অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মল্লিকা শ্ৰীনিবাসন

মল্লিকা শ্ৰীনিবাসন (:Mallika Srinivasan জন্ম ১৯ নৱেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় উদ্যোগপতি আৰু ১৯৬০ চনত ভাৰতৰ চেন্নাইত প্ৰতিষ্ঠা হোৱা ট্ৰেক্টৰ মেজৰ ট্ৰেক্টৰছ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক।

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ৪৩৮ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মল্লিকা শ্ৰীনিবাসন (:Mallika Srinivasan জন্ম ১৯ নৱেম্বৰ ১৯৫৯) এগৰাকী ভাৰতীয় উদ্যোগপতি আৰু ১৯৬০ চনত ভাৰতৰ চেন্নাইত প্ৰতিষ্ঠা হোৱা ট্ৰেক্টৰ মেজৰ ট্ৰেক্টৰছ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ভাৰত চৰকাৰে গঠন কৰা ৰাজহুৱা উদ্যোগ নিৰ্বাচন ব'ৰ্ডৰ (পিইএছবি) অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০২৫ চনৰ ১৮ নৱেম্বৰলৈকে একেই পদত কাৰ্যনিৰ্বাহ কৰিছিল।১ ইয়াৰ উপৰিও তেওঁ গ্ল’বেল ব’ৰ্ড অৱ ইউ.এছ.-ইণ্ডিয়া বিজনেছ কাউন্সিল (ইউএছআইবিচি), আৰু এজিচিঅ’ কৰ্প’ৰেশ্যন - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব’ৰ্ডত আছে। ব্ৰিকছ উইমেনছ বিজনেছ এলায়েন্স (ব্ৰিকছ ডব্লিউ বি এ)ৰ মূল সদস্য আৰু ভাৰত-আমেৰিকাৰ চি ই অ’ ফ’ৰামৰ সদস্য। লগতে তেওঁ ষ্টেলা মাৰিছ কলেজ - চেন্নাইৰ গভৰ্নিং বডিৰ সদস্যও।

শিক্ষা

মল্লিকা মহিলা খ্ৰীষ্টান কলেজৰ পৰা গণিতত ডিগ্ৰী লাভ কৰে২৩৪ আৰু পিছলৈ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিবিজ্ঞানত বিশ্ববিদ্যালয়ৰ স্বৰ্ণ পদক বিজয়ী হয়, পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুল অৱ বিজনেছৰ পৰা ডিনছ অনাৰ লিষ্ট আৰু আলফা বিটা গামা ছ'চাইটিৰ সদস্য হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে আৰু ইয়াৰ শীৰ্ষ ১২৫ গৰাকী সফল প্ৰাক্তন ছাত্ৰ হিচাপে স্থান লাভ কৰে।৫

কৰ্ম জীৱন

মল্লিকা শ্ৰীনিবাসন TAFE-ক বৃহৎ পৰিমাণে ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ নেতৃত্বত, কোম্পানী উল্লেখনীয়ভাৱে বৃদ্ধি পাই ₹১০,০০০ কোটিৰো অধিক আয় কৰা এখন অন্যতম বৃহৎ সংস্থালৈ পৰিণত হৈছে। TAFE-ৰ ব্যৱসায়িক ক্ষেত্ৰ বিভিন্ন দিশত বিস্তৃত, যেনে ট্ৰেক্টৰ, কৃষিযন্ত্ৰ, ডিজেল ইঞ্জিন, জেনাৰেটৰ, ইঞ্জিনিয়াৰিং প্লাষ্টিক, হাইড্ৰ’লিক পাম্প আৰু ছিলিণ্ডাৰ, অটোমোবাইল ফ্ৰেঞ্চাইজ, আৰু প্লেণ্টেশ্বন।

তেওঁ ট্ৰেক্টৰ মেনুফেকচাৰ্ছ এছ'চিয়েচন অৱ ইণ্ডিয়া, মাদ্ৰাজ চেম্বাৰ অৱ কমাৰ্চৰ দৰে বিভিন্ন উদ্যোগ সংস্থাৰ নেতৃত্ব দিছিল আৰু কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ফৰেইন ট্ৰেডৰ দৰে উদ্যোগ সংস্থাত বিভিন্ন পদবীত অধিষ্ঠিত হৈ আহিছে।৬

সমাজসেৱা

মল্লিকা শ্ৰীনিবাসন সমাজসেৱাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াইছে। তেওঁ শংকৰা নেথ্ৰালয়া (ভাৰতৰ অন্যতম প্ৰধান চক্ষুচিকিৎসা প্ৰতিষ্ঠান), চেন্নাইৰ কেঞ্চাৰ হাস্পতাল, আৰু আলৱাৰকুৰিচি (তিৰুনেলৱেলি জিলাৰ) বিভিন্ন শিক্ষা আৰু স্বাস্থ্যসেৱা প্ৰতিষ্ঠানৰ গঢ়ি উঠাত সক্ৰিয়ভাৱে জড়িত। ইয়াৰ উপৰিও, তেওঁ ইন্দিৰা শিৱসাইলাম ফাউণ্ডেশ্বনৰ জৰিয়তে কৰ্ণাটক সংগীতৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াই কলাৰ এক মহান পৃষ্ঠপোষক হিচাপে পৰিচিত।৭

বঁটা আৰু প্ৰশংসা

শ্ৰীনিবাসনে কেইবাটাও প্ৰশংসা আৰু বঁটা লাভ কৰিছে। ২০১১ চনত আৰ্নষ্ট এণ্ড ইয়ঙে তেওঁক বছৰৰ শ্ৰেষ্ঠ উদ্যোগী হিচাপে ভোট দিয়ে; ফৰ্বছ ইণ্ডিয়াৰ দ্বাৰা বছৰৰ মহিলা নেত্ৰী বঁটাৰে সন্মানিত; আৰু ফৰ্বছ এছিয়াই শীৰ্ষ ৫০ গৰাকী এছিয়ান শক্তিশালী ব্যৱসায়ী মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰিছে।

ফৰ্বছৰ ভাৰতৰ ১০০ জন ধনী টাইকুনৰ তালিকা অনুসৰি, ২০২৪ চনৰ ৯ অক্টোবৰত, এমালগেমেচনছ পৰিয়ালে ৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে ৬৪ নম্বৰ স্থানত আছে।৮

বিজনেছ টুডেই ইনকৰ্পৰেশ্যনে ছয়গৰাকী মষ্ট পাৱাৰফুল উইমেন অৱ ইণ্ডিয়া ইনকৰ্পৰেশ্যনৰ ভিতৰত স্থান লাভ কৰাৰ বিপৰীতে এছিয়ান বিজনেছ লিডাৰশ্বিপ ফ’ৰামে (এবিএলএফ) এবিএলএফ উইমেন অৱ পাৱাৰ বঁটাৰে সন্মানিত কৰে। ভাৰতৰ আগশাৰীৰ ব্যৱসায়িক টেলিভিছন চেনেল এনডিটিভি প্ৰফিটে তেওঁক ২০১২ চনৰ বছৰৰ ব্যৱসায়িক চিন্তাশীল নেতাৰ সন্মান প্ৰদান কৰে, এনডিটিভি প্ৰফিট ব্যৱসায়িক নেতৃত্ব বঁটাত।৯ ২০১৮ চনত ফৰ্চুন ইণ্ডিয়াই ভাৰতৰ ব্যৱসায়ৰ ক্ষেত্ৰত শক্তিশালী মহিলা সকলৰ ভিতৰত পঞ্চম স্থান লাভ দিয়ে।১০ ২০২০ চনত ইটি প্ৰাইম উইমেন লিডাৰশ্বিপ এৱাৰ্ড ২০২০ত, তেওঁক "বছৰৰ ব্যৱসায়ী" হিচাপে সন্মানিত কৰা হয়।১১

তথ্যসূত্ৰ

  1. ↑ (2021-04-01). TAFE's Mallika Srinivasan to heads PSEB. The Hindu
  2. ↑ (23 November 2011). Ploughshares To Profits. Anuradha Raghunathan. Forbes
  3. ↑ (8 July 2015). Celebrating 100 years of learning. The Hindu
  4. ↑ (8 July 2015). Women's Christian College celebrates 100th year with fanfare. Deccan Chronicle
  5. ↑ A new voice in a tradition bound industry, Mallika Srinivasan, WG'85. The Wharton School, The University of Pennsylvania
  6. ↑ Mallika Srinivasan. The Wall Street Journal
  7. ↑ About Us / The Indira Sivasailam Foundation. The Indira Sivasailam Foundation
  8. ↑ India's 100 Richest. Forbes
  9. ↑ Business Thought Leader of the Year: Mallika Srinivasan. NDTV Profit
  10. ↑ Mallika Srinivasan - Most Powerful Women in 2018 - Fortune India. www.fortuneindia.com
  11. ↑ Mallika Srinivasan awarded 'Businesswoman of the Year' at ETPrime Women Leadership Awards 2020. The Economic Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মল্লিকা শ্ৰীনিবাসন” প্ৰবন্ধৰ সংশোধন ৫০১৬৯১ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।