অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শইকীয়া

শইকীয়া (Saikia) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।

হালনাগাদ: ২৩ মে’ ২০২৩ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শইকীয়া (Saikia) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।১। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।

উৎপত্তি

শইকীয়া উপাধিটো আহোম ৰজাই দিয়া। শ মানে হৈছে এশ। অৰ্থাৎ এশ সৈন্য পৰিচালনা কৰা বিষয়াজনক শইকীয়া উপাধি দিয়া হৈছিল।

পৌৰাণিক কালত ব্যৱহাৰ

আহোম ৰজাই অসমত পাইক প্ৰথাৰ প্ৰচলন কৰে। এক পাইক (এজন সৈন্য) হৈছে আহোম সামৰিক বাহিনীৰ আটাইতকৈ ক্ষুদ্ৰতম একক। এশজন পাইক পৰিচালনা কৰা বিষয়া জনক শইকীয়া বোলা হৈছিল। শইকীয়াক নিযুক্তি দিয়াটো ফুকন (৬০০০ পাইকৰ পৰিচালনা কৰা বিষয়া) আৰু ৰাজখোৱা (২০০০ পৰা ৩০০০ পাইকৰ পৰিচালনা কৰা বিষয়া)ৰ দায়িত্ব আছিল। পাইক সকলে শইকীয়াক বৰ্জন কৰিবলৈ অধিকাৰ দিয়া হৈছিল আৰু পচন্দৰ কোনো এজন বিষয়া নিযুক্তি দিবৰ বাবে অনুৰোধ কৰিব পাৰিছিল। পাইকৰ ধৰ্ম বা গোষ্ঠী বিচাৰ নকৰাকৈ ইয়াৰ নিযুক্তি দিয়া হৈছিল।

সাম্প্ৰতিক কালত ব্যৱহাৰ

বৰ্তমান এই উপাধিটো অসমৰ হিন্দু আৰু মুছলমান লোকসকলে ব্যৱহাৰ কৰে। হিন্দু ধৰ্মৰ লোকসকলৰ ভিতৰত, শইকীয়া উপাধিটো বিভিন্ন জাতিৰ মাজত দেখিবলৈ পোৱা যায়। যেনে - আহোম, চুতীয়া, কছাৰী, কৈৱৰ্ত, কোঁচ, কেওট, কায়স্থ, কলিতা।

শইকীয়া উপাধিৰ প্ৰসিদ্ধ ব্যক্তি

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Kakoty, Sanjeeb. (2003). Technology, Production And Social Formation In The Evolution Of The Ahom State. Regency Publications. ISBN 9788187498735

সম্পৰ্কিত শ্ৰেণী

উপাধি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শইকীয়া” প্ৰবন্ধৰ সংশোধন ৩৬৬৮৭৯ (২৩ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।