লিণ্ডছে ডি লোহান (ইংৰাজী ভাষা: Lindsay Dee Lohan; জন্ম ২ জুলাই, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু গীতিকাৰ। মাত্ৰ তিনি বছৰ বয়সতে তেওঁ 'ফৰ্ড মডেলছ'ৰ সৈতে চুক্তিবদ্ধ হৈছিল আৰু শিশু অভিনেত্ৰী হিচাপে গাইডিং লাইট (১৯৯৩) আৰু এনাডাৰ ৱৰ্ল্ড (১৯৯৬–১৯৯৭) নামৰ ধাৰাবাহিকৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল। ৱাল্ট ডিজনি পিকচাৰ্ছৰ কমেডী চিনেমা দ্য পেৰেন্ট ট্ৰেপ (১৯৯৮)-ত যমজ ভগ্নীৰ দ্বৈত চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ সফলতা লাভ কৰে। ইয়াৰ পিছত তেওঁ লাইফ-চাইজ (২০০০), গেট এ ক্লু (২০০২), ফ্ৰিকি ফ্ৰাইডে (২০০৩) আৰু কনফেচনছ অৱ এ টিনেজ ড্ৰামা কুইন (২০০৪) আদি ছবিত অভিনয় কৰে। ২০০৪ চনৰ কমেডী চিনেমা মিন গাৰ্লছ-ত কেডি হেৰনৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁক এগৰাকী কিশোৰী আইডল আৰু আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।
লোহানে কাচাব্লাংকা ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হৈ দুখন ষ্টুডিঅ' এলবাম মুকলি কৰে— স্পীক (২০০৪) আৰু এ লিটল ম'ৰ পাৰ্চনেল (ৰ' ) (২০০৫)। ইয়াৰ উপৰিও তেওঁ হাৰ্বি: ফুলি লোডেড (২০০৫) আৰু জাষ্ট মাই লাক (২০০৬) আদি ছবিত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ এ প্ৰেইৰী হোম কম্পেনিয়ন, ববী (২০১৬) আৰু চ্যাপ্টাৰ ২৭ (২০০৭) আদি স্বতন্ত্ৰ ছবিতো কাম কৰে। ব্যক্তিগত জীৱনৰ আইনী জটিলতা আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সমস্যাৰ বাবে তেওঁৰ কেৰিয়াৰত কিছু বাধা আহিছিল যদিও তেওঁ মেচেটি (২০১০), লিজ এণ্ড ডিক (২০১২) আৰু দ্য কেনিয়নছ (২০১৩)-ৰ জৰিয়তে অভিনয়লৈ ঘূৰি অহাৰ চেষ্টা কৰে।
অপাৰ উইনফ্ৰিৰ নিৰ্দেশনাত লোহানক কেন্দ্ৰ কৰি লিণ্ডছে (২০১৪) নামৰ এখন তথ্যচিত্ৰ শৃংখলা নিৰ্মাণ কৰা হৈছিল। তেওঁ লণ্ডনৰ ৱেষ্ট এণ্ড থিয়েটাৰত স্পীড-দ্য-প্লাউ (২০১৪) নাটকৰ জৰিয়তে মঞ্চত আত্মপ্ৰকাশ কৰে। শেহতীয়াকৈ তেওঁ নেটফ্লিক্সৰ ৰোমান্টিক কমেডী ফলিং ফৰ ক্ৰীষ্টমাছ (২০২২), আইৰিছ উইচ (২০২৪) আৰু আৱাৰ লিটল চিক্ৰেট (২০২৪)-ত অভিনয় কৰিছে। ইয়াৰ পিছত ২০২৫ চনত তেওঁৰ ফ্ৰিকিয়াৰ ফ্ৰাইডে মুক্তি পাব।
প্ৰাৰম্ভিক জীৱন
লিণ্ডছে ডি লোহানৰ জন্ম ১৯৮৬ চনৰ ২ জুলাইত নিউয়ৰ্ক চহৰৰ পাঁচটা বৰ’ৰ অন্যতম দ্য ব্ৰংকছত হৈছিল।১২ তেওঁ নিউয়ৰ্কৰ লং আইলেণ্ডৰ মেৰিক আৰু ক'ল্ড স্প্ৰিং হাৰ্বাৰত ডাঙৰ-দীঘল হৈছিল।৩ তেওঁ দিনা আৰু মাইকেল লোহানৰ জ্যেষ্ঠ সন্তান।৪৫ তেওঁৰ পিতৃ এজন প্ৰাক্তন ৱাল ষ্ট্ৰীট ব্যৱসায়ী আছিল। তেওঁৰ মাতৃ এগৰাকী প্ৰাক্তন গায়িকা আৰু নৃত্যশিল্পী।৬ লোহানৰ তিনিজন সৰু ভাই-ভনী আছে— মাইকেল জুনিয়ৰ (যিয়ে তেওঁৰ সৈতে ১৯৯৮ চনত দ্য পেৰেন্ট ট্ৰেপ-ত অভিনয় কৰিছিল), আলিয়ানা আৰু ডাকোটা লোহান। তেওঁলোক আইৰিছ আৰু ইটালিয়ান বংশোদ্ভূত আৰু কেথলিক হিচাপে ডাঙৰ-দীঘল হৈছিল। লোহানে একাদশ শ্ৰেণীৰ পৰা ঘৰুৱা শিক্ষা (home-schooling) আৰম্ভ কৰিছিল।৭ তেওঁৰ পিতৃ-মাতৃ ১৯৮৫ চনত বিবাহপাশত আৱদ্ধ হৈছিল, কিন্তু লোহানৰ তিনি বছৰ বয়সত তেওঁলোকৰ বিচ্ছেদ হয়। পৰৱৰ্তী সময়ত তেওঁলোকৰ পুনৰ মিলন হৈছিল যদিও ২০০৫ চনত পুনৰ বিচ্ছেদ হয় আৰু ২০০৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয়।৮৯
তথ্যসূত্ৰ
- ↑ (July 7, 2010). Lindsay Lohan's chequered life in the spotlight. BBC News
- ↑ Lindsay Lohan. Rolling Stone
- ↑ Profiles of Tom Cruise, Lindsay Lohan, Michael Caine. CNN People in the News
- ↑ Fischler, Marcelle S. (October 22, 2006). For Lohan Matriarch, Like Daughter, Like Mother. The New York Times
- ↑ Lindsay Lohan. Rolling Stone
- ↑ Lindsay Lohan biography. Biography
- ↑ Lynda Obst. (June 2004). Lindsay Lohan: One of the movies' biggest rising stars goes on the record. Interview
- ↑ (August 6, 2007). Lohan parents' divorce heats up on Long Island. MSNBC
- ↑ (August 18, 2007). Lohan's Parents End Divorce Row. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিণ্ডছে লোহান” প্ৰবন্ধৰ সংশোধন ৬২৩৯৬২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।