মনিৰ খান( Monir Khan) এগৰাকী বাংলাদেশী গায়ক। তেওঁৰ সংগীত জীৱনত তেওঁ ৪২টা একক এলবাম১২ আৰু ৩০০ৰো অধিক দ্বৈত আৰু মিশ্ৰিত এলবাম মুকলি কৰিছে। প্ৰেমৰ তাজমহল (২০০১), লাল দোৰিয়া (২০০২) আৰু দুই নয়নেৰ আলো (২০০৫) ছবিত নেপথ্য সংগীত পৰিৱেশন কৰি তেওঁ তিনিবাৰকৈ শ্ৰেষ্ঠ পুৰুষ নেপথ্য গায়ক হিচাপে বাংলাদেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।৩
প্ৰাৰম্ভিক জীৱন
মনিৰ খানৰ ১৯৭২ চনৰ ১ আগষ্ট তাৰিখে ঝিনাইদহ জিলাৰ মহেশপুৰ মহকুমাৰ মদনপুৰ নামে গাঁৱৰ এক সম্ভ্ৰান্ত মুছলিম পৰিয়ালত জন্ম হয়। তেওঁৰ পিতৃৰ নাম মোঃ মাহবুব আলী খান, এজন স্কুল শিক্ষক এবং মাতৃ মোছা মনোৱাৰা খাতুন, এগৰাকী গৃহিণী। এগৰাকী ভনী আৰু চাৰি ভাইৰ মাজত মনিৰ দ্বিতীয় আৰু জ্যেষ্ঠ পুত্ৰ। মনিৰৰ পত্নীৰ নাম তাহমিনা আক্তাৰ৷ তেওঁলোকৰ এটি কন্যা আৰু এটি পুত্ৰ সন্তান আছে৷৪
মনিৰ খানৰ শিক্ষাজীৱনৰ আৰম্ভণি নিজ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত। পৰবৰ্তীকালত তেওঁ হাকিমপুৰ উচ্চ বিদ্যালয় আৰু তাৰপাছত যশোৰৰ চৌগাছা মহকুমাৰ নাৰায়নপুৰ বহৰাম উদ্দীন উচ্চ বিদ্যালয়ত লিখা-পঢ়া কৰে। ১৯৮৭ চনত ইয়াৰ পৰাই মেট্ৰিক পৰীক্ষা আৰু ১৯৯০ চনত কোটচাঁদপুৰ ডিগ্ৰী কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰে। ১৯৯২ চনত এই একেই কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী উত্তীৰ্ণ হয়।৪
বাল্যকাল তেওঁৰ ওপজা গাঁৱতে পাৰ হৈছিল। সৰুৰ পৰাই তেওঁৰ সংগীতৰ প্ৰতি এক সহজাত আকৰ্ষণ আছিল। স্থানীয় কেইবাজনো বয়োজ্যেষ্ঠ লোকৰ ওচৰত তেওঁ সংগীত শিকাৰ উপৰি নিয়মীয়া তালিম হৈছিল প্ৰধানকৈ ৰেজা খছৰুৰ ওচৰত। পৰবৰ্তী সময়ত স্বপন চক্ৰবৰ্তী, ইউনুস আলী মোল্লা, খন্দকাৰ এনায়েত হোসেনসহ আৰু কেইজনমান ব্যক্তিৰ ওচৰত গীতৰ শিক্ষা লৈছিল। বাগেৰহাট জিলাৰ বাসিন্দা খন্দকাৰ এনায়েত হোসেনে ১৯৮৮ চনৰ পৰা কালিগঞ্জ গুঞ্জন শিল্পীগোষ্ঠী একাডেমীত ১৫ দিনৰ মূৰে মূৰে গান শিকাবলৈ আহিছিল। মনিৰৰ সঙ্গীত জীৱনৰ মূল ছন্দ এই খন্দকাৰ এনায়েত হোসেনৰ হাততেই গঢ়ি উঠিছিল।৪
সংগীত জীৱন
১৯৮৯ চনত খুলনা ৰেডিঅ’ত অডিচনৰ জৰিয়তে মনিৰ খানক আধুনিক গীতৰ শিল্পী হিচাপে তালিকাভুক্ত কৰা হয়। ১৯৯১ চনৰ আগষ্ট মাহলৈকে নিয়মীয়া শিল্পী হিচাপে গান গাবলৈ আৰম্ভ কৰে। ১৯৯১ চনৰ ৫ ছেপ্টেম্বৰত তেওঁ এন.অ.চি.লৈ ঢাকালৈ আহে। ঢাকালৈ অহাৰ পিছতো তেওঁ কিছু বয়োজ্যেষ্ঠ লোকৰ পৰা গান শিকিছিল। ইয়াৰ ভিতৰত আবুবকাৰ ছিদ্দিক, মংগল চন্দ্ৰ বিশ্বাস, চালাহুদ্দিন আহমেদ, অনুপ চক্ৰৱৰ্তীকে ধৰি বহু কেইজন। যেতিয়াই ভাল কিবা পাইছিল, সি নিজৰ প্ৰাণপণ কৰি আয়ত্ব কৰি ল’বলৈ চেষ্টা কৰিছিল।
কিছুদিন পিছত তেওঁ অডিঅ’ মাৰ্কেটত ঠাই লোৱাৰ কথা ভাবিলে। চিন্তা অনুযায়ী কাম আৰম্ভ কৰিলে। মূলতঃ কুট্টি মনছুৰৰ পৰা অনুপ্ৰাণিত হৈ মনিৰ খানে নিজৰ গীতসমূহ বজাৰত মুকলি কৰাৰ সিদ্ধান্ত লয়।
মিল্টন খণ্ডকাৰে মনিৰ খানৰ সৈতে কাম কৰিবলৈ সন্মত হয় আৰু অডিঅ’ এলবাম মুকলি কৰিবলৈ সন্মত হয়। অডিঅ’ এলবাম মুকলি কৰিবলৈ মনিৰে গায়কীৰ উন্নত অভ্যাসৰ জৰিয়তে নিজকে এজন নিখুঁত শিল্পী হিচাপে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল। ১৯৯২ চনৰ পৰা ১৯৯৬ চনলৈ মণিৰ খানে নিজকে প্ৰস্তুত কৰিবলৈ চাৰি বছৰ সময় লৈছিল।৪
১৯৯৬ চনত বিউটি কৰ্ণাৰৰ পৰা মুক্তি পোৱা ১২টা গীতৰ প্ৰথম একক অডিঅ’ এলবাম ‘তোমাৰ কোনো দোষ নেই’। এলবামটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে। এই এলবামটোৰ জনপ্ৰিয়তাৰ পিছত ৰাতিটোৰ ভিতৰতে মনিৰ খান বিখ্যাত হৈ পৰে। তাৰপিছত মনিৰ খান ৰৈ নাথাকিল। এটাৰ পিছত এটাকৈ এলবাম মুকলি কৰি প্ৰতিটো এলবামতে সফলতা লাভ কৰিছে।
তথ্যসূত্ৰ
- ↑ (4 August 2011). Monir Khan, Milton Khondaker together after 6 years. priyo.com
- ↑ (26 April 2014). আৰ্কাইভ কপি. Manab Zamin
- ↑ (1 September 2008). National Film Awards for the last fours years announced. The Daily Star
- ↑ মনিৰ খানৰ জীৱনী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনিৰ খান” প্ৰবন্ধৰ সংশোধন ৪২১০৫৪ (১২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।