এলিজাবেথ শাইলা কোশী (ইংৰাজী ভাষা: Elizabeth Shaila Koshy; জন্ম: ৩১ মাৰ্চ, ১৯৯৬) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন ইউটিউবাৰ আৰু অভিনেত্ৰী।১ তেওঁ চাৰিটাকৈ ষ্ট্ৰীমি বঁটা, চাৰিটা টিন চয়েছ এৱাৰ্ড আৰু এটা কিডছ চয়েছ এৱাৰ্ড লাভ কৰিছে।
কোশীয়ে ২০১৩ চনত ইউটিউব চেনেল আৰম্ভ কৰাৰ আগতে 'ভাইন'ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। টাইলাৰ পেৰীৰ হৰৰ কমেডী ছবি বু! এ মেডিয়া হেলোৱিন (২০১৬)ত আদায় ৱাকাৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ হুলুৰ হৰৰ ড্ৰামা ধাৰাবাহিক ফ্ৰিকিছ (২০১৬–২০১৭)ত ভায়োলেট এডামছ আৰু ইউটিউব প্ৰিমিয়ামৰ ৰহস্যভিত্তিক ধাৰাবাহিক এস্কেপ দ্য নাইট (২০১৭–২০১৯)ত 'দ্য এক্সপ্ল'ৰাৰ'ৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ এমটিভিৰ টেলিভিছন ধাৰাবাহিক টোটেল ৰিকুৱেষ্ট লাইভ (২০১৭–২০১৮)ৰ এগৰাকী সংবাদদাতাও আছিল।
কোশীয়ে ইউটিউব প্ৰিমিয়াম কমেডী ধাৰাবাহিক লিজা অন ডিমাণ্ড (২০১৮–২০২১)ৰ সহ-নিৰ্মাতা আৰু প্ৰযোজনা কৰাৰ লগতে নাম ভূমিকাটো পালন কৰিছিল, যাৰ বাবে তেওঁ কেইবাটাও সন্মান লাভ কৰিছিল। তেওঁ নিকেলোডিয়ন গেম শ্ব’ ডাবল ডেয়াৰ (২০১৮–২০১৯) পৰিচালনা কৰিছিল, যাৰ বাবে তেওঁ ডে-টাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল। তেওঁ নেটফ্লিক্সৰ নৃত্যভিত্তিক কমেডী ছবি ৱৰ্ক ইট (২০২০)ত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ এনিমেটেড এডভেঞ্চাৰ ছবি মাই লিটল পনী: এ নিউ জেনেৰেচন (২০২১) আৰু বিজ্ঞানভিত্তিক ছবি ট্ৰান্সফৰ্মাৰ্ছ: ৰাইজ অৱ দ্য বিষ্টছ (২০২৩)ত কণ্ঠদান কৰিছিল।
২০১৯ চনৰ ফৰ্বছৰ '৩০ আণ্ডাৰ ৩০ হলিউড এণ্ড এণ্টাৰটেইনমেণ্ট'ৰ তালিকাত কোশীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। সেইদৰে ২০১৯ চনৰ টাইম আলোচনীৰ ইণ্টাৰনেটৰ ২৫ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকা আৰু সেই একে বছৰৰে 'টাইম ১০০ নেক্সট' তালিকাতো তেওঁ স্থান লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯৯৬ চনৰ ৩১ মাৰ্চত টেক্সাছৰ হিউষ্টনত এলিজাবেথ শাইলা কোশীৰ জন্ম হৈছিল।২৩ তেওঁৰ মাতৃ জিন কেৰল আছিল জাৰ্মান মূলৰ এগৰাকী আমেৰিকান যোগ প্ৰশিক্ষক৪ আৰু পিতৃ জোছ কোশী কেৰেলাৰ এজন ভাৰতীয় মালয়ালী পেট্ৰ’লিয়াম কাৰ্যবাহী আছিল।৫ তেওঁৰ দুগৰাকী জ্যেষ্ঠ ভগ্নী আছে।৬ কিণ্ডাৰগাৰ্টেনৰপৰা পঞ্চম শ্ৰেণীলৈকে তেওঁক এটা দ্বিভাষিক শৈক্ষিক আৰু সাংস্কৃতিক কাৰ্যসূচীত নাম ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁ স্পেনিছ ভাষা ক’বলৈ শিকিছিল।৭ ২০১৪ চনত লেমাৰ হাইস্কুলত পঢ়াৰ পিছত কোশীয়ে ইউনিভাৰ্চিটি অৱ হিউষ্টনত নাম ভৰ্তি কৰে আৰু বিজনেছ মাৰ্কেটিং অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে।৮৯ ২০১৫ চনত তেওঁ কলেজ ত্যাগ কৰি মিডিয়া কেৰিয়াৰ গঢ়াৰ উদ্দেশ্যে লছ এঞ্জেলছলৈ গুচি যায়।১০
ব্যক্তিগত জীৱন
কোশীয়ে ২০১৫ চনৰ শেষৰফালৰপৰা ২০১৮ চনৰ আৰম্ভণিলৈকে শ্ল’ভাক মিডিয়া ব্যক্তিত্ব ডেভিড ডব্ৰিকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।১১১২
বাহ্যিক সংযোগ
- Trailer for Liza on Demand (2018)
তথ্যসূত্ৰ
- ↑ Spangler, Todd. "Above Average Steers Focus to Original Comedy Series for TV, Digital Services", Variety, January 18, 2018, accessed April 12, 2018
- ↑ (August 24, 2017). Hollywood's New Digital Disrupters: 15 Rising Crossover Stars. The Hollywood Reporter
- ↑ Carter, Brooke. (July 26, 2017). Liza Koshy Net Worth 2017 – How Wealthy is the Social Media Star Now?. GazetteReview.com; Liza Koshy. TV Guide; and Liza Koshy – Instagram
- ↑ Haylock, Zoë Alliyah. "Family Tree: Who Are Liza Koshy's Parents? Meet Jose and Jean Carol", J-14.com, November 20, 2017; Rubottom, Cicely. "Liza Koshy's Life in Houston Before She Got Famous Is Actually Super Relatable", Narcity Media, July 30, 2019; and Gupta Nidhi. "A peek into the life of actor, comedian and host Liza Koshy, an internet star ready to make it big", GQ India, October 20, 2019
- ↑ (August 23, 2013). Liza Koshy on Twitter @Simmieee_I'm malayalee from south India, Kerala!. Twitter
- ↑ (August 2017). Liza Koshy: 5 Fast Facts You Need to Know. Heavy.com
- ↑ DeSimone, Evan. (September 22, 2015). CAA Signs Vine Star Liza Koshy. TheVideoInk.com
- ↑ (February 28, 2014). Lamar drill team reigns at dance event. The Houston Chronicle
- ↑ Rojas, Paulina. (November 5, 2014). Meet @lizzza: Average teenager and online sensation. The Daily Cougar
- ↑ Tannenbaum, Emily. "The New Liza Koshy Is Finally Ready to Leave Her Living Room", Cosmopolitan, October 16, 2019
- ↑ Haylock, Zoë Alliyah. "Too Cute: All the Adorable Moments in Liza Koshy and David Dobrik's Relationship", J-14.com, November 22, 2017
- ↑ (June 5, 2018). David Dobrik and Liza Koshy announce split in emotional video. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিজা কোশী” প্ৰবন্ধৰ সংশোধন ৬৩৭৭১৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।