লিনথোইঙাম্বী লাইশ্ৰাম (Linthoingambi Laishram;১ জন্ম: ১৯ ডিচেম্বৰ, ১৯৮৫) যাক সচৰাচৰ লিন লাইশ্ৰাম বুলি জনা যায়, এগৰাকী ভাৰতীয় মডেল,২৩ অভিনেত্ৰী আৰু এগৰাকী উদ্যোগী। তেওঁ পাৰিপাৰ্শ্বিক অনুকূল গহনা ব্ৰেণ্ড শামু ছানাৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক।৪ লাইশ্ৰামে ২০০৭ চনৰ হিন্দী ভাষাৰ কথাছবি ওম শান্তি ওমত এক বিশেষ চৰিত্ৰৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।
কেৰিয়াৰ
লিন লাইশ্ৰামে প্ৰথমবাৰৰ বাবে ওম শান্তি ওম ছবিত এজন অতিৰিক্ত শিল্পী হিচাপে ভূমুকি মাৰিছিল।৫ তেওঁ নিউয়ৰ্কৰ গহনা ব্ৰেণ্ড ওজোৰু জুৱেলাৰীৰ ব্ৰেণ্ড এম্বেছেডৰ আছিল।৬ তেওঁ শ্বিলঙত অনুষ্ঠিত ২০০৮ চনৰ মিছ নৰ্থ ইষ্টত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল আৰু প্ৰথম ৰানাৰ্ছ আপ খিতাপ দখল কৰিছিল। ইয়াৰ পিছত তেওঁ ৰিয়েলিটি টিভি শ্ব' কিংফিচাৰ কেলেণ্ডাৰ গাৰ্লত অংশগ্ৰহণ কৰি নিজৰ আকৰ্ষণীয়তাৰে বহুতৰে মন জয় কৰে। তেওঁ ৰাষ্ট্ৰীয় টেলিভিছনত চুইমচুট পিন্ধি উপস্থিত হোৱা প্ৰথমগৰাকী মণিপুৰী মডেল আছিল, যাৰ ফলত তেওঁৰ গৃহ চহৰত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল।৭
লাইশ্ৰাম নিউয়ৰ্কত বাস কৰিছিল, য’ত তেওঁ এগৰাকী প্ৰিণ্ট আৰু ফেশ্বন মডেল হিচাপে কাম কৰিছিল আৰু বহুতো প্ৰখ্যাত ফটোগ্ৰাফাৰ, মেক-আপ আৰ্টিষ্ট আৰু ষ্টাইলিষ্টৰ সৈতে কাম কৰিছিল।৮
নিউয়ৰ্ক চহৰত মডেলিং কৰি থকাৰ সময়তে তেওঁ ষ্টেলা এডলাৰ ষ্টুডিঅ' অৱ এক্টিংত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল।৯ তেওঁ বোম্বেলৈ উভতি আহে আৰু ৩ বছৰ ধৰি নাছিৰুদ্দিন শ্বাহৰ মটলি, নীৰজ কবিৰ প্ৰবাহ থিয়েটাৰ লেব আৰু ৰংবাজৰ সৈতে থিয়েটাৰ কৰে। তেওঁ পৃথ্বী থিয়েটাৰ, এনচিপিএৰ দৰে বোম্বেৰ বিখ্যাত থিয়েটাৰসমূহত অভিনয় কৰাৰ লগতে সেই প্ৰডাকচনসমূহৰ সৈতে ভ্ৰমণো কৰিছিল।
তেওঁ ওমুং কুমাৰৰ পৰিচালনাত প্ৰিয়ংকা চোপ্ৰাৰ সৈতে ২০১৪ চনৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি মেৰী কমত বেমবেম চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কেনী বসুমতাৰীয়ে পৰিচালনা কৰা এখন চুটি ছবিৰ লগতে প্ৰশান্ত নায়াৰৰ নিৰ্দেশিত ইণ্ডি ছবি উমৰিকাত প্ৰতীক বাব্বৰৰ বিপৰীতে এগৰাকী নেপালী ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল। বিশাল ভাৰদ্বাজে পৰিচালনা কৰা পিৰিয়ড ৰোমান্টিক ড্ৰামা ৰংগুনত লিনে মেমা চৰিত্ৰত অভিনয় কৰিছিল য’ত কংগনা ৰাণাৱত, শ্বাহিদ কাপুৰ আৰু ছৈফ আলী খানে অভিনয় কৰিছিল।১০
লাইশ্ৰাম জামছেদপুৰৰ টাটা আৰ্চাৰী একাডেমীৰ এগৰাকী প্ৰশিক্ষিত ধনুৰ্ধৰ আছিল আৰু চণ্ডীগড়ত অনুষ্ঠিত ১৯৯৮ চনৰ নেচনেলছত তেওঁ জুনিয়ৰ নেচনেল চেম্পিয়ন আছিল।১১
তেওঁ ২০১৭ চনৰ মাৰ্চ মাহত 'শামু ছানা' নামৰ নিজা গহনা ব্ৰেণ্ড আৰম্ভ কৰিছিল।১২১৩
ব্যক্তিগত জীৱন

তেওঁৰ জন্ম ১৯৮৫ বা ১৯৮৬ চনত হৈছিল।২ ২০২৩ চনৰ ২৯ নৱেম্বৰত তেওঁ ৰণদীপ হুদাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ প্ৰথম সাক্ষাৎ 'মটলি' নামৰ এটা থিয়েটাৰ গোটত হৈছিল।১৪
চলচ্চিত্ৰপঞ্জী
- ওম শান্তি ওম (২০০৭) - ওম কাপুৰৰ বন্ধু হিচাপে
- মেৰী কম (২০১৪) - বেম-বেম হিচাপে
- উমৰিকা (২০১৫) - উদয়ৰ পত্নী হিচাপে
- ৰংগুন (২০১৭) - মেমা হিচাপে
- আক্সনী (২০১৯) - চানবী হিচাপে
- এভে মাৰিয়া (২০২০) - চুজান হিচাপে (চুটি ছবি)
- জানে জান (২০২৩) - প্ৰেমা হিচাপে
লাইশ্ৰামে হেটট্ৰিক আৰু মাত্ৰু কি বিজলী কা মান্ডোলা ছবিতো অতিৰিক্ত শিল্পী হিচাপে অভিনয় কৰিছে।১৫১৬
তথ্যসূত্ৰ
- ↑ All you need to know about Randeep Hooda's to-be wife Lin Laishram. The Times of India
- ↑ Rao, Justin. (2 July 2021). 'I just want a fair chance'. Rediff.com
- ↑ Kingfisher Calendar 2013: The bikini body battle!
- ↑ (2023-11-30). Who Is Lin Laishram? Manipuri Actress Married To Bollywood Star Randeep Hooda. English Jagran
- ↑ (28 October 2022). Randeep Hooda and Lin Laishram are the new couple in town. The Indian Express
- ↑ (5 March 2020). Manipur Beauty Lin Laishram to Tie Knot with Bollywood's Randeep Hooda. India Today NE
- ↑ Chatterjee, Ayusmita. (6 July 2021). Who Is Lin Laishram? Axone Fame Who Called Out Priyanka Chopra. SheThePeople
- ↑ Hauzel, Hoihnu. (2020-08-01). Manipur to Mumbai via New York. The NorthEast Stories
- ↑ (2021-06-28). Axone star Lin Laishram's ethnicity was her biggest struggle: 'Only person we connected with was Danny Denzongpa'. Hindustan Times
- ↑ (28 June 2021). Axone star Lin Laishram's ethnicity was her biggest struggle: 'Only person we connected with was Danny Denzongpa'. Hindustan Times. PTI
- ↑ (16 February 2016). Lin Laishram to debut in Vishal Bharadwaj's Rangoon. Deccan Chronicle
- ↑ Lin Laishram- Breaking the Stereotypes – TheMoviean. The Moviean
- ↑ 5 NE actresses who made it big in Bollywood | the North East Today|Delivering news upto the minute
- ↑ How Randeep Hooda Met His Bride Lin. Rediff
- ↑ Matru Ki Bijlee Ka Mandola (2013). Letterboxd
- ↑ (22 July 2023). Mary Kom Actress Lin Laishram BLASTS Celebs Condemning Manipur Incident: 'You Have No F***ing Clue..'. The Free Press Journal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিন লাইশ্ৰাম” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৫৫ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।