মনোজ কুমাৰ দাস (জন্ম ২১ আগষ্ট ১৯৯০) এগৰাকী ভাৰতীয় সংঙ্গীতজ্ঞ। তেওঁ অসমৰ বৰপেটাৰ ঘোৰামাৰাহাটীৰ নিবাসী এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খোলবাদক। ২০১৮ চনত অসমৰ পৰম্পৰাগত সংগীত খোলবাদ্যত মনোজ কুমাৰ দাসে বাবে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰে।১ ২০১৪ চনত মনোজে নিজাববীয়াকৈ খোলবাদ্যৰ ওপৰত ‘একাডেমি অৱ খোলবাদ্য’ নামে এখন বিদ্যালয় স্থাপন কৰে। বৰ্তমান বিদ্যালয়খনত ২০০ ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে খোলবাদনৰ প্ৰশিক্ষণ লৈ আছে।
শিক্ষা
মনোজ কুমাৰ দাসে বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলৰ শিক্ষা শেষ কৰি মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। স্কুলীয়া জীৱনৰ পৰাই সত্ৰীয়া সংস্কৃতি তথা লোকসংস্কৃতিৰ সৈতে জড়িত হৈ অহা শ্ৰীদাস গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী হোৱাৰ উপৰিও সঙ্গীত সত্ৰ, গুৱাহাটীৰ পৰা খোলবাদ্যত "গুণীন" আৰু ভাটখাণ্ডে সংগীত বিদ্যাপীঠ, লক্ষ্ণৌ ৰ পৰা তৱলাত "নিপুণ" উপাধি লাভ কৰি সুখ্যাতি অৰ্জন কৰিছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে প্ৰদান কৰা "National Young Artist Scholarship Award" আৰু "Junior Research Fellowship" লাভ কৰা মনোজ কুমাৰ দাস অৱনদ্ধ বাদ্যত পাৰংগত এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন যুৱশিল্পী।২ সত্ৰীয়া খোলবাদ্য তথা লোকবাদ্যৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্ন ঠাইত মহাপুৰুষ দুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ অন্যতম খোলবাদ্য তথা লোকবাদ্যৰ প্ৰদৰ্শনেৰে কৃতিত্ব অৰ্জন কৰা শ্ৰীদাসে বৰ্তমান তেখেতেৰ প্ৰতিভাৰ সঞ্চাৰ উঠি অহা প্ৰজন্মৰ মাজত কৰিবলৈ বহুতো অনুষ্ঠানত প্ৰশিক্ষকৰূপে নিয়োজিত হৈ আহিছে। যত নেকি তেওঁৰ উদীয়মান ছাত্ৰসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, সংগীত নাটক একাডেমী, একাডেমি অৱ খোলবাদ্য আৰু বিভিন্ন অনুষ্ঠানৰ জৰিয়তে অসমৰ গাৱে-ভূঞে খোলবাদ্য তথা লোকবাদ্যৰ প্ৰশিক্ষকৰূপে বহু শিক্ষাৰ্থীক নিপুণ কৰি তুলিছে। সম্প্ৰতি দাসে "একাডেমি অব্ খোল বাদ্য" এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন শিল্পী হিচাপে মনোজ কুমাৰ দাসে অসমৰ ভিতৰুৱা গাঁৱসমূহত সত্ৰীয়া সংগীতৰ শিক্ষা, গৱেষণামূলক প্ৰকল্প, গ্ৰন্থ প্ৰকাশৰ কাম কৰি আহিছে। তদুপৰি বহুকেইখন হোলীগীতৰ তথা লোকসংগীতৰ শ্ৰব্যচিডিত সংগতকাৰী বাদ্যশিল্পী হিচাপে কাম কৰাৰ উপৰিও হোলীগীতৰ শ্ৰব্যচিডিৰ পৰিচালনাৰ কামো কৰিছে।৩৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোজ কুমাৰ দাস” প্ৰবন্ধৰ সংশোধন ২৪৯৮৭০ (১৯ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।