অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মঙ্গলবাৰ

মঙ্গলবাৰ হৈছে সোমবাৰ আৰু বুধবাৰৰ মাজৰ দিন। আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি, সোমবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন; সেই অনুসৰি মঙ্গলবাৰ হৈছে সপ্তাহৰ দ্বিতীয় দিন। যদিও বহু পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি দেওবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন, সেয়া অনুসৰি মঙ্গলবাৰ হৈছে তৃতীয় দিন।

হালনাগাদ: ৬ মে’ ২০২৫ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

দেৱতা মঙ্গল। মঙ্গলবাৰ নামটো তেওঁৰ নামেৰেই ৰখা হৈছে।]]

মঙ্গলবাৰ হৈছে সোমবাৰ আৰু বুধবাৰৰ মাজৰ দিন। আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি, সোমবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন; সেই অনুসৰি মঙ্গলবাৰ হৈছে সপ্তাহৰ দ্বিতীয় দিন।১ যদিও বহু পৰম্পৰাগত কেলেণ্ডাৰ অনুসৰি দেওবাৰ হৈছে সপ্তাহৰ প্ৰথম দিন, সেয়া অনুসৰি মঙ্গলবাৰ হৈছে তৃতীয় দিন। কিছুমান মুছলিম দেশত শনিবাৰক সপ্তাহৰ প্ৰথম দিন ধৰা হয়, সেই অনুসৰি মঙ্গলবাৰ হৈছে চতুৰ্থ দিন। ভাৰততো ইয়াক সপ্তাহৰ তৃতীয় দিন হিচাপে গণ্য কৰা হয়।

মঙ্গলবাৰ নামটো হিন্দু ধৰ্মৰ নৱগ্ৰহ দেৱতা মংগল গ্ৰহৰ নামেৰে নামকৰণ কৰা হৈছে। ইংৰাজী নামটো মধ্য ইংৰাজীৰ Tewesdayৰ পৰা আহিছে, যি পুৰণি ইংৰাজী Tiwesdægৰ পৰা উদ্ভৱ হৈছে, অৰ্থাৎ "Tīw-ৰ দিন"। এই Tīw হৈছে নৰ্চ পৌৰাণিক কাহিনীৰ যুঁজ, বিধি আৰু ন্যায়ৰ দেৱতা Týr। Tīw-ৰ তুলনা কৰা হৈছিল।

হিন্দু ধৰ্মৰ শাক্ত সম্প্ৰদায়ৰ বাবে মঙ্গলবাৰটো বিশেষ পবিত্ৰ দিন। এই দিনটোত কালী আৰু দুৰ্গাক বিশেষভাৱে পূজা কৰা হয়। খ্ৰীষ্টান ধৰ্মৰ ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চে এইদিনটোক চেণ্ট জন দ্যা বেপ্টিষ্টৰ দিন হিচাপে পালন কৰে।

জ্যোতিৰ্বিদ্যাত

জ্যোতিৰ্বিদ্যা চৰ্চাত মঙ্গলবাৰ মঙ্গল গ্ৰহৰ লগত সংযুক্ত আৰু ইয়াক প্ৰকাশ কৰা হয় ♂ প্ৰতীক চিহ্নৰ দ্বাৰা।

তথ্যসূত্ৰ

  1. ↑ ISO 8601-1:2019(en) Date and time – Representations for information interchange – Part 1: Basic rules. iso.org

সম্পৰ্কিত শ্ৰেণী

সময়সময়ৰ এককসপ্তাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঙ্গলবাৰ” প্ৰবন্ধৰ সংশোধন ৫০৬৩৯৯ (৬ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।