অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

লোকসভাৰ অধ্যক্ষ

লোকসভাৰ অধ্যক্ষ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাৰ সভা পৰিচালক। সাধাৰণতে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন লোকসভাৰ প্ৰথম বৈঠকত কৰা হয়। তেওঁৰ কাৰ্যকাল ৫ বছৰ। লোকসভাৰ অধ্যক্ষ গৰাকী লোকসভালৈ নিৰ্বাচিত সাংসদ সকলে নিৰ্বাচিত থাকে। সেয়ে সাধাৰণতে শাসক দলৰ বা তেওঁলোকৰ সংযুক্ত মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থীয়ে এই পদবী লাভ কৰে।

হালনাগাদ: ৮ জুন ২০২১ ৪৭০ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

লোকসভাৰ অধ্যক্ষ ভাৰতৰ সংসদ ভৱনৰ নিম্ন সদন লোকসভাৰ সভা পৰিচালক।১ সাধাৰণতে লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন লোকসভাৰ প্ৰথম বৈঠকত কৰা হয়। তেওঁৰ কাৰ্যকাল ৫ বছৰ। লোকসভাৰ অধ্যক্ষ গৰাকী লোকসভালৈ নিৰ্বাচিত সাংসদ সকলে নিৰ্বাচিত থাকে। সেয়ে সাধাৰণতে শাসক দলৰ বা তেওঁলোকৰ সংযুক্ত মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থীয়ে এই পদবী লাভ কৰে।

লোকসভাৰ প্ৰথম গৰাকী অধ্যক্ষ হৈছে গণেশ বাসুদেৱ মভালঙ্কৰ। বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ঔম বিৰলা।২ ২০১৯ চনৰ ১৯ জুন তাৰিখে তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ১৭তম লোকসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।

নিৰ্বাচন

নৱনিৰ্বাচিত হোৱা সাংসদ সকলে নিজৰ মাজতে এগৰাকী লোকসভাৰ অধ্যক্ষ বাছনি কৰি লয়। লোকসভাৰ অধ্যক্ষ গৰাকীয়ে লোকসভাৰ কাৰ্য-প্ৰণালী আৰু নীতি-নিয়মৰ বিষয়ে জ্ঞাত। ইয়াৰ লগতে তেওঁ শাসক আৰু বিৰোধী দুয়ো পক্ষৰ সমৰ্থিত ব্যক্তি। প্ৰথমে সাংসদ সকলে লোকসভাৰ অস্থায়ী অধ্যক্ষক এজন ব্যক্তিৰ নাম লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। এই নাম পিছলৈ ভাৰতৰ ৰাষ্ট্ৰপতিক জনোৱা হয়। ৰাষ্ট্ৰপতিয়ে মহাসচিবৰ জৰিয়তে অধ্যক্ষ নিৰ্বাচনৰ দিন জনায়। যদি কেৱল এজন ব্যক্তিৰ নাম প্ৰস্তাৱিত কৰা হয় তেন্তে কোনো ভোট অনুষ্ঠিত নহয়। যদি এজনকৈ বেছি ব্যক্তিৰ নাম প্ৰস্তাৱিত কৰা হয় তেন্তে ৰাষ্ট্ৰপতিয়ে ঠিক কৰা দিনত সাংসদৰ ভোটৰ জৰিয়তে নতুন অধ্যক্ষ নিৰ্বাচিত কৰা হয়। নিৰ্বাচিত অধ্যক্ষ গৰাকীয়ে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ লৈকে এই পদত অধিষ্ঠিত থাকে।৩

ক্ষমতা আৰু কৰ্তব্য

লোকসভাৰ অধ্যক্ষয়ে লোকসভা পৰিচালনা কৰে আৰু কোনো বিধেয়ক ধন বিধেয়ক হয় নে নহয় বিবেচনা কৰে। তেওঁ সদনৰ অনুশাসন আৰু মৰ্যাদা বজাই ৰাখে আৰু কোনো সদস্যয়ে ইয়াত বাধা দিলে তেওঁ উচিত শাস্তি আনকি সদনৰ পৰা বহিষ্কাৰো কৰিব পাৰে। ইয়াৰ লগতে তেওঁ সদনত বিভিন্ন প্ৰকাৰৰ প্ৰস্তাৱ যেনে: অবিশ্বাস প্ৰস্তাৱ, স্থগিত প্ৰস্তাৱ, নিন্দা প্ৰস্তাৱ ইত্যাদি উপস্থাপন কৰিবলৈ অনুমতি দিয়ে আৰু নিয়ম অনুসৰি মনোযোগ জাননী জাৰি কৰে। অধ্যক্ষয়ে বৈঠকৰ মূল বিষয় সিদ্ধান্ত গ্ৰহণ কৰে। সদনত সাংসদ সকলে দিয়া সকলো বক্তৃতা আৰু মন্তব্যত তেওঁক সম্বোধন কৰা হয়। লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত তেওঁ অধ্যক্ষতা কৰে। ভাৰতীয় প্ৰধানতাৰ শ্ৰেণীত তেওঁৰ পদবী ষষ্ঠ আৰু ভাৰতৰ মুখ্য ন্যায়াধীশৰ সমপৰ্যায়ৰ। লোকসভাত উত্থাপিত সকলো বিধেয়কত তেওঁ চহী কৰাৰ পিছত ৰাজ্যসভালৈ বিবেচনাৰ বাবে পঠোৱা হয়।

উপযুক্ততা

লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীসমূহৰ নিম্নোক্ত অৰ্হতা সমূহৰ প্ৰয়োজন:

  • ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • তেওঁৰ বয়স অন্ততঃ ২৫ বছৰ হ’ব লাগে।
  • তেওঁ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ অধীনত কোনো লাভজনক পদত নিয়োজিত থাকিব নোৱাৰে।

অপসাৰণ

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৯৪ আৰু ৯৬ অনুসৰি লোকসভাৰ অধ্যক্ষক সদনৰ মুঠ সদস্যৰ সংখ্যাগৰিষ্ঠ ভোটৰ সহায়ত পদৰ পৰা অপসাৰণ কৰিব পাৰি। আনহাতে 'ৰাইজৰ প্ৰতিনিধিত্ব অচিন, ১৯৫১' অনুসৰি অধ্যক্ষ গৰাকী সাংসদ পদৰ পৰা অযোগ্য ঘোষিত হলে অধ্যক্ষ পদৰ পৰায়ো অযোগ্য ঘোষিত হয়।৪ সংবিধানৰ অনুচ্ছেদ ১১০ ৰ অৱমাননা কৰি যদি অধ্যক্ষয়ে কোনো বিধেয়কক ভুলকৈ ধন বিধেয়ক বুলি বিবেচনা কৰে তেন্তে এনে পৰিস্থিতিৰ উদ্ভৱ হয়।৫৬

অস্থায়ী অধ্যক্ষ

সাধাৰণ নিৰ্বাচন আৰু চৰকাৰ গঠনৰ পিছত কেইগৰাকীমান জ্যেষ্ঠ সাংসদৰ নামৰ তালিকা বিধান শাখায়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰীক অৰ্পণ কৰে। তেওঁ সেই তালিকাৰ পৰা এগৰাকী অস্থায়ী অধ্যক্ষ বাছনি কৰি ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে পঠায়।৭ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত সংসদসভাত অস্থায়ী অধ্যক্ষ গৰাকীয়ে অধ্যক্ষতা কৰে। একেদিনাই নৱনিৰ্বাচিত সাংসদ সকলে অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন কৰে। লোকসভাৰ অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষয়ে তেওঁৰ কাম-কাজ চম্ভালে। অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োৰে অনুপস্থিতিত অধ্যক্ষয়ে বাছনি কৰা ছয় সদস্যৰ কমিটিয়ে জ্যেষ্ঠতাৰ ভিত্তিত অধ্যক্ষৰ দায়িত্ব পালন কৰে।

লোকসভাৰ অধ্যক্ষসকলৰ তালিকা

সংখ্যানামপ্ৰতিকৃতিকাৰ্যকালদল
পৰালৈসময়লোকসভা৮
১গণেশ বাসুদেৱ মভালঙ্কৰ আহমেদাবাদ লোকসভা সমষ্টিG. V. Mavalankar.jpg১৫ মে' ১৯৫২২৭ ফেব্ৰুৱাৰী ১৯৫৬৩ বছৰ ২৮৮ দিনপ্ৰথমভাৰতীয় জাতীয় কংগ্ৰেছ
২এম. এ. আয়েংগাৰ চিত্তোৰ লোকসভা সমষ্টি৮ মাৰ্চ ১৯৫৬১০ মে' ১৯৫৭১ বছৰ ৬৩ দিন
১১ মে' ১৯৫৭১৬ এপ্ৰিল ১৯৬২৪ বছৰ ৩৪০ দিনদ্বিতীয়
৩হুকুম সিং পাতিয়ালা লোকসভা সমষ্টি১৭ এপ্ৰিল ১৯৬২১৬ মাৰ্চ ১৯৬৭৪ বছৰ ৩৩৩ দিনতৃতীয়
৪নীলম সঞ্জীৱ ৰেড্ডী হিন্দুপুৰ লোকসভা সমষ্টিNeelamSanjeevaReddy (cropped).jpg১৭ মাৰ্চ ১৯৬৭১৯ জুলাই ১৯৬৯২ বছৰ ১২৪ দিনচতুৰ্থ
৫গুৰদীপাল সিং ধিলন টাৰ্ন তাৰণ লোকসভা সমষ্টি—৮ আগষ্ট ১৯৬৯১৯ মাৰ্চ ১৯৭১১ বছৰ ২২১ দিন
২২ মাৰ্চ ১৯৭১১ ডিচেম্বৰ ১৯৭৫৪ বছৰ ২৫৪ দিনপঞ্চম
৬বলি ৰাম ভগৎ আৰাহ লোকসভা সমষ্টিB.R. Bhagat in a meeting (cropped).png১৫ জানুৱাৰী ১৯৭৬২৫ মাৰ্চ ১৯৭৭১ বছৰ ৬৯ দিন
(৪)নীলম সঞ্জীৱ ৰেড্ডী নান্দ্যাল লোকসভা সমষ্টিNeelamSanjeevaReddy (cropped).jpg২৬ মাৰ্চ ১৯৭৭১৩ জুলাই ১৯৭৭১০৯ দিনষষ্ঠজনতা পাৰ্টি
৭কে. এছ. হেগেড়ে দক্ষিণ বেংগালুৰু লোকসভা সমষ্টিK. S. Hegde.jpg২১ জুলাই ১৯৭৭২১ জানুৱাৰী ১৯৮০২ বছৰ ১৮৪ দিন
৮বলৰাম জাখাৰ ফিৰোজপুৰ লোকসভা সমষ্টিDr Balram Jakhar.jpg২২ জানুৱাৰী ১৯৮০২৭ অক্টোবৰ ১৯৮৪৩ বছৰ ৩৫৮ দিনসপ্তমভাৰতীয় জাতীয় কংগ্ৰেছ
বলৰাম জাখাৰ চিকৰ লোকসভা সমষ্টি১৬ জানুৱাৰী ১৯৮৫১৮ ডিচেম্বৰ ১৯৮৯৪ বছৰ ৩৩৬ দিনঅষ্টম
৯ৰবি ৰায় কেন্দ্ৰপাৰা লোকসভা সমষ্টিPortrait of Rabi Ray.jpg১৯ ডিচেম্বৰ ১৯৮৯৯ জুলাই ১৯৯১১ বছৰ ২০২ দিননৱমজনতা দল
১০শিৱৰাজ পাটিল লাটোৰ লোকসভা সমষ্টিShivraj Patil.jpg১০ জুলাই ১৯৯১২২ মে' ১৯৯৬৪ বছৰ ৩১৭ দিনদশমভাৰতীয় জাতীয় কংগ্ৰেছ
১১পি. এ. চাংমা টুৰা লোকসভা সমষ্টি২৩ মে' ১৯৯৬২৩ মাৰ্চ ১৯৯৮১ বছৰ ৩০৪ দিনএকাদশ
১২জি. এম. চি. বালাযোগী অমলপুৰম লোকসভা সমষ্টি—২৪ মাৰ্চ ১৯৯৮১৯ অক্টোবৰ ১৯৯৯১ বছৰ ২০৯ দিনদ্বাদশতেলেগু দেশম পাৰ্টি
২২ অক্টোবৰ ১৯৯৯৩ মাৰ্চ ২০০২২ বছৰ ১৩২ দিনত্ৰয়োদশ
১৩মনোহৰ যোশী কেন্দ্ৰীয় উত্তৰ মুম্বাই লোকসভা সমষ্টি১০ মে' ২০০২২ জুন ২০০৪২ বছৰ ২৩ দিনশিৱ সেনা
১৪সোমনাথ চেটাৰ্জি বলপুৰ লোকসভা সমষ্টি৪ জুন ২০০৪৩১ মে' ২০০৯৪ বছৰ ৩৬১ দিনচতুৰ্দশভাৰতীয় মেক্সবাদী কমিউনিষ্ট পাৰ্টি
১৫মীৰা কুমাৰ চাচাৰাম লোকসভা সমষ্টি৪ জুন ২০০৯৪ জুন ২০১৪৫ বছৰপঞ্চদশভাৰতীয় জাতীয় কংগ্ৰেছ
১৬সুমিত্ৰা মহাজন ইন্দৰ লোকসভা সমষ্টি৬ জুন ২০১৪১৬ জুন ২০১৯৫ বছৰ ১০ দিনষোড়শভাৰতীয় জনতা পাৰ্টী
১৭ঔম বিৰলা কোটা লোকসভা সমষ্টি১৯ জুন ২০১৯বৰ্তমানলৈকে-সপ্তদশ

তথ্যসূত্ৰ

  1. ↑ The Office of Speaker Lok Sabha. speakerloksabha.nic.in
  2. ↑ Om Birla to be new Lok Sabha Speaker, Opposition to support BJP candidate - India News. www.indiatoday.in
  3. ↑ The Office of Speaker Lok Sabha. speakerloksabha.nic.in
  4. ↑ Sections 7 & 8k, Representation of the People Act, 1951
  5. ↑ Aadhaar Act as Money Bill: Why the Lok Sabha isn't Immune from Judicial Review
  6. ↑ Interpretation of Article 122 by the Supreme Court
  7. ↑ Ashok, Akash Deep. (4 June 2014). Pro tem Speaker: All you need to know about this parliamentary post. India Today
  8. ↑ Office of the Lok Sabha Speaker

সম্পৰ্কিত শ্ৰেণী

লোকসভাৰ অধ্যক্ষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকসভাৰ অধ্যক্ষ” প্ৰবন্ধৰ সংশোধন ২৮১২১৮ (৮ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।