অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিন ই-নিং

লিন ই-নিং (ইংৰাজী: Lin Yining; চীনা: 林以寧; ১৬৫৫ – প্ৰায় ১৭৩০), যাৰ শৈলীগত নাম আছিল য়াকিং (Yaqing; 亞清), চিং ৰাজবংশৰ এগৰাকী প্ৰখ্যাত চীনা কবি আছিল। তেওঁ বিখ্যাত 'বানানা গাৰ্ডেন পয়েট্ৰি ক্লাব'ৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে এগৰাকী নিপুণ চিত্ৰশিল্পী আৰু সুৰকাৰো আছিল।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

লিন ই-নিং (ইংৰাজী ভাষা: Lin Yining; চীনা: 林以寧; ১৬৫৫ – প্ৰায় ১৭৩০), যাৰ শৈলীগত নাম আছিল য়াকিং (Yaqing; 亞清),১ চিং ৰাজবংশৰ এগৰাকী প্ৰখ্যাত চীনা কবি আছিল। তেওঁ বিখ্যাত 'বানানা গাৰ্ডেন পয়েট্ৰি ক্লাব'ৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে এগৰাকী নিপুণ চিত্ৰশিল্পী আৰু সুৰকাৰো আছিল।

জীৱন আৰু কেৰিয়াৰ

লিন ই-নিঙৰ জন্ম ১৬৫৫ চনত ঝেজিয়াং প্ৰদেশৰ ঝে নদীৰ কাষৰীয়া অঞ্চলত হৈছিল।২ তেওঁৰ পিতৃ লিন লুন এজন 'জিনশ্বি' (ৰাজকীয় পৰীক্ষাত উত্তীৰ্ণ উচ্চপদস্থ বিষয়া) আছিল।৩ তেওঁৰ মাতৃয়ে তেওঁক পোনপ্ৰথমে ধ্ৰুপদী চীনা সাহিত্যৰ সৈতে চিনাকি কৰাই দিছিল।৪ লিন শৈশৱৰেপৰাই অত্যন্ত প্ৰতিভাশালী আছিল আৰু তেওঁ কবিতা তথা গদ্য দুয়োটাতে নিপুণ আছিল। ইয়াৰ উপৰি তেওঁ কেলিগ্ৰাফী (লিপিবিদ্যা) চৰ্চা কৰিছিল আৰু বিশেষকৈ চীনা 'ইঙ্ক এণ্ড ৱাছ' (ink and wash) পদ্ধতিৰে বাঁহ গছৰ ছবি অঁকাত সিদ্ধহস্ত আছিল।৫

তেওঁ চিয়ান ঝাওক্সিউৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।৬ চিয়ান এজন চৰকাৰী বিষয়া হোৱাৰ লগতে পৰম্পৰাগত চীনা অপেৰাৰ সৈতেও পৰিচিত আছিল। যেতিয়া তেওঁলোক লুঅ'য়াঙত বাস কৰিছিল, তেতিয়া তেওঁলোকে এজনে আনজনলৈ প্ৰেমৰ কবিতা লিখিছিল। এই কবিতাসমূহ পিছলৈ 'কালেক্টেড ৱৰ্কছ অৱ ফেংক্সিয়াও টাৱাৰ' নামৰ এটা সংকলনত অন্তৰ্ভুক্ত কৰা হয়।৭ চিয়ানৰ মাতৃ গু ঝিকিয়ঙে প্ৰতিভাশালী মহিলা কবিসকলক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁৰ উদ্যোগতে লিন ই-নিং, ঝু ৰৌজী, চাই জিংয়ী, চিয়ান ইউনয়ী আৰু ঝু কানক লৈ "বানানা গাৰ্ডেনৰ পাঁচগৰাকী কবি" (Banana Garden Five) নামৰ গোটটো গঠিত হৈছিল।৮ পিছলৈ এই গোটটোৰ সদস্য সংখ্যা সাতগৰাকীলৈ বৃদ্ধি হয় আৰু ই "বানানা গাৰ্ডেন চেভেন" নামেৰে পৰিচিত হয়। লিনে হাংঝৌৰ কবি লিয়াং ইঙৰ কাব্য সংকলনৰ পাতনিও লিখিছিল। কোৱা হয় যে 'ৱিষ্টাৰিয়া পাছ' (Wisteria Pass) নামৰ এখন হেৰাই যোৱা নাটকৰ ৰচয়িতাও লিন আছিল।৯

লিন আৰু চিয়ানৰ দুটা সন্তান আছিল— এজন পুত্ৰ (চিং) আৰু এগৰাকী কন্যা (টাও)। লিন ই-নিঙৰ কেতিয়া মৃত্যু হৈছিল সেই বিষয়ে সঠিককৈ জনা নাযায়, যদিও 'বায়’গ্ৰাফিকেল ডিকচনেৰী অৱ চাইনীজ উইমেন'ৰ মতে তেওঁৰ মৃত্যু প্ৰায় ১৭৩০ চনত হৈছিল।১০ লিনৰ কবিতা ইয়াৰ পোনপটীয়া আৰু সাৱলীল শব্দৰ ব্যৱহাৰ তথা জীৱন্ত দৃশ্যকল্পৰ বাবে পৃথক। তেওঁৰ কবিতাত তেওঁৰ ব্যক্তিগত আগ্ৰহসমূহ সুন্দৰকৈ ফুটি উঠিছিল আৰু তেওঁ সেই সময়েৰ মহিলা কবিসকলৰ বাবে নিৰ্ধাৰিত পৰম্পৰাগত বিষয়-বস্তুৰ গণ্ডীত আবদ্ধ নাথাকি স্বকীয় শৈলীৰে সাহিত্য চৰ্চা কৰিছিল।১১

তথ্যসূত্ৰ

গ্ৰন্থপঞ্জী

  • ড’ৰ’থী ক’ (১৯৯৪):Teachers of the Inner Chambers: Women and Culture in Seventeenth-Century China; ষ্টেনফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ।
  • হন চচি (১৯৯৯): Women Writers of Traditional China: An Anthology of Poetry and Criticism; ষ্টেনফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ।
  • এ. ডি. ষ্টেফান’ৱস্কা, ক্ল’ৰা লাউ, লিলি চিঅ’ হং লী (২০১৫): Biographical Dictionary of Chinese Women; ভলিউম ১; ৰাউতলেজ।

তথ্যসূত্ৰ

  1. ↑ Ko 1994, পৃ. 239
  2. ↑ Stefanowska Lau Lee, পৃ. 135
  3. ↑ Stefanowska Lau Lee, পৃ. 135
  4. ↑ Saussy 1999, পৃ. 406
  5. ↑ Stefanowska Lau Lee, পৃ. 135
  6. ↑ Ko 1994, পৃ. 240
  7. ↑ Stefanowska Lau Lee, পৃ. 136
  8. ↑ Stefanowska Lau Lee, পৃ. 135
  9. ↑ Saussy 1999, পৃ. 406
  10. ↑ Stefanowska Lau Lee, পৃ. 136
  11. ↑ Saussy 1999, পৃ. 407

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবিচিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিন ই-নিং” প্ৰবন্ধৰ সংশোধন ৫৯১১৮৪ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।