অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিওনা লিচয়

লিওনা লিচয় (ইংৰাজী: Leona Lishoy; জন্ম: ২৬ এপ্ৰিল ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ মালয়ালম অভিনেতা লিচয়ৰ কন্যা।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লিওনা লিচয় (ইংৰাজী ভাষা: Leona Lishoy; জন্ম: ২৬ এপ্ৰিল ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ মালয়ালম ভাষা চলচ্চিত্ৰত কাম কৰে। তেওঁ মালয়ালম ভাষা অভিনেতা লিচয়ৰ কন্যা।

প্ৰাৰম্ভিক জীৱন

লিওনাৰ জন্ম ১৯৯১ চনৰ ২৬ এপ্ৰিলত কেৰালাৰ ত্ৰিচুৰত হৈছিল।১ তেওঁ চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা লিচয়ৰ কন্যা।২ তেওঁ ত্ৰিচুৰৰ হৰি শ্ৰী বিদ্যা নিধি স্কুলত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ বেংগালুৰুৰ ক্ৰাইষ্ট ইউনিভাৰ্চিটিৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু বেংগালুৰুৰ চিম্বায়’ছিছ ইনষ্টিটিউট অৱ বিজনেছ মেনেজমেণ্টৰপৰা এম.বি.এ. ডিপ্লমা গ্ৰহণ কৰে।

কৰ্মজীৱন

লিওনাই বিভিন্ন বিজ্ঞাপনৰ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ২০১২ চনত কালকালম ছবিত সাৰদাৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হয়। তেওঁৰ প্ৰথমটো উল্লেখযোগ্য চৰিত্ৰ আছিল ২০১২ চনৰ মম্মুটী আৰু মমতা মোহনদাস অভিনীত জৱান অফ ভেল্লীমালা, য’ত তেওঁ আসিফ আলীৰ প্ৰেমিকাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।৩৪

২০১৩ চনত তেওঁ কল্পবিজ্ঞান ভিত্তিক ছবি ৰেড ৰেইনত মুখ্য মহিলা চৰিত্ৰত অভিনয় কৰে, য’ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলী আছিল।৫

ফাহাদ ফাছিল অভিনীত নৰ্থ ২৪ কাথাম আৰু হাৰাম ছবি দুখনতো তেওঁক বিশেষ চৰিত্ৰত দেখা গৈছিল। লিওনাই ২০১৬ চনত অন্নমৰিয়া কালিপ্পিলানু ছবিত চাৰা অৰ্জুনৰ মাতৃ ডা° ট্ৰিছাৰ এটা গম্ভীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।

লিওনাই ২০১৭ চনৰ ছবি হাদিয়াত এটা মুছলমান অনাথ আশ্ৰমৰ এগৰাকী অনাথ কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিবলৈ সন্মত হৈছিল।

তেওঁ বিশ্বাসপূৰ্বম মনছুৰ (২০১৭), মাৰাডোনা (২০১৮), কুুইন (২০১৮) আৰু অতিৰান (২০১৯) ছবিত কৰা অভিনয়ৰ জৰিয়তে নিজৰ পৰিসৰ বৃদ্ধি কৰে।

মায়ানদী ছবিত এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী সমীৰা হিচাপে তেওঁৰ অভিনয় ব্যাপকভাৱে সমাদৃত হৈছিল। এন শীতল আৰু শ্বেন নিগম অভিনীত থ্ৰিলাৰ-ড্ৰামা ইস্কত লিওনাই মাৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰশোভ বিজয়নৰ অন্বেষণম (২০২০)ত লিওনাই জয়সূৰ্য আৰু শ্ৰুতি ৰামচন্দ্ৰনৰ সৈতে অভিনয় কৰে। এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত কৰা সূক্ষ্ম অভিনয়ৰ বাবে তেওঁ সৰ্বত্ৰ প্ৰশংসা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Malayalam Movie Actress Leona Lishoy Biography, News, Photos, Videos. nettv4u
  2. ↑ HBD Leona Lishoy: Stunning pictures of the dive. The Times of India
  3. ↑ (6 June 2012). Leona Lishoy finds Mollywood challenging. The Times of India
  4. ↑ A jawan's battle. The Hindu
  5. ↑ (20 June 2013). Raining mystery. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিওনা লিচয়” প্ৰবন্ধৰ সংশোধন ৬৪০২০৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।