অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাৰত সঞ্চাৰ নিগম লিমিটেড

ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি.এছ.এন.এল (ইংৰাজীত: BSNL) হৈছে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ই ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ দূৰসংযোগ বিভাগৰ মালিকানাধীন। ২০০০ চনৰ ১ অক্টোবৰত ভাৰত চৰকাৰে ইয়াক সংগঠিত কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি.এছ.এন.এল (ইংৰাজীত: BSNL) হৈছে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ই ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ দূৰসংযোগ বিভাগৰ মালিকানাধীন। ২০০০ চনৰ ১ অক্টোবৰত ভাৰত চৰকাৰে ইয়াক সংগঠিত কৰে। সমগ্ৰ ভাৰততে ই দেশব্যাপী টেলিকমিউনিকেচন নেটৱৰ্কৰ জৰিয়তে মোবাইল ভয়েচ আৰু ইণ্টাৰনেট সেৱা প্ৰদান কৰে। ই ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী মালিকানাধীন দূৰসংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান।১

নামৰ উৎপত্তি

ভাৰত সঞ্চাৰ নিগম লিমিটেড নামটো হিন্দীৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ ইংৰাজীত ইণ্ডিয়া কমিউনিকেচন কৰ্পৰেশ্যন লিমিটেড।

ইতিহাস

ভাৰত সঞ্চাৰ নিগম লিমিটেড ভাৰতৰ চৰকাৰী উদ্যোগ আৰু ইয়াৰ ইতিহাস ব্ৰিটিছ ভাৰতৰ পৰাই অনুসন্ধান কৰিব পাৰি। ভাৰতত টেলিকম নেটৱৰ্কৰ ভেটি ১৯ শতিকাৰ কোনোবা এটা সময়ত ব্ৰিটিছে স্থাপন কৰিছিল। ব্ৰিটিছ যুগত ১৮৫০ চনত কলিকতা আৰু ডাইমণ্ড হাৰ্বাৰৰ মাজত প্ৰথম টেলিগ্ৰাফ লাইন স্থাপন কৰা হয়।১৮৫১ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে টেলিগ্ৰাফৰ ব্যৱহাৰ আৰম্ভ কৰে আৰু ১৮৫৪ চনলৈকে সমগ্ৰ দেশতে টেলিগ্ৰাফ লাইন স্থাপন কৰা হয়। ১৮৫৪ চনত টেলিগ্ৰাফ সেৱা জনসাধাৰণৰ বাবে মুকলি কৰা হয় আৰু প্ৰথম টেলিগ্ৰাম মুম্বাইৰ পৰা পুনেলৈ প্ৰেৰণ কৰা হয়। ১৮৮৫ চনত ব্ৰিটিছ সাম্ৰাজ্যিক বিধান পৰিষদে ভাৰতীয় টেলিগ্ৰাফ আইন গৃহীত কৰে। আশীৰ দশকত ডাক আৰু টেলিগ্ৰাফ বিভাগ দুভাগ হোৱাৰ পিছত দূৰসংযোগ বিভাগৰ সৃষ্টিৰ ফলত অৱশেষত চৰকাৰী মালিকানাধীন টেলিগ্ৰাফ আৰু টেলিফোন উদ্যোগৰ উত্থান ঘটে যাৰ ফলত বি.এছ.এন.এল প্ৰতিষ্ঠা হয়।২

তথ্যসূত্ৰ

  1. ↑ (30 November 2019). Press Release on Telecom Subscription Data as on 30 November, 2019. Telecom Regulatory Authority of India
  2. ↑ (17 November 2019). About us. BSNL, LLC

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত সঞ্চাৰ নিগম লিমিটেড” প্ৰবন্ধৰ সংশোধন ৩৮২২৯৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।