মমতাজ সংঘমিতা (Mamtaz Sanghamita) এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ পশ্চিমবংগৰ বৰধমন-দুৰ্গাপুৰ (লোকসভা সমষ্টি)ৰ পৰা ষোড়শ লোকসভাৰ সংসদ সদস্য আছিল। ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।১
মমতাজ সংঘমিতা পশ্চিম বংগ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন আইন মন্ত্ৰী প্ৰয়াত চৈয়দ আব্দুল মনছুৰ হাবিবুল্লাহ আৰু শিক্ষাবিদ মকছুদা খাটুনৰ কন্যা।২৩
তেওঁ পেছাত এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ, কলিকতা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্ত্ৰীৰোগ বিভাগৰ মুৰব্বী আছিল।৪
প্ৰাৰম্ভিক জীৱন
তেওঁ বৰ্ধমানৰ পৌৰ বালিকা বিদ্যালয় আৰু কলকাতাৰ ব্ৰহ্ম বালিকা শিক্ষাালয়ত পঢ়ি চাৰিটা বিষয়ত লেটাৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তেওঁ বেথুন কলেজৰ পৰা প্ৰি-মেডিকেল সম্পূৰ্ণ কৰিছিল। ১৯৬৮ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ উত্তীৰ্ণ হয়। ইয়াৰ পিছত ১৯৭০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডি জি অ’ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম ডি (অ’ টি জি)। উচ্চ শিক্ষাৰ বাবে তেওঁ ইংলেণ্ডলৈ গৈছিল।৩
পৰিয়াল
তেওঁ ১৯৭৫ চনত ৰাজ্য চৰকাৰৰ বেৰিষ্টাৰ আৰু পিছলৈ কেবিনেট মন্ত্ৰী নুৰে আলম চৌধুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ একমাত্ৰ কন্যা ডাঃ শাবানা ৰোজে ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্ৰী লাভ কৰিছে আৰু তেওঁ উচ্চ চিকিৎসা গৱেষণা চলাই আছে।৩
তথ্যসূত্ৰ
- ↑ Constituencywise-All Candidates
- ↑ Siddiqui, Kanchan. (6 March 2014). Habibulla daughter challenges CPM MP. Trinamul fields controversial physician to uproot stalwart. The Statesman, 7 March 2014
- ↑ Prof. (Dr.) Mumtaz Sanghamita. Calcutta Yellow Pages
- ↑ Lok Sabha Elections 2014 – Know Your Candidates. Dr. Mumtaz Sanghamita. All India Trinamool Congress
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মমতাজ সংঘমিতা” প্ৰবন্ধৰ সংশোধন ৬১৬৭১২ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।