লিজা মেকিনাৰ্নি (ইংৰাজী ভাষা: Lisa McInerney) এগৰাকী আইৰিছ ঔপন্যাসিক, চুটিগল্প লেখিকা, প্ৰবন্ধকাৰ, সম্পাদক আৰু চিত্ৰনাট্যকাৰ। তেওঁ তেওঁৰ উপন্যাস দ্য গ্ল’ৰিয়াছ হেৰেছিছৰ বাবে আটাইতকৈ বেছি পৰিচিত, যিখন ২০১৬ চনৰ বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচনৰ বিজয়ী আছিল।
জীৱনী
মেকিনাৰ্নিৰ জন্ম ১৯৮১ চনত আয়াৰলেণ্ডৰ গালৱেৰ এটা শ্ৰমিক শ্ৰেণীৰ পৰিয়ালত হৈছিল১ আৰু তেওঁ ককা-আইতাকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। তেওঁ গৰ্ট কমিউনিটি স্কুলত অধ্যয়ন কৰিছিল আৰু তাৰ পিছত ইউনিভাৰ্চিটি কলেজ কৰ্কত ইংৰাজী আৰু ভূগোল অধ্যয়ন কৰে।২ তেওঁ আইৰিছ সাংবাদিক জেৰাল্ডিন মেকিনাৰ্নিৰ বোৱাৰী।
মেকিনাৰ্নিৰ প্ৰথম প্ৰকাশিত লেখা আছিল এটা চুটিগল্প, "ছেটাৰডে, বৰিং", যিটো ২০১৩ চনৰ ফেবাৰ এণ্ড ফেবাৰ সংকলন টাউন এণ্ড কাণ্ট্ৰী: নিউ আইৰিছ চৰ্ট ষ্ট’ৰীজৰ বাবে কেভিন বেৰীয়ে অনুৰোধ কৰিছিল।
মেকিনাৰ্নিৰ চুটি ৰচনাসমূহ উইণ্টাৰ পেপাৰ্ছ, এক্সট্ৰা টিথ, দ্য গাৰ্ডিয়ান, লি মণ্ডে, গ্ৰাণ্টা, বিবিচি ৰেডিঅ' ৪ আৰু বিভিন্ন সংকলনত প্ৰকাশ পাইছে। ২০২২ চনত তেওঁক আইৰিছ সাহিত্য আলোচনী দ্য ষ্টিংগিং ফ্লাইৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়।
উপন্যাস
জন মাৰে প্ৰকাশন গোষ্ঠীৰদ্বাৰা প্ৰকাশিত মেকিনাৰ্নিৰ প্ৰথম উপন্যাস দ্য গ্ল’ৰিয়াছ হেৰেছিছ ২০১৫ চনৰ এপ্ৰিল মাহত মুক্তি পায়। আয়াৰলেণ্ডৰ উত্তৰ-আৰ্থিক মন্দাৱস্থাৰ সমাজখনৰ প্ৰান্তীয় পাঁচজন লোকৰ কাহিনী বৰ্ণনা কৰা এই উপন্যাসখনে ২০১৬ চনত বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচন আৰু ডেচমণ্ড এলিয়ট প্ৰাইজ লাভ কৰিছিল। ইয়াক ফৰাচী ভাষালৈ অনুবাদ কৰা হৈছে, যাৰ বাবে লেখিকাই ২০১৮ চনৰ আয়াৰলেণ্ড ফ্ৰেংকোফণি এম্বেচেডৰ্ছ লিটাৰেৰী এৱাৰ্ড লাভ কৰিছিল। ইয়াৰ উপৰি ই ইটালীৰ প্ৰেমিয়ো এডোৱাৰ্ডো কিলগ্ৰেন বঁটা লাভ কৰিছিল আৰু ষ্ট্ৰেগা ইউৰোপীয় বঁটাৰ বাবে মনোনীত হৈছিল। ইয়াৰ উপৰি স্পেনিছ, ডাচ, জাৰ্মান, চেক, ছাৰ্বিয়ান, পলিছ, ডেনিছ আৰু মেচিডোনিয়ান ভাষাতো ইয়াৰ অনুবাদ হৈছে।
মেকিনাৰ্নিৰ দ্বিতীয়খন উপন্যাস দ্য ব্লাড মিৰাকলছ ২০১৭ চনৰ এপ্ৰিলত প্ৰকাশ হয়। ইয়াৰ কাহিনীৰ কেন্দ্ৰবিন্দু হ’ল ৰিয়ান কুছাক, যি দ্য গ্ল’ৰিয়াছ হেৰেছিছৰ কনিষ্ঠতম চৰিত্ৰ আছিল। এই উপন্যাসখনে ২০১৮ চনৰ ৰয়েল ছ’চাইটি অৱ লিটাৰেচাৰৰ এনকোৰ বঁটা লাভ কৰিছিল আৰু ২০১৮ চনৰ ডিলান থমাছ বঁটাৰ দীঘলীয়া তালিকাত স্থান পাইছিল।
মেকিনাৰ্নিৰ তৃতীয়খন উপন্যাস দ্য ৰুলছ অৱ ৰিভিলেচন ২০২১ চনৰ মে’ মাহত প্ৰকাশ পায়।
মেকিনাৰ্নিৰ কৰ্ক চিটিৰ পটভূমিত ৰচিত এই তিনিখন উপন্যাসক লৈ টেলিভিছন ধাৰাবাহিক নিৰ্মাণৰ স্বত্ব আইটিভি ষ্টুডিঅ’ই ক্ৰয় কৰিছে আৰু ইয়াৰ চিত্ৰনাট্য লিখাৰ বাবে মেকিনাৰ্নিক চুক্তিবদ্ধ কৰা হৈছে।
প্ৰভাৱ
তেওঁ লিখনীৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীৰ ওপৰত হিউবাৰ্ট চেলবী জুনিয়ৰৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে।৩ তেওঁৰ বলিষ্ঠ চৰিত্ৰ আৰু লিখনী শৈলীৰ বাবে তেওঁক পেট্ৰিক মেককেব আৰু ইৰভাইন ৱেলছৰ সৈতে তুলনা কৰা হয়।৪
প্ৰকাশিত কৰ্মৰাজি
উপন্যাস
- দ্য গ্ল’ৰিয়াছ হেৰেছিছ (২০১৫)
- দ্য ব্লাড মিৰাকলছ (২০১৭)
- দ্য ৰুলছ অৱ ৰিভিলেচন (২০কি১)
চুটিগল্প
- "ছেটাৰডে, বৰিং" (২০১৩)
- "বাৰ্গহেইন" (২০১৫)
- "ৰিডাউট" (২০১৫)
- "দ্য বুচাৰ্ছ এপ্ৰণ" (২০১৬)
- "নেভিগেচন" (২০১৬)
- "ফাইভ চাইটছ, ফাইভ ষ্টেজছ" (২০১৮)
- "জেৰাৰ্ড" (২০১৯)
- "নোৱেয়াৰ নাও" (২০১৯)
প্ৰবন্ধ
- "চিজ দ্য মিনছ অৱ পাব্লিকেচন" (২০১৬)
- "হাফ-এন্সাৰ্ড কুৱেচনছ অন ফিকচন" (২০১৮)
- "ৱৰ্কিং ক্লাছ - এন এস্কেপ মেনুৱেল" (২০১৯)
- "ফেণ্টাচিক বেবীজ: নোটছ অন এ কে-পপ মিউজিক ভিডিও" (২০২০)
অন্যান্য
- ফেক টেন (চুটি ছবি) (২০২০)
- দ্য ষ্টিংগিং ফ্লাই X গালৱে ২০২০ (সম্পাদক হিচাপে) (২০২০)
বঁটা আৰু সন্মান
বিজয়ী
- ২০১৬ বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচন
- ২০১৬ ডেচমণ্ড এলিয়ট প্ৰাইজ
- ২০১৮ এনকোৰ এৱাৰ্ড
- ২০১৮ আয়াৰলেণ্ড ফ্ৰেংকোফণি এম্বেচেডৰ্ছ লিটাৰেৰী এৱাৰ্ড
- ২০১৮ প্ৰেমিয়ো এডোৱাৰ্ডো কিলগ্ৰেন
মনোনীত
- ২০১৫ আইৰিছ বুক এৱাৰ্ডছ
- ২০১৬ থেকষ্টনছ অ’ল্ড পেকুলিয়াৰ ক্ৰাইম নভেল অৱ দা য়েৰ এৱাৰ্ড
- ২০১৬ আৰু ২০১৮ ডিলান থমাছ বঁটা
- ২০১৭ চাণ্ডে টাইমছ ইএফজি চৰ্ট ষ্ট’ৰী এৱাৰ্ড
- ২০১৮ ষ্ট্ৰেগা ইউৰোপীয় বঁটা
- ২০১৯ আন্তঃৰাষ্ট্ৰীয় ডাবলিন সাহিত্য বঁটা
তথ্যসূত্ৰ
- ↑ McInerney, Lisa. Working class? Here's Lisa McInerney's escape manual. The Irish Times
- ↑ McInerney, Lisa. (2018-03-10). Lisa McInerney on Cork: 'If cities have characters then this one's a brilliant brat'. the Guardian
- ↑ (2017-04-16). Lisa McInerney: 'I've known people who've done appalling things'. The Guardian
- ↑ (2016-11-08). The Glorious Heresies by Lisa McInerney to be made into TV series. The Irish Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিজা মেকিনাৰ্নি” প্ৰবন্ধৰ সংশোধন ৫৯০৭০৮ (১৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।