লিণ্ডা এন মাঞ্জ (ইংৰাজী ভাষা: Linda Ann Manz; জন্ম: ২০ আগষ্ট, ১৯৬১ – মৃত্যু: ১৪ আগষ্ট, ২০২০) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আছিল। তেওঁ ১৫ বছৰ বয়সত টেৰেন্স মালিকেৰ ঐতিহাসিক ড্ৰামা ছবি ডেজ অৱ হেভেনৰ (১৯৭৮) জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। এই ছবিখনত তেওঁ ১৯১৬ চনৰ গ্ৰাম্য টেক্সাছত ডাঙৰ-দীঘল হোৱা এগৰাকী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ দা ৱাণ্ডাৰাৰ্ছ (১৯৭৯) ছবিত এটা সহযোগী চৰিত্ৰত অভিনয় কৰে। ডেনিছ হপাৰৰ ড্ৰামা ছবি আউট অৱ দা ব্লুত (১৯৮০) এক অশান্ত পৰিয়ালৰ সমস্যাগ্ৰস্ত কিশোৰীৰ চৰিত্ৰত কৰা অসাধাৰণ অভিনয়ৰ বাবে তেওঁ সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰিছিল।
আশীৰ দশকৰ মাজভাগত মাঞ্জই অভিনয় জীৱনৰপৰা আঁতৰি আহে আৰু দক্ষিণ কেলিফৰ্ণিয়াত বসবাস কৰিবলৈ লয়। তাত তেওঁ জনচক্ষুৰপৰা আঁতৰত থাকি নিজৰ তিনিজন সন্তানক ডাঙৰ-দীঘল কৰাত মনোনিৱেশ কৰিছিল। ১৯৯৭ চনত তেওঁ হাৰ্মনী ক'ৰিনৰ ছবি গাম্মো আৰু ডেভিদ ফিনচাৰৰ থ্ৰিলাৰ ছবি দা গেমত সৰু চৰিত্ৰৰ জৰিয়তে পুনৰ অভিনয়লৈ ঘূৰি আহে। নব্বৈৰ দশকৰপৰা তেওঁৰ অভিনয়ৰ এক শক্তিশালী অনুৰাগী গোষ্ঠী (কাল্ট ফ’লোয়িং) গঢ়ি উঠিছিল।১
প্ৰাৰম্ভিক জীৱন
লিণ্ডা এন মাঞ্জৰ জন্ম নিউয়ৰ্ক চহৰত ছফী ই. মাঞ্জৰ গৰ্ভত হৈছিল। তেওঁ কেতিয়াও নিজৰ পিতৃক চিনি পোৱা নাছিল।২ আপাৰ মেনহাটানত ডাঙৰ-দীঘল হোৱা মাঞ্জৰ শৈশৱ আছিল অশান্ত আৰু মাতৃৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল জটিল। তেওঁ সঘনাই ঘৰৰপৰা পলাই গৈছিল আৰু কেইবাখনো বিদ্যালয় সলনি কৰিছিল।৩ ১৯৭৯ চনত পিপল আলোচনীত মাঞ্জই কৈছিল: "বহু দিন ধৰি মই সদায় মানুহক মোক তুলি ল’বলৈ (দত্তক ল’বলৈ) অনুৰোধ কৰিছিলোঁ।" ২ প্ৰথম অৱস্থাত তেওঁ অভিনয়ৰ প্ৰতি উদাসীন আছিল যদিও পিছলৈ ২০১১ চনত তেওঁ প্ৰকাশ কৰা মতে, ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ চাফাই কৰ্মী হিচাপে কাম কৰা তেওঁৰ মাতৃয়েহে তেওঁক এগৰাকী অভিনেত্ৰী হিচাপে কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত কৰিছিল।৪ মাতৃৰ জিদতে মাঞ্জই অভিনয় আৰু নৃত্য শিকোৱা এখন পাৰফৰ্মিং আৰ্টছ একাডেমীত যোগদান কৰিছিল।
কেৰিয়াৰ
প্ৰদৰ্শন কলাৰ এখন একাডেমীত পঢ়ি থকা সময়তে এগৰাকী শিক্ষকে তেওঁক জনাইছিল যে কাষ্টিং পৰিচালক বাৰ্বাৰা এল. ক্লেমেনে এখন নতুন হলিউড ছবিৰ বাবে কিছুমান চহৰীয়া চৰিত্ৰৰ শিশু বিচাৰি আছে। মাঞ্জ আগতীয়া জাননী নিদিয়াকৈয়ে ক্লেমেনৰ কাৰ্যালয়ত উপস্থিত হৈছিল। ক্লেমেনৰ মতে, "তেওঁ ধূম্ৰপান কৰি আছিল আৰু দেখাত ১০বছৰীয়া যেন লাগিছিল যদিও তেওঁৰ মাজত আমি বিচৰা সেই বিশেষ গুণটো আছিল।" ৩৫ এই পৰিচয়েই শেষত ১৯৭৬ চনত ১৫ বছৰ বয়সত মাঞ্জক টেৰেন্স মালিকে তেওঁৰ দ্বিতীয়খন ছবি ডেজ অৱ হেভেনৰ বাবে নিৰ্বাচিত কৰাত সহায় কৰে। ইয়াত তেওঁ এগৰাকী চতুৰ অনাথ কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে ১৯১৬ চনত নিজৰ ককায়েক আৰু ককায়েকৰ প্ৰেমিকাৰ সৈতে চিকাগোৰপৰা পলাই গৈ টেক্সাছৰ এজন ধনী কৃষকৰ ওচৰত আশ্ৰয় লৈছিল। মালিকৰ দীঘলীয়া সম্পাদনাৰ বাবে ছবিখন ১৯৭৮ চনলৈকে মুক্তি পোৱা নাছিল।২
প্ৰথম অৱস্থাত মাঞ্জৰ চৰিত্ৰটো সৰু আছিল, কিন্তু মালিকে তেওঁৰ অভিনয়ত ইমান মুগ্ধ হৈছিল যে তেওঁক ছবিখনৰ বাবে এক অলিখিত আৰু তাৎক্ষণিক বৰ্ণনা দিবলৈ ক’লে।৬ বছৰৰ পাছত মাঞ্জই এক সাক্ষাৎকাৰত জনাইছিল যে তেওঁ কেৱল চিনেমাখন চাই নিজৰ মতে কথা কৈ গৈছিল আৰু নিৰ্মাতাসকলে যিবোৰ কথা ভাল পাইছিল সেইবোৰেই ৰাখিছিল। তেওঁৰ এই কামে ব্যাপক প্ৰশংসা লাভ কৰিছিল; সমালোচক ৰজাৰ ইবাৰ্টে কৈছিল, "তেওঁৰ কণ্ঠস্বৰ সম্পূৰ্ণ বাস্তৱিক যেন লাগে; ই অভিনয়ৰো ঊৰ্ধত।" ৭
মাঞ্জক ১৯৭৯ চনৰ কিশোৰ গেং ড্ৰামা দা ৱাণ্ডাৰাৰ্ছত কেন ৱাহল আৰু কাৰেন এলেনৰ সৈতে দেখা গৈছিল।৮ ইয়াৰ পিছত তেওঁ চুটি ছিৰিজ ডৰথিত অভিনয় কৰে। ১৯৭৯ চনৰ টেলিভিছন ছবি অৰফেন ট্ৰেইনতো তেওঁ ছাৰাহ নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল।৯
১৯৮০ চনত ডেনিছ হপাৰৰ কাল্ট ছবি আউট অৱ দা ব্লুৰ জৰিয়তে তেওঁ বিশেষ চৰ্চালৈ আহে।২৬</ref> ইয়াত তেওঁ 'চিবি' নামৰ এগৰাকী সমস্যাগ্ৰস্ত কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে এলভিছ প্ৰেছলীৰ প্ৰতি আসক্ত আছিল। তেওঁৰ সংলাপবোৰ ইমানেই জনপ্ৰিয় হৈছিল যে ২০০০ চনত 'প্ৰাইমেল স্ক্ৰীম' নামৰ বেণ্ডটোৱে তেওঁলোকৰ "কিল অল হিপ্পিছ" গীতটোত মাঞ্জৰ কণ্ঠ ব্যৱহাৰ কৰিছিল।১০
১৯৮১ চনত তেওঁ টিভি চিনেমা লংশ্বটত অভিনয় কৰে। ১৯৮৫ চনত তেওঁ ফেয়াৰী টেল থিয়েটাৰৰ এটা খণ্ডত এজন ডকাইতৰ সৰু চৰিত্ৰত অভিনয় কৰে।১১
আশীৰ দশকৰ মাজভাগত তেওঁ অভিনয় জগতৰপৰা সম্পূৰ্ণৰূপে আঁতৰি পৰে। ১৯৯৭ চনত তেওঁক পুনৰ পৰিচালক হাৰ্মনী ক'ৰিনে বিচাৰি উলিয়ায় আৰু তেওঁ গাম্মো (১৯৯৭) ছবিত এগৰাকী মাতৃৰ চৰিত্ৰত অভিনয় কৰে।২৯</ref> ইয়াৰ পিছত তেওঁ ডেভিদ ফিনচাৰৰ থ্ৰিলাৰ ছবি দা গেমত (১৯৯৭) এটা সৰু চৰিত্ৰত অভিনয় কৰে। এয়াই আছিল পৰ্দাত তেওঁৰ অন্তিম অভিনয়।১২
ব্যক্তিগত জীৱন
১৯৮৫ চনত মাঞ্জ চলচ্চিত্ৰ জগতৰ কেমেৰা অপাৰেটৰ ববী এল. গুথ্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬ তেওঁলোকৰ তিনিজন সন্তান আছিল: মাইকেল, ক্ৰিষ্টোফাৰ আৰু উইলিয়াম।২ পৰৱৰ্তী সময়ত তেওঁ কেলিফৰ্ণিয়াৰ এণ্টিলোপ ভেলীত বসবাস কৰিছিল।৬ ২০১৮ চনত তেওঁৰ পুত্ৰ ক্ৰিষ্টোফাৰৰ মৃত্যু হৈছিল।
মৃত্যু
২০২০ চনৰ ১৪ আগষ্টত কেলিফৰ্ণিয়াৰ পামডেলত ৫৮ বছৰ বয়সত নিউমোনিয়া আৰু হাওঁফাওঁৰ কেন্সাৰজনিত জটিলতাত ভুগি মাঞ্জৰ মৃত্যু হয়।৩১৩
উত্তৰাধিকাৰ
২০২০ চনত তেওঁৰ মৃত্যুৰ পাছত, মাঞ্জৰ কাম—বিশেষকৈ আউট অৱ দা ব্লুত তেওঁৰ মুখ্য অভিনয়ে পুনৰুদ্ধাৰ আৰু পূৰ্ববৰ্তী চৰ্চাৰ জৰিয়তে নতুনকৈ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁক আমেৰিকান স্বতন্ত্ৰ চলচ্চিত্ৰৰ এগৰাকী 'কাল্ট ফিগাৰ' হিচাপে অভিহিত কৰা হৈছে।৩১৩১৪
তথ্যসূত্ৰ
- ↑ Gifford, Storm. (August 15, 2020). 'Days of Heaven,' 'Out of the Blue' actress Linda Manz dead at 58. New York Daily News
- ↑ Gates, Anita. (August 28, 2020). Linda Manz, Young Star of 'Days of Heaven,' Dies at 58. The New York Times
- ↑ O'Hagan, Sean. (August 17, 2020). 'I'm a tough little rebel': Linda Manz, Hollywood's anti-star remembered. The Guardian
- ↑ Hoffman, Jordan. (August 15, 2020). Linda Manz, Star of Days of Heaven and Out of the Blue, Dies at Age 58. Vanity Fair
- ↑ Moreau, First. (January 25, 2019). Casting Director Barbara Claman Dies at 89. Variety
- ↑ Pinkerton, Nick. (June 1, 2011). Calling Linda Manz. Village Voice
- ↑ Ebert, Roger. (December 7, 1997). The Great Movies: Days of Heaven. Chicago Sun-Times
- ↑ Hoover, Eleanor. (August 13, 1979). The Brutal Years Over, Linda Manz Fonzes Her Way from N.Y. to L.A.—and Her Own First Days of Heaven. People
- ↑ Linda Manz: Complete Filmography. Turner Classic Movies
- ↑ Lavin, Will. (August 15, 2020). 'Days Of Heaven' and 'Out Of The Blue' actor Linda Manz has died. NME
- ↑ Marill, Alvin H. (2008). More Theatre III: Stage to Screen to Television, Since 2001. Scarecrow Press. পৃ. 462. ISBN 978-0-810-86003-2
- ↑ Beresford, Trilby; Rooney, David. (August 25, 2020). Linda Manz, Actress in 'Days of Heaven,' and 'Out of the Blue,' Dies at 58. The Hollywood Reporter
- ↑ Moreau, Jordan. (August 15, 2020). Linda Manz, 'Days of Heaven and 'Out of the Blue' Actor, Dies at 58. Variety
- ↑ Sherman, Betsy. (May 12, 2022). Film Review: Dennis Hopper’s "Out of the Blue" — Still a Stunner. The Arts Fuse
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিণ্ডা মাঞ্জ” প্ৰবন্ধৰ সংশোধন ৬৩২২১৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।