৈতে জড়িত সমস্যা বুলি গণ্য কৰা হয়,২ ই এক প্ৰকাৰৰ যৌন আক্ৰমণাত্মকতা, যিবোৰত স্পৰ্শৰ আকাংখা, যৌন উত্তেজক মন্তব্য কৰা, ৰাজহুৱা স্থানত হাতেৰে টনাটনি কৰা আদিলৈকে ধৰা হয়৷৩৪৫

ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা আয়োগে পৰামৰ্শ দিছে যে, এই অভিব্যক্তিটোৱে অপৰাধৰ গুৰুত্বক তুচ্ছজ্ঞানহে কৰে, গতিকে, ইয়াৰ ঠাইত অধিক উপযুক্ত শব্দ ব্যৱহাৰ কৰিব লাগে।৬ তেওঁলোকে যুক্তি আগবঢ়ায় যে, ভাৰতীয় ইংৰাজীত শব্দটোৰ অৰ্থগত মূল বিবেচনা কৰিলে ইভৰ প্ৰলোভনকাৰী স্বভাৱক বুজায় আৰু ইয়ে জোকোৱাৰ দৰে ঘটনাৰ দায়িত্ব মহিলাগৰাকীৰ ওপৰতহে জাপি দিয়ে।৭

বেছিভাগ ব্যক্তিগত ধৰণৰ নিৰ্যাতনৰ দৰেই যৌন নিৰ্যাতনক আইনী অৰ্থত প্ৰমাণ কৰাটো আচৰিতধৰণে কঠিন, কাৰণ অপৰাধীয়ে প্ৰায়ে মহিলাসকলক হাৰাশাস্তি কৰিবলৈ ভাবি-চিন্তি বিভিন্ন উপায় উদ্ভাৱন কৰে, যদিও ইভৰ টিজিং সাধাৰণতে ৰাজহুৱা স্থান, ৰাজপথত আৰু ৰাজহুৱা পৰিবহণত ঘটে।৮ অঞ্চলসমূহৰ কিছুমান গাইডবুকত মহিলা পৰ্যটকসকলক সাধাৰণ, ৰক্ষণশীল সাজ-পোছাক পৰিধান কৰি এই ধৰণৰ পুৰুষৰ দৃষ্টি আকৰ্ষণ নকৰিবলৈ অৰ্থাৎ ইভ টিজিঙৰ পৰা বাচি থাকিবলৈ সঁকিয়াই দিয়া হৈছে।৯১০ কিন্তু এই ধৰণৰ হাৰাশাস্তিৰ কথা ভাৰতীয় আৰু বিদেশী উভয়ৰে ৰক্ষণশীল সাজ-পোছাক পৰিহিত মহিলাই প্ৰকাশ কৰিছে।১১

ইতিহাস

এই সমস্যাই ভাৰতত প্ৰথমবাৰৰ বাবে সত্তৰৰ দশকত জনসাধাৰণ আৰু সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল।১২১৩ তাৰ পিছৰ দশকবোৰত অধিক সংখ্যক মহিলাই কলেজত পঢ়িবলৈ আৰম্ভ কৰিলে আৰু স্বতন্ত্ৰভাৱে কাম কৰিবলৈ ধৰিলে, অৰ্থাৎ পৰম্পৰাগত সমাজত প্ৰচলিত হোৱাৰ দৰে প্ৰায়ে তেওঁলোক পুৰুষ আবেষ্টনীৰ মাজত নাথাকিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সমস্যাটো আতংকজনক মাত্ৰালৈ বাঢ়ি আহিল; যদিও আন সংস্কৃতিত মহিলাসকলে নিজৰ ইচ্ছামতে অহা-যোৱা, ঘূৰা-পকা কৰে।১৪ অতি সোনকালেই ভাৰত চৰকাৰে এনে ঘটনা ৰোধ কৰিবলৈ ন্যায়িক আৰু আইন প্ৰয়োগকাৰী দুয়োটা দিশতে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হ’ল। এই বিষয়টোৰ ওপৰত আৰক্ষীক অধিক সংবেদনশীল কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল আৰু আৰক্ষীয়ে ইভৰ টিজাৰবোৰৰ ওপৰত চকু ৰাখিবলৈ আৰম্ভ কৰিছিল। এই উদ্দেশ্যে সাধাৰণ পোছাক পৰিহিত মহিলা আৰক্ষী বিষয়া নিয়োগ কৰাটো বিশেষভাৱে ফলপ্ৰসূ হৈছিল।১৫ এই ঘটনা ৰোধৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহ আছিল, বিভিন্ন চহৰত মহিলাৰ বাবে হেল্পলাইন নম্বৰ, মহিলাৰ কৰ্মচাৰীৰে গঠিত আৰক্ষী থানা আৰু বিশেষ আৰক্ষী কোষ স্থাপন কৰা।১৬

এই সময়ছোৱাত এই প্ৰথাৰ বিৰুদ্ধে জনমত গঠন হোৱাৰ বাবে যৌন নিৰ্যাতনৰ গোচৰ দাখিল কৰিবলৈ আগবাঢ়ি অহা মহিলাৰ সংখ্যাও লক্ষণীয়ভাৱে বৃদ্ধি পোৱা দেখা গৈছিল। আনহাতে, এই কাণ্ডবোৰৰ ভয়াৱহতাও বাঢ়ি আহিল, কিছুমান ক্ষেত্ৰত এচিড নিক্ষেপৰ দৰে ঘটনা সংগটিত হ’ল, যাৰ ফলত তামিলনাডুৰ দৰে ৰাজ্যই ইয়াক এক জামিনবিহীন অপৰাধ হিচাপে গণ্য কৰিলে। মহিলা সংগঠন আৰু নাৰীৰ অধিকাৰৰ বাবে কাম কৰাসকলৰ সংখ্যাও বৃদ্ধি পালে আৰু এই সময়ছোৱাত নৱবিবাহিতাক জ্বলোৱাৰ প্ৰতিবেদনো বৃদ্ধি পালে।১৭ মহিলাৰ সৈতে জড়িত হিংসাত্মক কাণ্ডৰ সংখ্যা বৃদ্ধিৰ অৰ্থ আছিল, পূৰ্বতে মহিলাৰ অধিকাৰৰ প্ৰতি থকা উদাসীন মনোভাৱক সংশোধন কৰি আইনৰ দ্বাৰা সমৰ্থন কৰিবলগীয়া হৈছিল। অনাগত বছৰবোৰত কিছুমান বিশেষ সংগঠনে ‘দিল্লী প্ৰহিবিচন অৱ ইভ-টিজিং বিল ১৯৮৪’কে ধৰি অচিনাকি মানুহৰ পৰা আক্ৰমণাত্মক আচৰণৰ পৰা মহিলাসকলক ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা আইন গৃহীত কৰাৰ বাবে জনমত গঠন কৰাত মূল ভূমিকা পালন কৰিছিল।১৪

১৯৯৮ চনত চেন্নাইত ছাৰিকা শ্বাহ নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ফলত১৮ দক্ষিণ ভাৰতত এই সমস্যা প্ৰতিহত কৰিবলৈ কিছুমান কঠোৰ আইন প্ৰণয়ন কৰা হয়।১৯ হত্যাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত প্ৰায় আধা ডজন প্ৰতিবেদনে আত্মহত্যাৰ ৰূপ দিবলৈ হেঁচা দিছিল বুলি কোৱা হয়৷১৪ ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত বদোদৰাৰ মহাৰাজা ছায়াজিৰাও বিশ্ববিদ্যালয়ৰ (এম এছ ইউ) ছাত্ৰীসকলে পৰিয়াল আৰু সামূহিক বিজ্ঞান অনুষদৰ ওচৰৰ চাৰিজন যুৱকক আক্ৰমণ কৰে, কাৰণ যুৱককেইজনে এছ ডি হল হোষ্টেলত থকা এগৰাকী ছাত্ৰীৰ প্ৰতি অশ্লীল মন্তব্য কৰিছিল।২০ প্ৰতিশোধ লোৱাৰ ভয়ত আৰু সামাজিক অপবাদৰ ভয়ত বহু গোচৰ ৰিপৰ্ট নকৰাকৈয়ে থাকি যায়। কিছুমান ক্ষেত্ৰত ৰাজহুৱাকৈ “কাণত ধৰি উঠা-বহা কৰা’’ৰ দৰে শাস্তি দিয়ে আৰু কিছুমান অপৰাধীক আৰক্ষীয়ে এনেয়ে এৰি দিয়ে।২১ ২০০৮ চনত দিল্লীৰ আদালতে মহিলাসকলক অশ্লীল মন্তব্য কৰি ধৰা পৰা ১৯ বছৰীয়া কিশোৰক শাস্তি স্বৰূপে স্কুল-কলেজৰ বাহিৰৰ যুৱক-যুৱতীসকলক ৫০০খন “জাননী পত্ৰ’’ বিতৰণ কৰিবলৈ নিৰ্দেশ দিছিল, য’ত অশ্লীল আচৰণৰ পৰিণতিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছিল।২২

তথ্যসূত্ৰ

  1. ↑ Barrett, Grant. (2006). Eve Teasing. The Official Dictionary of Unofficial English. McGraw-Hill Professional. পৃ. 109. ISBN 0-07-145804-2
  2. ↑ Shah, Giriraj. (1993). Eve-Teasing. Image Makers: An Attitudinal Study of Indian Police. Abhinav Publications. পৃ. 233–34. ISBN 81-7017-295-0
  3. ↑ (26 February 2009). Lewd nature goes unchecked. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. Bennett, Coleman & Co. Ltd
  4. ↑ Venkataraman, Rajesh. (13 April 2004). Controlling eve-teasing. দ্য হিন্দু
  5. ↑ Khan, Shoeb. (15 February 2009). Harassment in public places a routine for many. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Ive Teasing
  7. ↑ Gangoli, Geetanjali. (2007). Sexual Harassment. Indian Feminisms: Law, Patriarchies and Violence in India. Ashgate Publishing, Ltd. পৃ. 63–64. ISBN 978-0-7546-4604-4
  8. ↑ Faizal, Farah; Rajagopalan, Swarna. (2005). In Public Spaces: Security in the Street and in the Chowk. Women, Security, South Asia: A Clearing in the Thicket. SAGE. পৃ. 45. ISBN 0-7619-3387-5
  9. ↑ India – Practical information – Health & Safety. Lonelyplanet.com. Lonely Planet
  10. ↑ India – Tips for Women Travelers. Frommer's. John Wiley & Sons, Inc
  11. ↑ Dutt, Nidhi. (13 January 2012). Eve teasing in India: Assault or harassment by another name. BBC
  12. ↑ (12 September 1960). Eve-Teasing. Time
  13. ↑ Historical citations of the phrase at WayWordRadio.org
  14. ↑ Natarajan, Mangai. (2008). Role of Women Police. Women Police in a Changing Society: Back Door to Equality. Ashgate Publishing, Ltd. পৃ. 54. ISBN 978-0-7546-4932-8
  15. ↑ (28 August 2006). Special squad to nab eve teasers formed in Kerala. OneIndia. Greynium Information Technologies Pvt. Ltd
  16. ↑ (20 February 2009). Special team to check roadside romeos in Allahabad. Indopia
  17. ↑ Linda S. Stone. Bride Burning
  18. ↑ Hassled, but helpless. দ্য হিন্দু
  19. ↑ (27 July 1998). Murder charges in eve-teasing case. The Indian Express
  20. ↑ (23 February 2009). MSU hostel girls beat up eve teasers. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  21. ↑ Srivastava, Arunima. (29 June 2006). Public prosecution: Crime and instant punishment!. The Times of India
  22. ↑ (10 June 2008). Youth held for eve-teasing, told to distribute handouts. ScreenIndia.com

সম্পৰ্কিত শ্ৰেণী

যৌন নিৰ্যাতন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইভ-টিজিং” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৪৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।