অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিছা গ্ৰাউমলিচ

লিছা জে. গ্ৰাউমলিচ (Lisa J. Graumlich; জন্ম: ১৯৫২) এগৰাকী আমেৰিকান পেলিঅ’ক্লাইমেট’লজিষ্ট (পুৰাকলীয় জলবায়ু বিজ্ঞানী), যিয়ে জলবায়ু, পৰিৱেশ তন্ত্ৰ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰে। তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ কলেজ অৱ দ্য এনভাইৰনমেণ্টৰ প্ৰথমগৰাকী ডিন।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

লিছা জে. গ্ৰাউমলিচ (Lisa J. Graumlich; জন্ম: ১৯৫২) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন পেলিঅ’ক্লাইমেট’লজিষ্ট (পুৰাকলীয় জলবায়ু বিজ্ঞানী), যিয়ে জলবায়ু, পৰিস্থিতিতন্ত্ৰ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰে। তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ কলেজ অৱ দ্য এনভাইৰনমেণ্টৰ প্ৰথমগৰাকী ডিন। গ্ৰাউমলিচ আমেৰিকান এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্স আৰু ইক’লজিকেল চচাইটি অৱ আমেৰিকাৰ এগৰাকী ফেল’ আৰু তেওঁ আমেৰিকান জিঅ’ফিজিকেল ইউনিয়নৰ প্ৰাক্তন সভাপতি আছিল।

শিক্ষা আৰু প্ৰাৰম্ভিক কেৰিয়াৰ

গ্ৰাউমলিচ ওহাইঅ’ৰ টলেডোৰ বাসিন্দা।১ তেওঁ উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ত উদ্ভিদ বিজ্ঞান অধ্যয়ন কৰিছিল আৰু ১৯৭৫ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১২ ১৯৮৫ চনত তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ফৰেষ্ট ৰিচ’ৰ্চেচৰ পৰা পিএইচডি লাভ কৰে।১ গ্ৰাউমলিচে ১৯৮৬ চনত মিনোচোটা বিশ্ববিদ্যালয়ত মাৰ্গাৰেট ডেভিছৰ সৈতে পষ্টডক্টৰেল ফেল’ হিচাপে কাম কৰিছিল। তেওঁ ১৯৯২ চনত আমেৰিকান জিঅ’ফিজিকেল ইউনিয়নত যোগদান কৰে।

গৱেষণা

গ্ৰাউমলিচে পৰ্বতৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বুজিবলৈ ‘ডেনড্ৰ’ক্ৰন’লজী’ (বৃক্ষৰ বলয়ৰ সহায়ত কালনিৰ্ণয় কৰা বিজ্ঞান) ব্যৱহাৰৰ পথ প্ৰদৰ্শক আছিল। তেওঁৰ শৈক্ষিক কেৰিয়াৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, লছ এঞ্জেলছৰ (UCLA) ভূগোল বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে আৰম্ভ হৈছিল।১ ইউচিএলএত থকাৰ সময়তে তেওঁ ছিয়েৰা নেভাদাত ‘ফক্সটেইল পাইন’ গছৰ ওপৰত এলানি অধ্যয়ন আৰম্ভ কৰিছিল, যিটো তেওঁ পিছলৈ এৰিজোনা বিশ্ববিদ্যালয়ৰ ‘লেবৰেটৰী অৱ ট্ৰী-ৰিং ৰিচাৰ্চ’ত যোগদান কৰাৰ পিছতো অব্যাহত ৰাখিছিল।৩

গ্ৰাউমলিচৰ কামে ছাব-আলপাইন গছৰ বৃদ্ধিতে কাৰ্বন ডাই অক্সাইডৰ প্ৰভাৱৰ পৰীক্ষাৰ৪ পৰা আৰম্ভ কৰি ছিয়েৰা নেভাদাৰ ১,০০০ বছৰীয়া তাপমাত্ৰা আৰু বৰষুণৰ পুনৰ্গঠনলৈকে সামৰি লৈছে।৫ গ্ৰাউমলিচে আৱিষ্কাৰ কৰিছিল যে খ্ৰীষ্টাব্দ ১০০০ আৰু ১৩৭৫ ৰ ভিতৰত ধাৰাবাহিকভাৱে উচ্চ তাপমাত্ৰা আছিল, যিটো কেলিফৰ্ণিয়াত তথাকথিত ‘মধ্যযুগীয় জলবায়ু বিসংগতি’ৰ (Medieval Climate Anomaly) অন্যতম গুৰুত্বপূৰ্ণ প্ৰকাশ আছিল।৬ মিডলবেৰী কলেজৰ অধ্যাপক আন্দ্ৰেয়া লয়ডৰ সৈতে সহযোগিতা কৰি গ্ৰাউমলিচে ছিয়েৰা নেভাদাৰ ‘ট্ৰীলাইন’ৰ (গছ গজাৰ সীমা) ১০০০ বছৰীয়া পৰিৱৰ্তনসমূহ নথিভুক্ত কৰিছিল। তাত উল্লেখ কৰা হৈছিল যে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি উচ্চ উচ্চতাৰ ট্ৰীলাইনৰ সঁহাৰি জল যোগানৰ ওপৰত নিৰ্ভৰ কৰিব।৭ ৱেষ্টাৰ্ণ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ অধ্যাপক এণ্ডি বানৰ সৈতে তেওঁ উচ্চ উচ্চতাৰ অৰণ্যত তাপমাত্ৰা আৰু বৃদ্ধিৰ সম্পৰ্ক মধ্যস্থতা কৰাত ভূ-প্ৰকৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকাক সংশোধন কৰিবলৈ সক্ষম হৈছিল।৮ এই পুৰাকলীয় জলবায়ুৰ ৰেকৰ্ডে বিংশ শতিকাটোক এক প্ৰসংগ প্ৰদান কৰে। উদাহৰণস্বৰূপে, তেওঁ বিচাৰি পাইছিল যে ১৯৩৭ আৰু ১৯৮৬ চনৰ ভিতৰত পশ্চিম আমেৰিকাত লক্ষণীয়ভাৱে সেমেকা বতৰ আছিল।৯ এই সময়ছোৱা ‘সোণালী’ ৰাজ্যসমূহলৈ হোৱা সৰ্ববৃহৎ প্ৰব্ৰজনৰ বছৰবোৰৰ সৈতে মিলি যায়।৯

গ্ৰাউমলিচ আৰু এৰিজোনা বিশ্ববিদ্যালয়ৰ অধ্যাপক পাল শ্বেপাৰ্ড আছিল পশ্চিম চীনৰ জলবায়ু পৰিৱৰ্তনশীলতাৰ দীৰ্ঘম্যাদী ৰেকৰ্ড স্থাপন কৰিবলৈ চীনৰ ট্ৰী-ৰিং বিজ্ঞানীসকলৰ সৈতে সহযোগিতা কৰা প্ৰথম উত্তৰ আমেৰিকাৰ বিজ্ঞানী।১০১১ প্ৰাচীন জুনিপাৰ গছৰ কেন্দ্ৰীয় অংশ আৰু পুৰাতাত্ত্বিক কাঠৰ বিশ্লেষণৰ পৰা খ্ৰীষ্টপূৰ্ব ৭৪–২৫, খ্ৰীষ্টাব্দ ৫১–৩৭৫, ৪২৬–৫০০, ৫২৬–৫৭৫, ৬২৬–৭০০, ১১০০–১২২৫, ১২৫১–১৩২৫, ১৪৫১–১৫২৫, ১৬৫১–১৭৫০ আৰু ১৮০১–১৮২৫ চনত আপেক্ষিকভাৱে খৰাং বছৰৰ তথ্য পোৱা গৈছে। আনহাতে খ্ৰীষ্টাব্দ ৩৭৬–৪২৫, ৫৭৬–৬২৫, ৯৫১–১০৫০, ১৩৫১–১৩৭৫, ১৫৫১–১৬০০ আৰু বৰ্তমানৰ সময়ছোৱাত আপেক্ষিকভাৱে সেমেকা জলবায়ু বিৰাজ কৰিছিল। বৰষুণৰ ৰেকৰ্ডৰ এক মূল বৈশিষ্ট্য হ’ল বৰষুণৰ বছৰি পৰিৱৰ্তনশীলতাৰ সৈতে তাপমাত্ৰাৰ পোনপটীয়া সম্পৰ্ক, যাৰ ফলত ভৱিষ্যতে বৰ্ধিত উষ্ণতাৰ বাবে বানপানী আৰু খৰাং বৃদ্ধি পাব পাৰে।

আন্তঃশাখা গৱেষণা আৰু শিক্ষণৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাউমলিচক এৰিজোনা বিশ্ববিদ্যালয়ৰ ‘ইনষ্টিটিউট ফৰ দ্য স্টাডী অৱ প্লেনেট আৰ্থ’ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।১ গ্ৰাউমলিচ ১৯৯৮ চনত মন্টানা ষ্টেট বিশ্ববিদ্যালয়লৈ (MSU) স্থানান্তৰিত হয়, য’ত তেওঁ ‘মাউণ্টেন ৰিচাৰ্চ চেণ্টাৰ’ৰ সঞ্চালক আৰু ‘বিগ স্কাই ইনষ্টিটিউট’ৰ কাৰ্যবাহী সঞ্চালক হিচাপে কাম কৰে।১২১২১৩ এমএচইউত থকা সময়ছোৱাত তেওঁ ট্ৰী-ৰিং গৱেষণা অব্যাহত ৰখাৰ লগতে মানুহৰ পাৰস্পৰিক ক্ৰিয়া-কলাপকো গৱেষণাত অধিক স্পষ্টভাৱে অন্তৰ্ভুক্ত কৰিছিল।১৪ ২০০৬ চনত তেওঁ এমআইটি প্ৰেছৰ পৰা Sustainability or Collapse? An Integrated History and Future of People on Earth নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে।১৫ কিতাপখনত মায়া সভ্যতা, ৰোমান সাম্ৰাজ্য আৰু এল নিনোৰ বিষয়ে আলোচনা কৰা হৈছিল।১৫

২০০৭ চনত গ্ৰাউমলিচে এৰিজোনা বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ নেচাৰেল ৰিচ’ৰ্চেচ এণ্ড দ্য এনভাইৰনমেণ্ট’ৰ নেতৃত্ব দিবলৈ উভতি আহে।১ তেওঁৰ গৱেষণা জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা, বিশেষকৈ তীব্ৰ আৰু স্থায়ী খৰাঙৰ ওপৰত কেন্দ্ৰীভূত আছিল।৩১৬ তেওঁ পশ্চিম আমেৰিকাত তীব্ৰ আৰু স্থায়ী খৰাঙৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব দি গৈছিল, যাৰ ভিতৰত বৃহৎ পৰিসৰত গছৰ মৃত্যুৰ অধ্যয়নো অন্তৰ্ভুক্ত আছিল।

বঁটা আৰু সন্মান

  • ২০০৪: আমেৰিকান এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ ফেল’১৭
  • ২০১৩: ইক’লজিকেল চচাইটি অৱ আমেৰিকাৰ ফেল’১৮

ব্যক্তিগত জীৱন

গ্ৰাউমলিচ তেওঁৰ পত্নী আৰু দুই কন্যাৰ সৈতে চিটলত বাস কৰে। তেওঁৰ পত্নী এগৰাকী গণিতজ্ঞ।১৯ চিটলত তেওঁ উডলেণ্ড পাৰ্ক জু আৰু চিটল একুৱাৰিয়ামৰ সঞ্চালক মণ্ডলীত সেৱা আগবঢ়াইছে।২০২১

তথ্যসূত্ৰ

  1. ↑ Lisa J. Graumlich · The William D. Ruckelshaus Center · Washington State University. The William D. Ruckelshaus Center
  2. ↑ (2016-07-06). Lisa J. Graumlich. The Ecological Society of America's History and Records
  3. ↑ - THE FOUNDATION OF CLIMATE SCIENCE. www.govinfo.gov
  4. ↑ Graumlich, Lisa J. (1991). Subalpine Tree Growth, Climate, and Increasing CO_2: An Assessment of Recent Growth Trends. Ecology. পৃ. 1–11
  5. ↑ Graumlich, Lisa J. (1993-03-01). A 1000-Year Record of Temperature and Precipitation in the Sierra Nevada. Quaternary Research. পৃ. 249–255
  6. ↑ Grayson, Donald. (2011-04-18). The Great Basin: A Natural Prehistory. University of California Press. পৃ. 263. ISBN 9780520948716
  7. ↑ Lloyd, Andrea H.; Graumlich, Lisa J. (1997). Holocene Dynamics of Treeline Forests in the Sierra Nevada. Ecology. পৃ. 1199–1210
  8. ↑ Bunn, Andrew G.; Waggoner, Lindsey A.; Graumlich, Lisa J. (2005). Topographic mediation of growth in high elevation foxtail pine (Pinus balfouriana Grev. et Balf.) forests in the Sierra Nevada, USA. Global Ecology and Biogeography. পৃ. 103–114
  9. ↑ Angier, Natalie. (1992-12-01). In Unexpected Places, Clues to Ancient and Future Climate; Warming? Tree Rings Say Not Yet. The New York Times
  10. ↑ Sheppard, P. R.; Tarasov, P. E.; Graumlich, L. J. (2004-11-04). Annual precipitation since 515 BC reconstructed from living and fossil juniper growth of northeastern Qinghai Province, China. Climate Dynamics. পৃ. 869–881
  11. ↑ Jiang, Zimei. (February 1997). Quasi-critical ring of a primitive ring with nonzero socle. Chinese Science Bulletin. পৃ. 189–192
  12. ↑ Mountain Research Initiative (MRI). www.ihdp.unu.edu
  13. ↑ Nijhuis, Michelle. (January 24, 2005). So, you want to be a dendrochronologist?. High Country News
  14. ↑ Liz Smith. (3 June 2007). Tree Rings: Counting the Years of Global Warming
  15. ↑ Lisa J. Graumlich. The MIT Press
  16. ↑ Breshears, David D.; López-Hoffman, Laura; Graumlich, Lisa J. (May 2011). When Ecosystem Services Crash: Preparing for Big, Fast, Patchy Climate Change. Amio. পৃ. 256–263
  17. ↑ Anonymous. (2004). Geophysicists. Eos, Transactions American Geophysical Union. পৃ. 107
  18. ↑ (November 18, 2020). Lisa Graumlich, dean of UW College of the Environment, named president-elect of AGU. University of Washington
  19. ↑ [https://500queerscientists.com/lisa-graumlich/?ids=[721] Lisa Graumlich]. 500 Queer Scientists
  20. ↑ zoo.org
  21. ↑ Leadership, Board & Financials · Seattle Aquarium. www.seattleaquarium.org

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিলেচবিয়ান বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিছা গ্ৰাউমলিচ” প্ৰবন্ধৰ সংশোধন ৬২৪৫৮৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।