
টোপনি (Sleep) হ’ল মানসিক আৰু শাৰীৰিক ক্ৰিয়া-কলাপ হ্ৰাস পোৱা অৱস্থা, য’ত চেতনাৰ পৰিৱৰ্তন ঘটে আৰু কিছুমান সংবেদনশীল কাৰ্য্যকলাপ বাধাপ্ৰাপ্ত হয়। টোপনিৰ সময়ত পেশীৰ কাৰ্য্যকলাপ আৰু চাৰিওফালৰ পৰিৱেশৰ সৈতে পাৰস্পৰিক ক্ৰিয়া লক্ষণীয়ভাৱে হ্ৰাস পায়। উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ক্ষমতাৰ ক্ষেত্ৰত টোপনিৰ প্ৰক্ৰিয়াটো জাগ্ৰত হোৱাৰ পৰা পৃথক হ’লেও ইয়াৰ লগত মগজুৰ সক্ৰিয় আৰ্হি জড়িত হৈ থাকে, যাৰ ফলত ই ক’মা বা চেতনাৰ বিকাৰতকৈ অধিক প্ৰতিক্ৰিয়াশীল হয়৷ ১ টোপনি পুনৰাবৃত্তিমূলক সময়ত হয়, য’ত শৰীৰে দুটা সুকীয়া ধৰণৰ মাজত পৰ্যায়ক্ৰমে থাকে: আৰ ই এম (REM:Rapid Eye Movement) আৰু নন-আৰ ই এম টোপনি।যদিও REM ৰ অৰ্থ হৈছে "চকুৰ দ্ৰুত গতি", এই টোপনিৰ ধৰণটোৰ আন বহুতো দিশ আছে, য'ত শৰীৰৰ ভাৰ্চুৱেল পক্ষাঘাতো অন্তৰ্ভুক্ত।২ সপোন হ’ল টোপনিৰ কিছুমান পৰ্যায়ত সাধাৰণতে মনত অনিচ্ছাকৃতভাৱে ঘটি থকা প্ৰতিচ্ছবি, ধাৰণা, আৱেগ আৰু অনুভূতি। টোপনিৰ সময়ত শৰীৰৰ বেছিভাগ ব্যৱস্থাই এনাবলিক অৱস্থাত থাকে,যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা,স্নায়ু,কংকাল আৰু পেশীৰ তন্ত্ৰ পুনৰুদ্ধাৰ কৰাত সহায় কৰে। এইবোৰ হৈছে গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া যিয়ে মেজাজ,স্মৃতিশক্তি আৰু জ্ঞানমূলক কাৰ্য্য ৩বজাই ৰাখে আৰু এণ্ডক্ৰাইন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যত বৃহৎ ভূমিকা পালন কৰে। আভ্যন্তৰীণ চাৰ্কেডিয়ান ঘড়ীয়ে দৈনিক ৰাতি, যেতিয়া আন্ধাৰ হয়,টোপনিত সহায় কৰে। টোপনিৰ বৈচিত্ৰ্যপূৰ্ণ উদ্দেশ্য আৰু ব্যৱস্থাৰ ওপৰত যথেষ্ট গৱেষণা চলি আছে। মানুহে বিভিন্ন টোপনিৰ বিকাৰত ভুগিব পাৰে, য’ত ডিছ’মনিয়া, যেনে অনিদ্ৰা, হাইপাৰছ’মনিয়া, নাৰ্কোলেপ্সি, আৰু টোপনিৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ; পেৰাছ’নিয়া,যেনে টোপনিত খোজ কঢ়া আৰু চকুৰ দ্ৰুত গতি টোপনিৰ আচৰণৰ বিকাৰ; ব্ৰুক্সিজম;৪আৰু চাৰ্কেডিয়ান ৰিদম আদি টোপনিৰ বিকাৰ। কৃত্ৰিম পোহৰৰ ব্যৱহাৰে মানুহৰ টোপনিৰ ধৰণত যথেষ্ট পৰিৱৰ্তন আনিছে। কৃত্ৰিম পোহৰৰ সাধাৰণ উৎসসমূহ হল বাহিৰৰ বিজুলীবাটিৰ পোহৰ,মবাইল, টেলিভিচন আদি ইলেক্ট্ৰনিক যন্ত্ৰৰ পৰ্দা, যিয়ে বৃহৎ পৰিমাণৰ নীলা পোহৰ নিৰ্গত কৰে, যিটো সাধাৰণতে দিনৰ লগত জড়িত পোহৰৰ এটা প্ৰকাৰ। ইয়াৰ ফলত টোপনিৰ চক্ৰ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় মেলাটনিন হৰম’নৰ নিৰ্গমনত ব্যাঘাত জন্মে।
শৰীৰবিজ্ঞান
তথ্যসূত্ৰ
- ↑ "Brain Basics: Understanding Sleep | National Institute of Neurological Disorders and Stroke". www.ninds.nih.gov. Retrieved 15 February 2023
- ↑ quantifysleep.com/the-dichotomy-of-sleep-rem-and
- ↑ pmc.ncbi.nlm.nih.gov/articles/PMC4769986/
- ↑ web.archive.org/web/20170830035939/https://sleep
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টোপনি” প্ৰবন্ধৰ সংশোধন ৪৪৭২৯৯ (২২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।