অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিছা ৰেণ্ডল

লিছা ৰেণ্ডল (জন্ম জুন ১৮, ১৯৬২) এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানীআৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰত প্ৰকৃতিৰ মৌলিক বলসমূহ আৰু মহাকাশৰ মাত্ৰা সম্পৰ্কীয় বিষয়সমূহ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩৮৪ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

লিছা ৰেণ্ডল (জন্ম জুন ১৮, ১৯৬২) এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানীআৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক।১ তেওঁৰ গৱেষণাৰ ক্ষেত্ৰত প্ৰকৃতিৰ মৌলিক বলসমূহ আৰু মহাকাশৰ মাত্ৰা সম্পৰ্কীয় বিষয়সমূহ অন্তৰ্ভুক্ত। তেওঁ ষ্টেণ্ডাৰ্ড মডেল, চুপাৰ চিমেট্ৰী, মাধ্যাকৰ্ষণৰ তুলনামূলক দুৰ্বলতা সম্পৰ্কীয় পদানুক্ৰম সমস্যাৰসম্ভাৱ্য সমাধান, মহাকাশৰ মহাজাগতিক বিজ্ঞান, বেৰিঅ'জেনেছিছ, মহাজাগতিক স্ফীতি আৰু অন্ধকাৰ বস্তু সম্পৰ্কে অধ্যয়ন কৰে।২ তেওঁ ৰেণ্ডল–সুন্দৰম মডেলৰ বিকাশত অৱদান আগবঢ়াইছিল যিটো মডেল প্ৰথমবাৰৰ বাবে ১৯৯৯ চনত ৰমন সুন্দৰমৰ সৈতে প্ৰকাশ কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ৰেণ্ডলৰ জন্ম হৈছিল নিউ ইয়ৰ্ক চিটিৰ কুইন্সত।৪ তেওঁ ১৯৮০ চনত ষ্টাইভেছাণ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্নাতক হৈছিল।৫ ১৮ বছৰ বয়সত ১৯৮০ চনৰ ৱেষ্টিংহাউছ বিজ্ঞান প্ৰতিভা অনুসন্ধানত প্ৰথম স্থান অধিকাৰ কৰিছিল আৰু ৰাষ্ট্ৰীয় মেৰিট স্কলাৰৰ সন্মানো লাভ কৰিছিল। ৰেণ্ডলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ১৯৮৩ চনত পদাৰ্থবিজ্ঞানত বি.এ. আৰু ১৯৮৭ চনত হাওৰ্ড জৰ্জিৰ অধীনত তাত্ত্বিক কণিকা পদাৰ্থবিজ্ঞানত পিএচডি লাভ কৰে।৬১

শিক্ষাগত জীৱন

ৰেণ্ডলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত কণিকা পদাৰ্থবিজ্ঞান আৰু মহাজাগতিক বিজ্ঞানৰ গৱেষণা কৰে, য'ত তেওঁ তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ অধ্যাপক। তেওঁৰ গৱেষণা মৌলিক কণিকা আৰু মৌলিক বলৰ ক্ষেত্ৰত কেন্দ্ৰীভূত। তেওঁ বিভিন্ন মডেলৰ অধ্যয়ন অন্তৰ্ভুক্ত কৰে, যাৰ ভিতৰত বৰ্তমান পৰ্যায়ত পৰিমিতি সম্পৰ্কীয় গৱেষণা প্ৰধান। তেওঁ সুপ্ৰাৰ সিমেট্ৰী, ষ্টেণ্ডাৰ্ড মডেলৰ পৰ্যবেক্ষণসমূহ, মহাজাগতিক স্ফীতি, বেৰিঅ’জেনেছিছ, গ্ৰেণ্ড ইউনিফাইড থিয়'ৰী আৰু সাধাৰণ আপেক্ষিকতা সম্পৰ্কেও কাম কৰিছে।

হাৰ্ভাৰ্ডত স্নাতক সম্পন্ন কৰাৰ পিছত, ৰেণ্ডলে এমআইটি আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল আৰু ২০০১ চনত হাৰ্ভাৰ্ডলৈ ঘূৰি আহিছিল।৭ তেওঁ প্ৰিন্সটন পদাৰ্থবিজ্ঞান বিভাগৰ প্ৰথম স্থায়ী মহিলা অধ্যাপক আৰু হাৰ্ভাৰ্ডত প্ৰথম স্থায়ী মহিলা তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল। (মেলিছা ফ্ৰেংকলিন আছিল হাৰ্ভাৰ্ড পদাৰ্থবিজ্ঞান বিভাগৰ প্ৰথম স্থায়ী মহিলা অধ্যাপক। )৮৯

লেখা প্ৰকাশ

ৰেণ্ডলৰ গ্ৰন্থসমূহ ৱাৰ্পড পেছেজেছ: আনৰেভেলিং দি মিষ্টেৰিজ অব দি ইউনিভাৰ্চেজ হিডেন ডাইমেনছনছ(Warped Passages: Unraveling the Mysteries of the Universe's Hidden Dimensions) আৰু নকিং অন হেভেনছ দ'ল: হাউচ ফিজিক্স এণ্ড চাইণ্টিফিক থিংকিং ইল্লুমিনেট দি ইউনিভাৰ্চ এণ্ড দি মদাৰ্ন ৱৰ্ল্ড(Knocking on Heaven’s Door: How Physics and Scientific Thinking Illuminate the Universe and the Modern World) দুয়োখনেই নিউয়ৰ্ক টাইমছৰ ১০০খন জনপ্ৰিয় গ্ৰন্থৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।১

নকিং অন হেভেনছ দ'ৰ (Knocking on Heaven's Door) গ্ৰন্থৰ পকাবন্ধা আৰু পেপাৰ বেক সংস্কৰণৰ মাজৰ সময়চোৱাত হিগ্স ব'জনৰ অনুসন্ধান সম্পন্ন হৈছিল। কিতাপখনত এই বিষয়ে আলোচনা কৰা হৈছিল। লাৰ্জ হেড্ৰন কলাইডাৰত বিজ্ঞানীসকলে হিগ্স ব'জন বুলি চিনাক্ত কৰা এবিধ কণিকাৰ সন্ধান পাইছিল।১০১১ এই আবিষ্কাৰ সম্পৰ্কে তেওঁ কয় যে যদিও মানুহে ইয়াৰ সকলো কথা বিশদৰূপে বুজি পোৱা নাই, "এইটো এক চাঞ্চল্যকৰ ঘটনা যে মানুহে নতুন মৌলিক কিবা এক আবিষ্কাৰৰ বাবে ৰোমাঞ্চিত হৈছে।" ১২

ৰেণ্ডলৰ হিগছ ডিস্কভাৰি: দি পাৱাৰ অব এম্পটি ‌( Higgs Discovery: The Power of Empty Space) নামৰ এখন ই-বুক আছে। লাৰ্জ হেড্ৰন কলাইডাৰ সক্ৰিয় হোৱাৰ আগতে তেওঁ সম্ভাৱ্য আবিষ্কাৰসমূহৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিল।১৩ তেওঁক সাধাৰণতে এই ভুল ধাৰণাৰ বিষয়ে সোধা হৈছিল যে এলএইচচিয়ে ব্লেক হ'ল সৃষ্টি কৰি পৃথিৱী ধ্বংস কৰিব পাৰে নেকি।১৪ তেওঁ ইয়াৰ উত্তৰত কয় যে "এইটো কল্পনাৰো অতীত, যদিহে স্থান আৰু মাধ্যাকৰ্ষণ আমাৰ ধাৰণাৰ পৰা সম্পূৰ্ণ ভিন্ন নহয়।" ১৩

ৰেণ্ডলে হাইপাৰমিউজিক প্ৰ'ল'গ: এ প্ৰজেক্টিভ অপেৰা আন চেভেন প্লেনচ (Hypermusic Prologue: A Projective Opera in Seven Planes) নামৰ অপেৰাটোৰ লিব্ৰেট্টো লিখিছিল। এই অপেৰাৰ সংগীত পৰিচালক হেক্টৰ পাৰ্ৰাই ৰেণ্ডলৰ গ্ৰন্থ ৱাৰ্পড পেছেজেছ(Warped Passages)ৰ পৰা অনুপ্ৰাণিত হৈ তেওঁক আমন্ত্ৰণ জনাইছিল।১৫

সন্মান আৰু পুৰস্কাৰ

  • American Academy of Arts and Sciences-ৰ সদস্য
  • American Physical Society-ৰ ফেল
  • Alfred P. Sloan Foundation Research Fellowship বিজয়ী
  • National Science Foundation Young Investigator Award বিজয়ী
  • DOE Outstanding Junior Investigator Award বিজয়ী
  • Westinghouse (now Intel) Science Talent Search বিজয়ী
  • Premio Caterina Tomassoni e Felice Pietro Chisesi Award বিজয়ী (২০০৩)
  • Klopsted Award from the American Society of Physics Teachers (AAPT) বিজয়ী (২০০৬)
  • Newsweek-ৰ Who’s Next in 2006-ৰ এজন
  • Seed Magazine-ৰ Year in Science Icons-ৰ এজন

তথ্যসূত্ৰ

  1. ↑ Faculty: Lisa Randall. Harvard University Department of Physics
  2. ↑ Lisa Randall. NAS
  3. ↑ Randall, Lisa; Sundrum, Raman. (1999). Large Mass Hierarchy from a Small Extra Dimension. ফিজিকেল ৰিভিউ লেটাৰছ. পৃ. 3370–3373
  4. ↑ Crace, John. (June 21, 2005). Lisa Randall: Warped view of the universe. The Guardian
  5. ↑ Lisa Randall. Edge Foundation
  6. ↑ Robinson, Evan T.R. (June 2, 2009). Class of 1984: Lisa Randall. The Harvard Crimson
  7. ↑ Curriculum Vitae of Lisa Randall. Harvard University — Department of Physics
  8. ↑ Professor Franklin. Harvard University
  9. ↑ Notable Female Physicists. weebly.com
  10. ↑ CERN. The Higgs Boson
  11. ↑ Greene, Brian. How the Higgs Boson was Found. Smithsonian Magazine
  12. ↑ (2012-10-08). Point of Inquiry podcast. Point of Inquiry 8 Oct 2012. Center for Inquiry
  13. ↑ Randall, Lisa. A Tumultuous Year at the LHC. Discover magazine, 12 Nov 2009
  14. ↑ Pappas, Stephanie. (2012-10-21). Large Hadron Collider Won't Destroy Earth With Planet-Eating Black Hole, Court Says. Huffington Post, 19 Oct 2012
  15. ↑ Opera in the Fifth Dimension. Seed Magazine

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিছা ৰেণ্ডল” প্ৰবন্ধৰ সংশোধন ৬৩৭৭১৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।