অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনোৰমা জাফা

মনোৰমা জাফা ১০০ খনতকৈও অধিক শিশু উপযোগী গ্ৰন্থৰ লগতে প্ৰাপ্তবয়স্কৰ বাবে নাৰীবাদী উপন্যাস আৰু শিশু সাহিত্যৰ ওপৰত শৈক্ষিক গৱেষণা আৰু লেখাৰ ভাৰতীয় লেখিকা।

হালনাগাদ: ১৮ জুন ২০২৬ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

মনোৰমা জাফা ১০০ খনতকৈও অধিক শিশু উপযোগী গ্ৰন্থৰ লগতে প্ৰাপ্তবয়স্কৰ বাবে নাৰীবাদী উপন্যাস আৰু শিশু সাহিত্যৰ ওপৰত শৈক্ষিক গৱেষণা আৰু লেখাৰ ভাৰতীয় লেখিকা। তেওঁ এছ'চিয়েচন অৱ ৰাইটাৰ্ছ এণ্ড ইলাষ্ট্ৰেটৰছ ফৰ চিলড্ৰেনৰ মহাসচিব আৰু আন্তৰ্জাতিক যুৱক-যুৱতীসকলৰ বাবে গ্ৰন্থ ব'ৰ্ডৰ ভাৰতীয় ৰাষ্ট্ৰীয় বিভাগৰ মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।১ তেওঁ ২০১৪ চনত পদ্মশ্ৰী আৰু ২০১৬ চনত অৰ্ডাৰ অৱ ৰাইজিং চান সন্মান লাভ কৰে।

জন্ম আৰু শিক্ষা

জাফাৰ জন্ম হৈছিল ১৯৩২ চনত।২ জাফাই এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ভূগোলত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১ পিছলৈ তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিত শিশুৰ বাবে লিখনৰ এক পাঠ্যক্ৰমো সম্পূৰ্ণ কৰে।১

কৰ্মজীৱন

{{Cquote|align = right|width=22em|সৃষ্টিশীলতা অতি কম বয়সৰ পৰাই আৰম্ভ হয়। ইয়াক আৰু অধিক সংগ্ৰহ আৰু নিখুঁত কৰিবলৈ ইয়াক আৰম্ভণিৰে পৰাই মিহি আৰু ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ, মনোৰমা জাফাই কয়''।৩}} ১৯৬০ চনৰ শেষৰ ফালে জাফাই প্ৰথমে স্থানীয় বাতৰি কাকতত স্তম্ভ লিখাৰ কাম আৰম্ভ কৰে, কিন্তু তাৰ পিছত তেওঁ গল্প লিখিবলৈ লয়৷ শিশুৰ বাবে তেওঁৰ প্ৰথম কিতাপ আছিল ডংকি অন দ্য ব্ৰীজ।১ শিশুৰ বাবে আন আন ৰচনাসমূহৰ ভিতৰত আছে, দ্য পেৰ'ট এণ্ড দ্য মাইনাহ, লাফিং পেৰ'ট, আৰু দ্য লেডিবাৰ্ড এণ্ড দ্য বাটাৰফ্লাই, যিয়ে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ দীপান্বিতা নাথৰ মতে "স্পষ্ট কৰে যে মনোৰমাই মাটিৰ মূল্যবোধ, বিশেষকৈ বৈচিত্ৰ্যৰ ঐক্যত সাঙোৰ খাই থাকে।"১

তেওঁৰ কিছুমান ৰচনা, যেনে গব্বৰ আৰু বব্বৰ আৰু মই সোনা, বিশেষভাৱে সক্ষম শিশুৰ বাবে প্ৰস্তুত কৰা হৈছে।৩ তেওঁ কৈছে যে, “মই সোনা’’ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু ইয়াত এইচ.আই.ভি. ৰোগী শিশুসকলক সম্বোধন কৰি লিখিছে৪ আৰু তেওঁৰ আন এখন গ্ৰন্থ তৰু নানু আৰু হিপু ভাৰত মহাসাগৰৰ চুনামীৰ পিছত অনাথ হোৱা শিশুসকলৰ বাবে লিখা হৈছে।৫ ১৯৯৬ চনত তেওঁৰ গ্ৰন্থ গান্ধী: দ্য মেন অৱ পিচৰ বিষয়ে ইণ্ডিয়ান ৰিভিউ অৱ বুকছৰ আলোচনাত তেওঁক "ভাৰতত ইংৰাজী ভাষাৰ শিশু সাহিত্যৰ অন্যতম পথ প্ৰদৰ্শক" বুলি উল্লেখ কৰা হৈছে।৬ দেৱীতাকে ধৰি প্ৰাপ্তবয়স্কৰ বাবে লিখা তেওঁৰ গ্ৰন্থসমূহত, দীপান্বিতা নাথে "এটা শক্তিশালী নাৰীবাদী আৱাজ" থকা বুলি বৰ্ণনা কৰিছিল। ১

২০১১ চনত দ্য হিন্দুৰ ফৈছাল এম নাইমে লিখিছিল, "যোৱা তিনিটা দশকত জাফাই ভাৰতত শিশুৰ বাবে উন্নত কিতাপৰ আন্দোলনৰ পথ প্ৰদৰ্শক হৈ আহিছে।"৩ ১৯৭৬ চনত তেওঁ শিশু সাহিত্যৰ লেখকসকলৰ বাবে কৰ্মশালা পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।৩ জাফাই শিশু সাহিত্যৰ ওপৰত বহুতো গৱেষণা পত্ৰও প্ৰস্তুত কৰিছে।৭ তেখেতে কাৰ্টুনকাৰ শংকৰ পিল্লাইৰ সৈতে এছ'চিয়েচন অৱ ৰাইটাৰ্ছ এণ্ড ইলাষ্ট্ৰেটৰছ ফৰ চিলড্ৰেন (AWIC)ৰ সহ-প্ৰতিষ্ঠা কৰে,৩ আৰু ১৯৯৫ চনৰ পৰা আৰম্ভ হোৱা শিশু সাক্ষৰতা প্ৰকল্পৰ পৰিচালক হিচাপেও কাম কৰে।৪ শিশুৰ বাবে কাৰিকৰী লেখাৰ বিষয়ে এখন কিতাপ লিখিছে,৩ ৰাইটিং ফৰ চিলড্ৰেন, আৰু ১৯৮১ চনত প্ৰতিষ্ঠা হোৱা৮ এডব্লিউআইচিৰ ত্ৰিমাসিক শিশু সাহিত্য আলোচনী ৰাইটাৰ এণ্ড ইলাষ্ট্ৰেটৰৰ সম্পাদনা কৰিছে।৫ ২০০৬ চনৰ ভিতৰত তেওঁ শিশু গ্ৰন্থ প্ৰকাশক খাছ কিতাব ফাউণ্ডেশ্যনৰ মুৰব্বী আছিল।৪

১৯৯৯ চনৰ পৰা ২০০১ চনলৈকে তেওঁ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ শিশু আৰু যুৱ সাহিত্যৰ বঁটাৰ বাবে জুৰীৰ সদস্য হিচাপে কাম কৰিছিল।৪ ইউনেস্কোৰ বাবে এছিয়ান কালচাৰেল চেণ্টাৰৰ সৈতেও ইয়াৰ শিশু গ্ৰন্থ বিশেষজ্ঞ হিচাপে জড়িত আছিল। তেওঁ IIY-Asahi Reading Promotion Award-ৰ (২০০০-২০০১) জুৰীত ইয়াৰ অধ্যক্ষ হিচাপে আৰু ইউনেস্কোৰ প্ৰাইজ ফৰ বুকচ অন টলাৰেন্সৰ(১৯৯৯-২০০০) সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে৷

২০১০ চনৰ আশে-পাশে তেওঁ বুক থেৰাপী প্ৰতিষ্ঠা কৰে, যিয়ে হৈছে আঘাতৰ সন্মুখীন হোৱা শিশুসকলক সহায় কৰাৰ বাবে এক পদক্ষেপ, য’ত আফগানিস্তান আৰু চুনামীৰ দ্বাৰা প্ৰভাৱিত ভাৰতৰ অঞ্চলসমূহত কিতাপ বিতৰণ কৰা কাৰ্য অন্তৰ্ভুক্ত কৰা হৈছে।৩ তেওঁ শিশু গ্ৰন্থ ন্যাসৰ পৰামৰ্শদাতা হিচাপেও কাম কৰি আহিছে।৯৩

জাফা যুৱক-যুৱতীসকলৰ বাবে কিতাপৰ আন্তঃৰাষ্ট্ৰীয় ব'ৰ্ড (IBBY)ৰ ভাৰতীয় ৰাষ্ট্ৰীয় বিভাগৰ সাধাৰণ সম্পাদক।১০ ১৯৯৮ চনত অনুষ্ঠিত হোৱা আই বি বি ৱাইৰ ২৬ সংখ্যক কংগ্ৰেছৰ অধ্যক্ষ হিচাপে সভাপতিত্ব কৰিছিল।১১ ১৯৯৮ চনত জাফাই জাপানৰ সম্ৰাজ্ঞী মিচিকোক নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক যুৱক-যুৱতীসকলৰ বাবে কিতাপ ব'ৰ্ড (IBBY) কংগ্ৰেছত মূল ভাষণ দিবলৈ আমন্ত্ৰণ জনায় আৰু পিছলৈ জাপানৰ সম্ৰাজ্ঞী মিচিকোই ভ্ৰমণ কৰে।১২ পূৰ্বে ২০০৪ চনত জাপানত তেওঁক লগ পোৱাৰ পিছত ২০১৩ চনত আই বি বি ৱাই ইণ্ডিয়া বিভাগৰ সচিব প্ৰধান হিচাপে তেওঁ জাপানৰ সম্ৰাজ্ঞীগৰাকীক সাক্ষাৎ কৰি গোটৰ সদস্যসকলৰ সৈতে চিনাকি কৰাই দিয়ে।১২

শিশু সাহিত্যৰ ওপৰত মনোৰমা জাফাৰ সংকলন অশোক বিশ্ববিদ্যালয়ক তেওঁৰ স্বামী শ্ৰীবীৰেন্দ্ৰ সিং জাফাই দান কৰিছিল।১৩সংকলনত শিশু সাহিত্যৰ কাৰিকৰী গ্ৰন্থ, তেওঁৰ কিছুমান চিঠিপত্ৰ, প্ৰাপ্তবয়স্কৰ বাবে লিখা তেওঁৰ হিন্দী উপন্যাস, শিশু সাহিত্যৰ সৈতে জড়িত অন্যান্য লেখা সন্নিবিষ্ট কৰা হৈছে।১৩

তথ্যসূত্ৰ

  1. ↑ Nath, Dipanita. (May 13, 2014). A Life of Stories. The Indian Express
  2. ↑ (2006). The Oxford encyclopedia of children's literature. Oxford University Press. পৃ. 316. ISBN 9780195146561
  3. ↑ Naim, Faisal M. (19 January 2011). No child's play. The Hindu
  4. ↑ Tandon, Aditi. (August 10, 2006). Life-saving knowledge: AIDS awareness fiction from an acclaimed children's writer. Tribune India
  5. ↑ (April 1, 2011). 'Children's literature is not just entertainment. It's a vital tool'. Times of India
  6. ↑ (1996). Indian Review of Books. Acme Books Pvt. Limited. পৃ. 80
  7. ↑ STP Team. (May 5, 2015). Female Children's writers your kids should read. SheThePeople.TV
  8. ↑ Jafa, Manorama. (1994). The Association of Writers and Illustrators for Children. The Book Review. C. Chari for Perspective Publications. পৃ. 23
  9. ↑ (January 5, 2014). A Politically Correct Padma List. The New Indian Express
  10. ↑ (2014). IBBY. IBBY
  11. ↑ Maissen, Leena. 1998 in New Delhi. International Board on Books for Young People
  12. ↑ (2014). Emperor, Empress revisit India center after 53 years. Japan Times
  13. ↑ Recent Acquisitions. Ashoka Bulletin. Ashoka University

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোৰমা জাফা” প্ৰবন্ধৰ সংশোধন ৬১২৯৭৭ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।