মনিক আলেকজেণ্ডাৰ (ইংৰাজী ভাষা: Monique Alexander) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী, নগ্ন মডেল আৰু ২০১৭ চনৰ এভিএন (AVN) হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা ব্যক্তি।১ আলেকজেণ্ডাৰ বাক-স্বাধীনতা আৰু যৌন শিক্ষাৰ এগৰাকী পোষকতা কৰা ব্যক্তি হিচাপেও পৰিচিত। তেওঁ এই বিষয়সমূহৰ ওপৰত আলোকপাত কৰি 'ফক্স নিউজ'ত উপস্থিত হোৱাৰ লগতে য়েল বিশ্ববিদ্যালয়ৰ এক বিতৰ্কতো অংশগ্ৰহণ কৰিছিল। প’ৰ্ণগ্ৰাফিক কামৰ উপৰি তেওঁ মূলধাৰাৰ চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব’ত কেইবাটাও কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছে।
কেৰিয়াৰ
যৌন উদ্যোগ
আলেকজেণ্ডাৰে ১৮ বছৰ বয়সত চেক্ৰামেণ্টোত এগৰাকী ষ্ট্ৰিপাৰ হিচাপে প্ৰাপ্তবয়স্ক উদ্যোগত কাম কৰিবলৈ আৰম্ভ কৰিছিল।২ দিনৰ ভাগত ৰিচিপচনিষ্ট হিচাপে কাম কৰি লাভ কৰা উপাৰ্জনৰ পৰিপূৰক হিচাপে তেওঁ এই কাম আৰম্ভ কৰিছিল।৩ ২০০১ চনত তেওঁ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে। কেৱল মহিলা-মহিলাৰ যৌন দৃশ্যাংশত অভিনয় কৰাৰ উপৰি তেওঁ এইচবিঅ’ আৰু চিনেমাক্সৰদ্বাৰা নিৰ্মিত কেইখনমান চফ্টক’ৰ প’ৰ্ণগ্ৰাফিক চলচ্চিত্ৰ যেনে হোটেল ইৰ’টিকা, দা চেক্স স্পা আৰু চেক্স হাউচত অভিনয় কৰিছে।২
আলেকজেণ্ডাৰে ২০০৪ চনৰপৰা ২০০৯ চনলৈ 'ভিভিড এণ্টাৰটেইনমেণ্ট'ৰ সৈতে চুক্তিবদ্ধ আছিল।২৪ কেইবাবছৰ ধৰি কেৱল মহিলা-মহিলা দৃশ্যাংশত অভিনয় কৰাৰ পাছত ২০০৫ চনৰপৰা তেওঁ পুৰুষ-মহিলাৰ দৃশ্যাংশত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁ ২০০২ চনত লাছ ভেগাছত অনুষ্ঠিত 'এভিএন বঁটা' অনুষ্ঠানত ট্ৰফী গাৰ্ল হিচাপে আছিল।২
মূলধাৰাৰ অভিনয়
আলেকজেণ্ডাৰে ২০০২ চনত ষ্টিফেন বাল্ডউইন আৰু কাৰী ৱুহৰেৰৰ সৈতে স্পাইডাৰ্ছ ৱেব নামৰ এখন মূলধাৰাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল।৫
তেওঁ এইচবিঅ’ৰ ধাৰাবাহিক এণ্টুৰাজৰ তৃতীয় ছিজনৰ শেষৰটো খণ্ডত কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল।৫৬ ২০০৭ চনত তেওঁ 'নেচনেল লেম্পুন কমেডী ৰেডিঅ’'ৰ দা ফিল শ্ব’ত স্প’ৰ্টছ ৰিপ’ৰ্টাৰ হিচাপে যোগদান কৰিছিল।৭ ইয়াৰ উপৰি তেওঁ ২০০৯ চনৰ একচনধৰ্মী ছবি ক্ৰেংক: হাই ভল্টেজতো অভিনয় কৰিছিল।৫
ওকালতি
কিশোৰ-কিশোৰীৰ বাবে কেৱল যৌন সংযম কাৰ্যসূচীসমূহ ফলপ্ৰসূ নহয়, আনহাতে সুৰক্ষিত যৌন শিক্ষাৰ কাৰ্যসূচীসমূহ অতি সফল — এনে এক নিৰপেক্ষ অধ্যয়নৰ বিষয়ে আলোচনা কৰিবলৈ আলেকজেণ্ডাৰক 'ফক্স নিউজ'ৰ শ্ব’ ৰেড আই ডব্লিউ/গ্ৰেগ গুটফেল্ডলৈ আমন্ত্ৰণ জনোৱা হৈছিল। আলেকজেণ্ডাৰে এগৰাকী 'ভিভিড গাৰ্ল' হোৱাৰ অৰ্থ আৰু ব্যৱহাৰিক যৌন শিক্ষাৰ প্ৰতি তেওঁৰ পছন্দৰ বিষয়ে আলোচনা কৰিছিল; এই খণ্ডটো ২০০৭ চনৰ ১০ নৱেম্বৰত সম্প্ৰচাৰিত হৈছিল।৮ ২০০৮ চনৰ ১৫ ফেব্ৰুৱাৰীত তেওঁ আৰু ৰন জেৰেমীয়ে ইয়েল বিশ্ববিদ্যালয়ত পৰ্ণগ্ৰাফিক বিৰোধী ক্ৰেগ গ্ৰছ (XXX চাৰ্চৰ প্ৰতিষ্ঠাপক) আৰু এজন প্ৰাক্তন পৰ্ণ প্ৰযোজক ডনি পলিঙৰ বিৰুদ্ধে এই উদ্যোগক প্ৰতিনিধিত্ব কৰি এক বিতৰ্কত অংশ লৈছিল; এই বিতৰ্কটো এবিচি (ABC)ৰ নাইটলাইনত সম্প্ৰচাৰিত হৈছিল।৯১০
২০১৭ চনত আলেকজেণ্ডাৰে এক জনসেৱামূলক প্ৰচাৰত অংশ লৈছিল, য’ত অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ সৈতে যৌন স্বাস্থ্য শিক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ উৎসাহিত কৰা হৈছিল। তাত তেওঁ উল্লেখ কৰিছিল যে ল’ৰা-ছোৱালীয়ে শৈশৱৰ কোনোবা নহয় কোনোবা এটা সময়ত পৰ্ণগ্ৰাফিক দেখাৰ সম্ভাৱনা থাকে, সেয়েহে তেওঁলোকক এই বিষয়ে জনোৱা প্ৰয়োজন যে পৰ্ণগ্ৰাফিকত যি দেখুওৱা হয় সেয়া যৌন আচৰণৰ এক অবাস্তৱ উপস্থাপনহে।১১১২
বঁটা আৰু সন্মান
| বছৰ | বঁটা | বিভাগ | ছবি |
|---|---|---|---|
| ২০০৮ | এভিএন বঁটা (AVN Award) | শ্ৰেষ্ঠ অল-গাৰ্ল চেক্স চিন (Best All-Girl Sex Scene)১৩ | Sex & Violins |
| শ্ৰেষ্ঠ গ্ৰুপ চেক্স চিন (Best Group Sex Scene)১৩ | Debbie Does Dallas... Again | ||
| ২০০৯ | শ্ৰেষ্ঠ কাপল চেক্স চিন (Best Couples Sex Scene)১৪ | Cry Wolf | |
| ২০১১ | শ্ৰেষ্ঠ অল-গাৰ্ল কাপল চেক্স চিন (Best All-Girl Couples Sex Scene)১৫ | Meow! | |
| ২০১৭ | হল অৱ ফেম (Hall of Fame)১ | rowspan=২ | |
| ২০২৪ | ব্ৰেজাৰ্ছ (Brazzers) | হল অৱ ফেম১৬ | |
| ২০২৫ | এক্সবিআইজেড বঁটা (XMA Award) | শ্ৰেষ্ঠ চেক্স চিন - অৰ্গি/গ্ৰুপ (Best Sex Scene - Orgy/Group)১৭ | Brazzers Presents: 20 for 20 |
| এভিএন বঁটা (AVN Award) | শ্ৰেষ্ঠ ফ’ৰচাম/অৰ্গি চিন (Best Foursome/Orgy Scene)১৮ |
তথ্যসূত্ৰ
- ↑ Street, Sharan. (28 December 2016). Class of 2017: The AVN Hall of Fame's Newest Inductees. AVN
- ↑ (30 November 2004). Vivid Signs Monique Alexander to Exclusive Deal. AVN
- ↑ (27 August 2009). Monique Alexander Joins Rising Star PR. AVN
- ↑ Hunter, Tod. (4 August 2009). Monique Alexander Now a Free Agent. XBIZ
- ↑ Wales, George. (3 September 2014). The 50 porn stars turned movie stars. GamesRadar+. পৃ. 6
- ↑ Adams, Eddie. (6 June 2007). Porn Stars Featured on HBO's 'Entourage'. AVN
- ↑ Javors, Steve. (7 October 2007). Monique Alexander Garners Weekly XM Radio Gig. XBIZ
- ↑ Preston, Bob. (10 November 2007). Vivid Star Monique Alexander Appears on Fox News. XBIZ
- ↑ (February 11, 2008). Sex Week at Yale Schedules a 'Vivid Day' with Appearances by Top Adult Stars and Their Boss on Saturday, February 16th. Business Wire
- ↑ Lee, Jihae. (22 February 2008). Yale Grants Self One Week of Fun. The Harvard Crimson
- ↑ (6 June 2017). Why This Porn Star Wants Parents to Talk to Their Kids About Sex. Men's Health
- ↑ (2 June 2017). Porn star Monique Alexander warns parents to inform their kids about sex .. before she does. Toronto Sun
- ↑ Rutter, Jared. (13 January 2008). 2008 AVN Awards Winners Announced. AVN
- ↑ Sullivan, David. (11 January 2009). 2009 AVN Award-Winners Announced. AVN
- ↑ (9 January 2011). AVN Announces the Winners of the 2011 AVN Awards. AVN
- ↑ Brazzers Announces Hall of Fame Class of 2024 AVN
- ↑ (January 20, 2025). 2025 XMA Winners Announced
- ↑ 2025 AVN Award Winners Announced
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনিক আলেকজেণ্ডাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৩৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।