অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিছা এম ডায়মণ্ড

লিছা এম ডায়মণ্ড (ইংৰাজী: Lisa M. Diamond) এগৰাকী আমেৰিকান মনোবিজ্ঞানী আৰু নাৰীবাদী। তেওঁ ইউটাহ বিশ্ববিদ্যালয়ৰ বিকাশমূলক মনোবিজ্ঞান, স্বাস্থ্য মনোবিজ্ঞান আৰু লিংগ অধ্যয়ন বিভাগৰ এগৰাকী অধ্যাপক। তেওঁৰ গৱেষণাৰ মূল বিষয় হৈছে যৌন অভিমুখিতাৰ বিকাশ, যৌন পৰিচয় আৰু মানৱীয় সম্পৰ্ক।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

লিছা এম ডায়মণ্ড (ইংৰাজী ভাষা: Lisa M. Diamond) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন মনোবিজ্ঞানী আৰু নাৰীবাদী। তেওঁ ইউটাহ বিশ্ববিদ্যালয়ৰ বিকাশমূলক মনোবিজ্ঞান, স্বাস্থ্য মনোবিজ্ঞান আৰু লিংগ অধ্যয়ন বিভাগৰ এগৰাকী অধ্যাপক।১ তেওঁৰ গৱেষণাৰ মূল বিষয় হৈছে যৌন অভিমুখিতাৰ বিকাশ, যৌন পৰিচয় আৰু মানৱীয় সম্পৰ্ক।২

তেওঁ তেওঁৰ ২০০৮ চনৰ গ্ৰন্থ চেক্সুৱেল ফ্লুইডিটি: আণ্ডাৰষ্টেণ্ডিং উইমেনছ লাভ এণ্ড ডিজায়াৰৰ বাবে সৰ্বাধিক পৰিচিত।৩ এই গ্ৰন্থখনত তেওঁ ১০বছৰীয়া সময়ছোৱাত ১০০ গৰাকী অ-বিষমকামী মহিলাৰ ওপৰত কৰা অধ্যয়নৰ আধাৰত মহিলাৰ যৌনতাৰ পৰিৱৰ্তনশীলতাৰ বিষয়ে আলোচনা কৰিছে।৪

প্ৰাৰম্ভিক জীৱন

বেটি ফ্ৰিডেনে তেওঁৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা ভাষণ দিয়াৰ পাছত ডায়মণ্ড নাৰীবাদৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।৩ তেওঁ চিকাগো বিশ্ববিদ্যালয়ত নাৰীবাদী তত্ত্ব অধ্যয়ন কৰিছিল আৰু চিকাগোৰ নেচনেল অৰ্গেনাইজেশ্যন ফৰ উইমেনৰ বৰ্ডত যোগদান কৰিছিল।৩৫৬ এই সময়ছোৱাতে তেওঁ নিজকে সমকামী হিচাপে ঘোষণা কৰিছিল আৰু সক্ৰিয়তাবাদৰ পৰিৱৰ্তে সমকামিতাৰ ওপৰত গৱেষণা কৰাৰ সিদ্ধান্ত লৈছিল।৩

১৯৯৩ চনত তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰপৰা মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।৩ ইয়াৰ পিছত তেওঁ কৰ্ণেল বিশ্ববিদ্যালয়ত ৰিচ চাভিন-উইলিয়ামছৰ তত্ত্বাৱধানত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰে।৭ তাৰপৰাই তেওঁ ১৯৯৬ চনত স্নাতকোত্তৰ আৰু ১৯৯৯ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে, দুয়োটাই মানৱ বিকাশমূলক মনোবিজ্ঞান বিষয়ত।৩

কৰ্মজীৱন

ইউটাহ বিশ্ববিদ্যালয়ত ডায়মণ্ড ১৯৯৯ চনৰপৰা ২০০৫ চনলৈ সহকাৰী অধ্যাপক আৰু ২০০৫ চনৰপৰা ২০১২ চনলৈ সহযোগী অধ্যাপক হিচাপে আছিল। ২০১২ চনত তেওঁ মনোবিজ্ঞান আৰু লিংগ অধ্যয়ন বিভাগৰ অধ্যাপক হয়।২ তেওঁ ডেভেলপমেণ্টেল চাইক’লজী, আৰ্কাইভছ অৱ চেক্সুৱেল বিহেভিয়াৰ আৰু অন্যান্য বিভিন্ন আলোচনীৰ সম্পাদকীয় বোৰ্ডত কাম কৰে।২ তেওঁৰ গৱেষণাই সমকামিতা, কিশোৰী আৰু মানৱীয় সম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়ে।২৩

যৌন পৰিৱৰ্তনশীলতাৰ ওপৰত কৰা তেওঁৰ অধ্যয়নত তেওঁ বিচাৰি পাইছে যে কিছুমান মহিলাই তেওঁলোকৰ যৌন অভিমুখিতাৰ পৰিচয়ত পৰিৱৰ্তন হোৱা বুলি প্ৰকাশ কৰে। ডায়মণ্ডৰ মতে যৌন অভিমুখিতা কোনো নিৰ্বাচিত বিষয় নহয়, বৰঞ্চ কিছুমান মহিলাৰ ক্ষেত্ৰত এই পৰিচয় অনিচ্ছাকৃতভাৱে সলনি হ'ব পাৰে।৩৮ তেওঁ অধ্যয়ন কৰা যৌন পৰিৱৰ্তনশীল মহিলাসকলে "সেই পৰিৱৰ্তনবোৰ ইচ্ছাকৃত বুলি অনুভৱ কৰা নাছিল" আৰু কিছুমানে আনকি সেইবোৰক প্ৰতিৰোধো কৰে।৮ ডায়মণ্ডৰ মতে ৰূপান্তৰ থেৰাপীয়ে (conversion therapy) সমলিংগৰ প্ৰতি থকা আকৰ্ষণ দূৰ কৰিব নোৱাৰে।৮

নিজকে এগৰাকী নাৰীবাদী বিজ্ঞানী হিচাপে বৰ্ণনা কৰি ডায়মণ্ডে কয়, "এনে বহু বিজ্ঞানী আছে যিয়ে কেৱল বৈজ্ঞানিক পদ্ধতিটোক আঁকোৱালি লয় আৰু বিশ্বাস কৰে যে তেওঁলোক সম্পূৰ্ণৰূপে নিৰপেক্ষ, যিটো মই মিছা বুলি ভাবো। আকৌ মই এনে বহু নাৰীবাদীও লগ পাইছোঁ যিয়ে কয় যে শোষণ নকৰাকৈ তথ্য সংগ্ৰহ কৰাৰ কোনো উপায় নাই, তথ্যৰ কোনো অৰ্থ নাই আৰু পৃথিৱীখন এক সামাজিক নিৰ্মাণ—মই এইবোৰকো ভুল বুলি ভাবো।" ৩ ডায়মণ্ডে প্ৰেম আৰু যৌন অভিমুখিতাৰ আধাৰ হিচাপে সংযুক্তি তত্ত্ব (attachment theory) আৰু সম্পৰ্ক তথা মনো-জৈৱিক স্বাস্থ্যৰ মাজৰ সম্পৰ্কৰ বিষয়েও গৱেষণা কৰিছে।৩

ডায়মণ্ডক ২০১১ চনত আমেৰিকান চাইক’লজিকেল এছ’চিয়েশ্যনৰ (এপিএ) লেচবিয়ান, সমকামী, উভকামী আৰু ৰূপান্তৰিত লিংগ বিষয়ক সমিতিয়ে আউটষ্টেণ্ডিং এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰে; ২০১০ চনত ইণ্টাৰনেশ্যনেল এছ’চিয়েশ্যন অৱ ৰিলেচনশ্বিপ ৰিচাৰ্ছে (আইএআৰআৰ) ডিষ্টিংগুইচড বুক এৱাৰ্ড প্ৰদান কৰে; আৰু ২০০৯ চনত আমেৰিকান চাইক’লজিকেল এছ’চিয়েশ্যনৰ ৪৪ নং বিভাগে তেওঁৰ চেক্সুৱেল ফ্লুইডিটি গ্ৰন্থখনৰ বাবে ডিষ্টিংগুইচড বুক এৱাৰ্ড প্ৰদান কৰে।২৯ চেক্সুৱেল ফ্লুইডিটি গ্ৰন্থখন উভকামী সাহিত্যৰ বাবে প্ৰদান কৰা লেমডা লিটাৰেৰী এৱাৰ্ডৰ চূড়ান্ত তালিকাতো স্থান পাইছিল।১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Lisa Diamond, Ph.D.. The University of Utah
  2. ↑ Diamond, L. M. Curriculum Vita
  3. ↑ Radtke, Sarah. (2012). Profile: Lisa Diamond. Psychology's Feminist Voices
  4. ↑ Sexual Fluidity — Lisa M. Diamond. www.hup.harvard.edu
  5. ↑ Diamond, Lisa M.; Granek, Leeat. (6 August 2011). Interview with Lisa M. Diamond. Psychology's Feminist Voices Oral History Project
  6. ↑ Barringer, Felicity. (1992-01-12). NOW Reasserts Its Role as Outsider. The New York Times
  7. ↑ Vaughn-Blount, Kelli. (2008). Champions of Psychology: Lisa Diamond. Observer
  8. ↑ (29 October 2013). Dr. Lisa Diamond. LGBT Science. Truth Wins Out
  9. ↑ (2022-06-29). #PrideMonth: 8 LGBTQIA Key Opinion Leaders (KOLs) Making Big International Impact. SaigonBiz - Forum of Saigon businessman
  10. ↑ Staff. (2009-05-08). Utahns Nominated for Queer Book Award. QSaltLake Magazine

সম্পৰ্কিত শ্ৰেণী

লেচবিয়ান বিজ্ঞানীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিমনোবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিছা এম ডায়মণ্ড” প্ৰবন্ধৰ সংশোধন ৬২৫৭১৭ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।