অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ষ্টেৰইড

ষ্টেৰ‌ইড (steroid) এক জৈৱিকভাৱে সক্ৰিয় জৈৱ যৌগ (organic compound) য'ত এক বিশেষ আণৱিক গাঁথনিৰ চাৰিটা চক্ৰ (ring) থাকে। ষ্টেৰ‌ইডৰ দুটা প্ৰধান জৈৱিক কাম আছে: কোষাৱৰণৰ তৰলতাত সালসলনি কৰা এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে; আৰু সংকেত বহনকাৰী অণু হিচাপে। উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰত শতাধিক ষ্টেৰ‌ইড পোৱা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬০৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ষ্টেৰ‌ইড (steroid) এক জৈৱিকভাৱে সক্ৰিয় জৈৱ যৌগ (organic compound) য'ত এক বিশেষ আণৱিক গাঁথনিৰ চাৰিটা চক্ৰ (ring) থাকে। ষ্টেৰ‌ইডৰ দুটা প্ৰধান জৈৱিক কাম আছে: কোষাৱৰণৰ তৰলতাত সালসলনি কৰা এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে; আৰু সংকেত বহনকাৰী অণু হিচাপে। উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰত শতাধিক ষ্টেৰ‌ইড পোৱা যায়। সকলো ষ্টেৰ‌ইড কোষতে লেন'ষ্টেৰল বা চাইক্ল'আৰ্টেনল (উদ্ভিদ) ষ্টেৰলৰ পৰা উৎপন্ন হয়।১

ষ্টেৰ‌ইডৰ মূল গঠনত সাধাৰণতে সোতৰটা কাৰ্বন পৰমাণু চাৰিটা চক্ৰৰে লগ লাগি থাকে: তিনিটা ছজনীয়া চাইক্ল'হেক্সন চক্ৰ (প্ৰথম ছবিখনৰ A, B আৰু C চক্ৰ) আৰু এটা পাঁচজনীয়া চাইক্ল'পেণ্টান চক্ৰ (D চক্ৰ)। এই চাৰিটা চক্ৰত সংযোগী কাৰ্যকৰী গোট আৰু চক্ৰকেইটাৰ জাৰণ অৱস্থাই ষ্টেৰ‌ইডৰ প্ৰকাৰ নিৰ্ণয় কৰে। তিনি নং স্থানত হাইড্ৰক্সী গোট আৰু কলেষ্টেনৰ এটা শৃংখল থাকিলে সেই ষ্টেৰইডক ষ্টেৰল বোলে।২ চক্ৰ গঠনৰ সালসলনি কৰি ষ্টেৰ‌ইডৰ অধিক পৰিৱৰ্তন কৰিব পাৰি। B চক্ৰ কাটি ছেক'ষ্টেৰ‌ইড উৎপন্ন কৰিব পাৰি যাৰ এবিধ ভিটামিন D3।

ষ্টেৰ‌ইডৰ উদাহৰণ কলেষ্টেৰল নামৰ চৰ্বি, যৌন হৰম'ন ইষ্ট্ৰাডিয়ল আৰু টেষ্ট'ষ্টেৰ'ন৩ আৰু প্ৰদাহ-প্ৰতিৰোধী ঔষধ ডেস্কামিথাছ'ন।৪

বিতৰণ আৰু কাম

সংকোষকেন্দ্ৰীয় জীৱৰ ভিতৰত উদ্ভিদ, জন্তু আৰু ভেঁকুৰত ষ্টেৰইড পোৱা যায়।

ভেঁকুৰৰ ষ্টেৰ‌ইড

ভেঁকুৰৰ কোষাবৰণ অটুট ৰখাত সহায় কৰা আৰ্গ'ষ্টেৰল এবিধ ভেঁকুৰৰ ষ্টেৰ‌ইড। এম্ফ'টেৰিচিন বি-ৰ দৰে এণ্টিফাংগেল ঔষধে এই তথ্যকে ব্যৱহাৰ কৰি ৰোগ সৃষ্টিকাৰী ভেঁকুৰ নাশ কৰে।৫ ভেঁকুৰে নিজৰ আৰ্গ'ষ্টেৰলৰ পৰিমাণৰ সালসলনি কৰি এনে ঔষধৰ বিৰুদ্ধে প্ৰতিৰোধী ক্ষমতা গঢ়ি তুলিব পাৰে।৬ আৰ্গ'ষ্টেৰল মানুহকে ধৰি প্ৰাণীৰ দেহত পোৱা কলেষ্টেৰল আৰু উদ্ভিদত পোৱা ফাইট'ষ্টেৰলৰ সমতুল্য।৬ আৰ্গ'ষ্টেৰল উৎপাদনৰ বাবে অক্সিজেনৰ প্ৰয়োজন।৬ ই ভেঁকুৰত পোৱা ভিটামিন ডিৰো উৎস; অতিবেঙুনীয়ায়ে আৰগ'ষ্টেৰলক প্ৰ'ভিটামিন D2 লৈ পৰিৱৰ্তিত কৰে।৬ Provitamin D2 spontaneously forms vitamin D2.৬ কিন্তু সকলো ভেঁকুৰে কোষাবৰণত আৰ্গ'ষ্টেৰল ব্যৱহাৰ নকৰে।৬

প্ৰাণীৰ ষ্টেৰ‌ইড

পতংগৰ দেহত এক্‌ডাইষ্টেৰ‌ইড গোটৰ ষ্টেৰইড পোৱা যায় যি কিছুমান প্ৰজাতিত মোট সলোৱাত সহায় কৰে। মেৰুদণ্ডী প্ৰাণীত ষ্টেৰ‌ইডৰ উদাহৰণ [{ষ্টেৰ‌ইড হৰম'ন]] আৰু ক'লেষ্টেৰল। ক'লেষ্টেৰল কোষাবৰণৰ এক গাঁথনিক উপাদান আৰু লগতে এথেৰ'স্লেৰ'ছিছ কৰা এথেৰ'মাৰ মূল উপাদান। ষ্টেৰ‌ইড হৰম'নসমূহ হ'ল:

  • যৌন হৰম'ন যি যৌনতাৰ পাৰ্থক্য নিৰূপণ কৰে আৰু প্ৰজনন নিয়ন্ত্ৰণ কৰে। এণ্ড্ৰ'জেন, ইষ্ট্ৰ'জেন আৰু প্ৰ'জেষ্ট'জেন মূল যৌন হৰম'ন।
  • কৰ্টিক'ষ্টেৰ‌ইড যেনে গ্লুক'কৰ্টিক‌ইড যি বিপাক আৰু প্ৰতিৰোধ তন্ত্ৰৰ বহু দিশ নিয়ন্ত্ৰণ কৰে; আৰু মিনাৰেল'কৰ্টক‌ইড যি তেজৰ আয়তন নিয়ন্ত্ৰণ কৰি ৰক্তচাপৰ সমতা বজাই ৰাখে। বহু কৃত্ৰিম ষ্টেৰ‌ইড ঔষধো কৰ্টিক'ষ্টেৰ‌ইডৰ অন্তৰ্ভুক্ত।
  • প্ৰাকৃতিক আৰু কৃত্ৰিম এনাবলিক ষ্টেৰ‌ইড যি পেশী আৰু হাড়ৰ আয়তন বঢ়ায়। আজিকালি "ষ্টেৰ‌ইড" বুলিলে প্ৰায়েই এনাবলিক ষ্টেৰ‌ইডকে সূচায়।

উদ্ভিদৰ ষ্টেৰ‌ইড

উদ্ভিদৰ ষ্টেৰ‌ইডত ছ'লানেচিয়া (Solanaceae)ত৭আৰু মেলান্‌থায়াচি (Melanthiaceae)ত পোৱা পোৱা এল্‌কালইড অন্তৰ্ভুক্ত।৮ Cardiac glycosides,৯ ফাইট'ষ্টেৰল আৰু ৰাচিন'ষ্টেৰ‌ইড আন উদ্ভিদ ষ্টেৰ‌ইড।

প্ৰ'কোষকেন্দ্ৰীয়

প্ৰ'কোষকেন্দ্ৰীয় জীৱত টেট্ৰাচাইক্লিক এচিড গাঁথনিৰ বাবে জৈৱসংশ্লেষণ পথ বিদ্যমান (যেনে- মাইক'বেক্টেৰিয়াত)১০ – আনহাতে সংকোষকেন্দ্ৰীয় জীৱত ইয়াৰ উপস্থিতি অনুমানহে কৰা হয়।১১

প্ৰকাৰ

কাম অনুসৰি

ষ্টেৰইড হৰম'নৰ প্ৰকাৰসমূহ হ'ল-

  • কৰ্টিক'ষ্টেৰইড:
    • গ্লুক'কৰ্টিকইড:
    • কৰ্টিছ'ল, প্ৰতিৰক্ষা তন্ত্ৰক দমন কৰা এক গ্লুক'কৰ্টিকইড a Glucocorticoid whose functions include Immunosuppression
    • মিনাৰেল'কৰ্টিকইড:
    • এল্ড'ষ্টেৰ'ন, পানী আৰু লৱণৰ সমতাৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰা এবিধ মিনাৰেল'কৰ্টিকইড।
  • যৌন ষ্টেৰইড:
    • প্ৰ'জেষ্ট'জেন:
    • প্ৰ'জেষ্টেৰ'ন, যি জৰায়ুৰ এণ্ড'মেট্ৰিয়ামৰ নিয়মিত পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰে আৰু গৰ্ভধাৰণ অটুট ৰাখে।
    • এণ্ড্ৰ'জেন:
    • টেষ্ট'ষ্টেৰ'ন, যি পুৰুষৰ গৌণ যৌন বৈশিষ্ট্যবোৰ প্ৰকাশ কৰে।
    • ইষ্ট্ৰ'জেন:
    • ইষ্ট্ৰাডিয়ল, যি স্ত্ৰীৰ গৌণ যৌন বৈশিষ্ট্যবোৰ প্ৰকাশ কৰে।

এমিন'ষ্টেৰইড আৰু নিউৰ'ষ্টেৰইড আন আন ষ্টেৰইড হৰম'ন:

ভিটামিন ডি-ৰ তিনিটা ৰূপো ষ্টেৰইডৰ প্ৰকাৰ।

গঠন অনুসৰি

অবিভাজ্য চক্ৰ প্ৰণালী

ৰাসায়নিক গঠন অনুসৰি ষ্টেৰইডক শ্ৰেণীবিভাজন কৰিব পাৰি।১২ ইয়াৰ উদাহৰণ কিছুমান তলত দিয়া হ'ল।

৩}}), ৯,১০-ছেক'ষ্টেৰইডৰ উদাহৰণ
৩}}), ৯,১০-ছেক'ষ্টেৰইডৰ উদাহৰণছবি: Calvero · Public domain
চাইক্ল'পামিন, এক জটিল চি-নৰ-ডি-হ'ম'ষ্টেৰইডৰ উদাহৰণ
চাইক্ল'পামিন, এক জটিল চি-নৰ-ডি-হ'ম'ষ্টেৰইডৰ উদাহৰণছবি: Fvasconcellos · Public domain
শ্ৰেণীউদাহৰণকাৰ্বন পৰমাণুৰ সংখ্যা
কলেষ্টেনকলেষ্টেৰল২৭
ক'লেনক'লিক এচিড২৪
[প্ৰেগ্‌‌নেনপ্ৰ'জেষ্টেৰন২১
এণ্ড্ৰ'ষ্টেনটেষ্ট'ষ্টেৰন19
ইষ্ট্ৰেনইষ্ট্ৰাডিয়ল১৮

বিভাজিত, সংকোচিত আৰু পৰিবৰ্ধিত চক্ৰ

ছেক'ষ্টেৰইড (লেটিন seco, "কটা") ষ্টেৰইড যৌগৰ এক উপশ্ৰেণী যাক মূল ষ্টেৰইড চক্ৰ (সাধাৰণতে চাৰিটাৰ এটা) কাটি তৈয়াৰ কৰা হয়। এই খণ্ডন হোৱা কাৰ্বন পৰমাণুৰ সংখ্যাৰে শ্ৰেণীটোৰ নাম ৰখা হয়। যেনে ভিটামিন ডি৩ ক'লেকেল্‌ছিফেৰল ষ্টেৰইড বি-চক্ৰৰ C-9 আৰু C-10 কাৰ্বন পৰমাণুৰ খণ্ডনেৰে উৎপাদন হোৱা বাবে ই ৯,১০-ছেক'ষ্টেৰইড উপশ্ৰেণীত পৰে।১৩

নৰষ্টেৰইড (nor-, L. নৰ্মা; ৰসায়নত "নৰ্মেল" মানে কাৰ্বন আঁতৰোৱা)১৪ আৰু হ'ম'ষ্টেৰইড (homo-, গ্ৰীক homos; "একে", অৰ্থাৎ কাৰ্বন যোগ) জৈৱসংশ্লেষণৰ খেপত তৈয়াৰ হোৱা ষ্টেৰইডৰ গাথনিক উপশ্ৰেণী।১৫

জৈৱিক গুৰুত্ব

ষ্টেৰইড আৰু ইয়াৰ পৰা উদ্ভূত যৌগসমূহে প্ৰায়েই সংকেত বহণকাৰী হিচাপে কাম কৰে (যেনে ষ্টেৰইড হৰম'ন) আৰু ফছফ'লিপিডৰ লগত ষ্টেৰইড কোষাবৰণৰ উপাদান।১৬ কলেষ্টেৰলৰ দৰে ষ্টেৰইডে আৱৰণীৰ তৰলতা হ্ৰাস কৰে।১৭ চৰ্বিৰ দৰে ষ্টেৰইডবোৰ শক্তিৰ আধাৰ। কিন্তু সাধাৰণতে শক্তিৰ উৎস হিচাপে ইয়াৰ ব্যৱহাৰ নহয়; স্তন্যপায়ী প্ৰাণীত ই বিপাকৰ পাছত শৰীৰৰ পৰা ওলাই যায়।

প্ৰষ্টেটৰ কৰ্কটকে ধৰি নানা ৰোগত ষ্টেৰইডে গুৰুত্বপূৰ্ণ ভূমিকা লয় য'ত টিউমাৰটোৰ ভিতৰে-বাহিৰে ষ্টেৰইড উৎপাদনে কৰ্কট কোষৰ ক্ষমতা বঢ়াই তোলে।১৮

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Lanosterol biosynthesis. Recommendations on Biochemical & Organic Nomenclature, Symbols & Terminology. International Union Of Biochemistry And Molecular Biology
  2. ↑ Also available in print at (1991). Dictionary of Steroids. Chapman and Hall. পৃ. xxx–lix. ISBN 978-0412270604
  3. ↑ (2011). Steroid Chemistry at a Glance. Wiley. ISBN 978-0-470-66084-3
  4. ↑ (Oct 2005). Antiinflammatory action of glucocorticoids--new mechanisms for old drugs. The New England Journal of Medicine. পৃ. 1711–23
  5. ↑ (2017-03-21). Drug Resistance in Bacteria, Fungi, Malaria, and Cancer. Springer. ISBN 978-3-319-48683-3
  6. ↑ (8 September 2017). Fungi: Biology and Applications. John Wiley & Sons, Inc. ISBN 9781119374312
  7. ↑ (Sep 2003). Evolution of secondary metabolites from an ecological and molecular phylogenetic perspective. Phytochemistry. পৃ. 3–19
  8. ↑ Wink, Michael; van Wyk, Ben-Erik. (2008). Mind-altering and poisonous plants of the world. Timber press inc. পৃ. 252, 253 and 254. ISBN 978-0-88192-952-2
  9. ↑ Wink, Michael; van Wyk, Ben-Erik. (2008). Mind-altering and poisonous plants of the world. Timber press inc. পৃ. 324, 325 and 326. ISBN 978-0-88192-952-2
  10. ↑ (Jan 2003). Steroid biosynthesis in prokaryotes: identification of myxobacterial steroids and cloning of the first bacterial 2,3(S)-oxidosqualene cyclase from the myxobacterium Stigmatella aurantiaca. Molecular Microbiology. পৃ. 471–81
  11. ↑ (2009). Phylogenomics of sterol synthesis: insights into the origin, evolution, and diversity of a key eukaryotic feature. Genome Biology and Evolution. পৃ. 364–81
  12. ↑ Zorea, Aharon. (2014). Steroids (Health and Medical Issues Today). Greenwood Press. পৃ. 10–12. ISBN 978-1440802997
  13. ↑ (Jun 2010). Steroids: partial synthesis in medicinal chemistry. Natural Product Reports. পৃ. 887–99
  14. ↑ (1999). IUPAC Recommendations: Skeletal Modification in Revised Section F: Natural Products and Related Compounds (IUPAC Recommendations 1999). International Union of Pure and Applied Chemistry (IUPAC)
  15. ↑ Wolfing, János. (2007). Recent developments in the isolation and synthesis of D-homosteroids and related compounds. Arkivoc. পৃ. 210–230
  16. ↑ Silverthorn, Dee Unglaub, 1948-. (2016). Human physiology: an integrated approach. ISBN 9780321981226
  17. ↑ (2011). Life: The Science of Biology. Freeman. পৃ. 105–114. ISBN 978-1-4292-4646-0
  18. ↑ (2016). Paracrine Sonic Hedgehog Signaling Contributes Significantly to Acquired Steroidogenesis in the Prostate Tumor Microenvironment. Int. J. Cancer. পৃ. 358–369

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক যৌগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টেৰইড” প্ৰবন্ধৰ সংশোধন ৬৩২২৬৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।