অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনিকা ক্ৰুজ

মনিকা ক্ৰুজ ছানচেজ (ইংৰাজী: Mónica Cruz Sánchez; জন্ম: ১৪ মাৰ্চ, ১৯৭৭) এগৰাকী স্পেনিছ অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁ অভিনেত্ৰী পেনেলোপি ক্ৰুজৰ সৰু ভনীয়েক। তেওঁ দ্য ইনকুৱাৰী (২০০৬), লাষ্ট আৱাৰ (২০০৮), জেৰী কটন (২০১০) আৰু আইৰন ক্ৰছ (২০১১) আদি চলচ্চিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ২৭ মে’ ২০২৬ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মনিকা ক্ৰুজ ছানচেজ (ইংৰাজী ভাষা: Mónica Cruz Sánchez; জন্ম: ১৪ মাৰ্চ, ১৯৭৭) এগৰাকী স্পেনীছ ভাষা অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁ অভিনেত্ৰী পেনেলোপি ক্ৰুজৰ সৰু ভনীয়েক। তেওঁ দ্য ইনকুৱাৰী (২০০৬), লাষ্ট আৱাৰ (২০০৮), জেৰী কটন (২০১০) আৰু আইৰন ক্ৰছ (২০১১) আদি চলচ্চিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

মনিকা ক্ৰুজৰ জন্ম হৈছিল স্পেইনৰ মাদ্ৰিদৰ আলকোবেণ্ডাছ নামৰ এখন শ্ৰমিক প্ৰধান চহৰত।১ তেওঁ এগৰাকী কেশসজ্জাশিল্পী এনকাৰ্না ছানচেজ আৰু এজন খুচুৰা ব্যৱসায়ী তথা অটো মেকানিক এডুয়াৰ্ডো ক্ৰুজৰ (মৃত্যু ২০১৫) কন্যা।২৩৪ সমগ্ৰ শৈশৱকাল তেওঁ আলকোবেণ্ডাছতে কটাইছিল। তিনিজন সন্তানৰ ভিতৰত তেওঁ মাজু; তেওঁৰ ডাঙৰ ভগ্নী পেনেলোপি ক্ৰুজ এগৰাকী অভিনেত্ৰী আৰু সৰু ভাতৃ এডুয়াৰ্ডো (জন্ম ১৯৮৬) এজন গায়ক।৫৬ ১৯৯৯ চনত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু ২০০৩ চনত তেওঁৰ পিতৃয়ে কাৰ্মেন মৰেনোৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়। মৰেনোৱে ২০১২ চনৰ ২৪ ফেব্ৰুৱাৰীত ছালমা ক্ৰুজ নামৰ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে।৭ পেনেলোপি আৰু মনিকাই এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তৰুণী নৃত্যশিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল আৰু দুয়োৱে পেছাদাৰী প্ৰশিক্ষণ লাভ কৰিছিল; পেনেলোপিয়ে স্পেইনৰ নেচনেল কনজাৰ্ভেটৰীত অধ্যয়ন কৰাৰ বিপৰীতে মনিকাই পৰম্পৰাগত বেলে আৰু ফ্লেমেংকো নৃত্যৰ অধ্যয়নৰ বাবে দ্য ৰয়েল একাডেমী অৱ ডান্সত নামভৰ্তি কৰিছিল।

ব্যক্তিগত জীৱন

২০০৭ চনৰ জুলাই মাহত মাদ্ৰিদৰ নিজৰ নৃত্য ষ্টুডিঅ’ত মনিকা ক্ৰুজ।
২০০৭ চনৰ জুলাই মাহত মাদ্ৰিদৰ নিজৰ নৃত্য ষ্টুডিঅ’ত মনিকা ক্ৰুজ।ছবি: Fotodimatti · CC BY-SA 3.0

২০১৩ চনৰ ১৪ মে’ত তেওঁ নিজৰ একমাত্ৰ সন্তান এণ্টোনেলা ক্ৰুজ ছানচেজৰ জন্ম দিয়ে।৮৯ তেওঁৰ কন্যা কৃত্ৰিম প্ৰজননৰ জৰিয়তে গৰ্ভধাৰণ কৰা হৈছিল আৰু তেওঁৰ কোনো আইনী পিতৃ নাই।১০১১

ক্ৰুজে ফ্লেমেংকো নৃত্য ভাল পায় আৰু এই সন্দৰ্ভত তেওঁ কয়, "নৃত্য মোৰ প্ৰথম চখ। ই এক আশ্চৰ্যজনক অনুশাসন শিকায় আৰু সেই অনুশাসন আপোনাৰ লগত সদায় থাকি যায়। মোৰ ভগ্নী আৰু মই ই আমাক কিমান সহায় কৰিছে সেই বিষয়ে সকলো সময়তে কথা পাতো।" ১০

তথ্যসূত্ৰ

  1. ↑ Oraá, María Salas. (2018-10-21). Mónica Cruz: "Mi hermana, mi madre y yo hemos vivido en un matriarcado". El País
  2. ↑ Penelope Cruz's Father Died: Eduardo Cruz Dies at 62 · PEOPLE.com
  3. ↑ Penelope Cruz Biography (1974-). Filmreference.com
  4. ↑ The Rising Star of Penelope Cruz. CBS News
  5. ↑ de Vries, Hilary. (9 June 2013). Penelope Cruz: Will She Say I Do, or I Don't. Marie Claire
  6. ↑ Sister Act. Peoplemag
  7. ↑ (29 February 2012). Penelope Cruz's sister born after father welcomes little girl with second wife Carmen Moreno.. hellomagazine.com
  8. ↑ ESME. (16 March 2016). Monica Cruz: Single Mother by Choice. ESME
  9. ↑ Voxxi, Voxxi. (24 May 2013). Monica Cruz Welcomes Baby Girl. HuffPost
  10. ↑ ESME. (15 March 2016). Monica Cruz: Single Mother by Choice. ESME
  11. ↑ Penelope Cruz's Sister Monica Cruz Pregnant Using Artificial Insemination. Peoplemag

সম্পৰ্কিত শ্ৰেণী

স্পেনীছ অভিনেত্ৰীনৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনিকা ক্ৰুজ” প্ৰবন্ধৰ সংশোধন ৬০৯২৩৫ (২৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।