অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিজা হান্না

লিজা ৰেনে শান্তি হান্না (Lisa Rene Shanti Hanna; জন্ম: ২০ আগষ্ট ১৯৭৫) এগৰাকী জামাইকাৰ ৰাজনীতিবিদ আৰু সৌন্দৰ্য্য ৰাণী যি ১৯৯৩ চনৰ বিশ্বসুন্দৰীৰ মুকুট পিন্ধিছিল আৰু এই খিতাপ দখল কৰা তৃতীয়জন জামাইকান হিচাপে পৰিগণিত হৈছিল।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৫ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

লিজা ৰেনে শান্তি হান্না (Lisa Rene Shanti Hanna; জন্ম: ২০ আগষ্ট ১৯৭৫)১ এগৰাকী জামাইকাৰ ৰাজনীতিবিদ আৰু সৌন্দৰ্য্য ৰাণী যি ১৯৯৩ চনৰ বিশ্বসুন্দৰীৰ মুকুট পিন্ধিছিল আৰু এই খিতাপ দখল কৰা তৃতীয়জন জামাইকান হিচাপে পৰিগণিত হৈছিল। বিৰোধী পিপলছ নেচনেল পাৰ্টিৰ সদস্য হান্নাই বৰ্তমান চেণ্ট এন চাউথ ইষ্টৰ সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেওঁ ২০১২–২০১৬ চনত জামাইকাৰ যুৱ আৰু সংস্কৃতিৰ মন্ত্ৰী আছিল। ২০২০ চনৰ জামাইকাৰ সাধাৰণ নিৰ্বাচনত পিএনপিৰ পৰাজয় আৰু তাৰ পিছত পিএনপিৰ সভাপতি তথা বিৰোধী নেতা পিটাৰ ফিলিপছে পদত্যাগ কৰাৰ পিছত ২০২০ চনৰ পিপলছ নেশ্যনেল পাৰ্টিৰ নেতৃত্ব নিৰ্বাচনত হান্না প্ৰাৰ্থী আছিল। হান্নাক মাৰ্ক গোল্ডিঙে পৰাস্ত কৰে৷২ হান্নাই ১৪৪৪টা ভোট লাভ কৰাৰ বিপৰীতে গোল্ডিঙৰ ১,৭৪০টা ভোট লাভ কৰে, যি আছিল ২৯৬টা ভোটৰ পাৰ্থক্য।

শিক্ষা

হান্নাই ইমাকুলেট প্ৰিপেৰেটৰী স্কুল, আৰু জামাইকাৰ দ্য কুইনছ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল, য'ত তেওঁ হেড গাৰ্ল হিচাপে কাম কৰিছিল৷ ইয়াৰ লগতে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা তেওঁক সদিচ্ছা ৰাষ্ট্ৰদূত নিযুক্তি দিয়া হৈছিল। মিছ হান্নাই ৱেষ্ট ইণ্ডিজ বিশ্ববিদ্যালয়ৰ পৰা যোগাযোগ বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

পেছাদাৰী জীৱন

মনোৰঞ্জন মাধ্যমত কেৰিয়াৰ

১৯৯৩ চনৰ ২৭ নৱেম্বৰ শনিবাৰে দক্ষিণ আফ্ৰিকাৰ ছান চিটি ৰিজৰ্টত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ১৯৯৩ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত লিজাই জয়লাভ কৰে।

১৯৯৮ চনত হান্নাই ৰোমাণ্টিক কমেডী হাউ ষ্টেলা গট হাৰ গ্ৰুভ বেকত অভিনয় কৰে।৪ ২০০৩ চনত হান্নাই সম্প্ৰচাৰৰ ক্ষেত্ৰত নিজাববীয়া চেষ্টা কৰে, জামাইকাৰ এটা টক শ্ব' আৱাৰ ভয়েচ৫ আয়োজন কৰে আৰু আমেৰিকাত এক্সট্ৰাত অতিথি উপস্থাপক আছিল। এবছৰৰ পিছত তেওঁ নিজৰ দেশলৈ উভতি যায় আৰু নিউ কিংষ্টনৰ হিল্টন হোটেলৰ যোগাযোগ পৰামৰ্শদাতা আছিল।৪

ব্যক্তিগত জীৱন

লিজা হান্নাৰ ছেইণ্ট মেৰী পেৰিছৰ ৰিট্ৰিটত লেবানন বংশৰ ৰেনে হান্না আৰু আফ্ৰিকান আৰু চীনা বংশৰ ড’ৰথী হোছাঙৰ ঘৰত জন্ম হৈছিল। ১৯৯৯ চনত নিউয়ৰ্ক চহৰত হান্নাই ডেভিদ কে পেণ্টনক বিয়া কৰায়।৬ ২০০১ চনৰ মাৰ্চ মাহত হান্না আৰু পেণ্টনৰ এজন পুত্ৰ আলেকজেণ্ডাৰৰ জন্ম হয়।৬ ২০০৪ চনত আটলাণ্টাত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।৬ ২০১৭ চনৰ ডিচেম্বৰ মাহত হান্নাই জামাইকাৰ ছেইণ্ট এণ্ড্ৰুত জামাইকাৰ ব্যৱসায়ী ৰিচাৰ্ড লেকক বিয়া কৰায়।৭ ৰিচাৰ্ড লেক আৰু লিজা হান্নাই একেলগে জামাইকাৰ মনেগ'ত লিডফোৰ্ড লজিষ্টিকছৰ এটা চুক্তিবদ্ধ উৎপাদন, বাণিজ্যিক গুদাম আৰু জাহাজ চলোৱাৰ কাম চলায়।

তথ্যসূত্ৰ

  1. ↑ lisa hanna birthday - Google Search. www.google.com
  2. ↑ (2020-11-08). Mark Golding wins presidential race for opposition party in Jamaica. Barbados Today
  3. ↑ Lisa Hanna MP. JAMP
  4. ↑ (29 January 2006). Wendy's partner estranged wife silent over affair. Trinidad & Tobago's Newsday
  5. ↑ (31 March 2003). Lisa and Carlene team in 'Our Voices'. The Jamaica Observer
  6. ↑ Horowitz, Jason. In College Roommate David Panton, Ted Cruz Finds Unwavering Support, New York Times, 23 April 2016
  7. ↑ (9 December 2017). Lisa Hanna ties the knot with businessman Richard Lake. Loop

সম্পৰ্কিত শ্ৰেণী

জামাইকাৰ ব্যক্তিসৌন্দৰ্য প্ৰতিযোগীমডেলমহিলা ৰাজনীতিবিদৰাজনীতিবিদবিশ্বসুন্দৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিজা হান্না” প্ৰবন্ধৰ সংশোধন ৫৬৪১৪০ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।